সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নাৰী অধিকাৰ কৰ্মী তথা সমাজকৰ্মী জুনু বৰালৈ ৰাজাবালা দাস বঁটা

গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, অসমৰ স্ত্ৰীশিক্ষাৰ পথিকৃত, স্বাধীনতা সংগ্ৰামী আৰু নাৰী স্বাধীনতা আন্দোলনৰ নেত্ৰী ৰাজবালা দাসৰ সোঁৱৰণত ১৩৩ সংখ্যক জন্মদিন উপলক্ষে ৮ মাৰ্চ আন্তজাৰ্তিক নাৰী দিৱসৰ দিনা নাৰী অধিকাৰ কৰ্মী, বিশিষ্ট লেখিকা, সমাজকৰ্মী জুনু বৰাক ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়৷ এই উপলক্ষে গুৱাহাটীৰ মাছখোৱা আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত এটি জনাকীৰ্ণ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰা হয়৷ মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাজবালা দাস স্মৃতি ন্যাস সমিতিয়ে বঁটা প্ৰদানৰ লগতে Women Empowerment : Illusion and Reality শীৰ্ষক বক্তৃতাৰ আয়োজন কৰে৷ বক্তৃতাটি প্ৰদান কৰে বিশিষ্ট লেখক, চিন্তাবিদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক উদয়ন মিশ্ৰই৷
সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ৰাজবালা দাস স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ডঃ ৰঞ্জিত দাস, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি সুব্ৰতা ভট্টাচাৰ্যৰ লগতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আছিল বঁটাপ্ৰাপক জুনু বৰা আৰু প্ৰধান বক্তা উদয়ন মিশ্ৰ, ৰাজবালা দাসৰ নাতি দেৱজিত দাস আৰু কলেজ শিক্ষক গোটৰ সভাপতি জয়ন্ত মান্তা৷ অনুষ্ঠানটি আৰম্ভ হয় সন্দিকৈ কলেজৰ ছাত্ৰীসকলে পৰিৱেশন কৰা থিম চঙেৰে৷ আদৰণী ভাষণ প্ৰদান কৰি অধ্যক্ষই বঁটাপ্ৰাপক জুনু বৰা, মূল বক্তা ডঃ উদয়ন মিশ্ৰকে ধৰি নিমন্ত্ৰিত অতিথি, সংবাদসেৱী আৰু ছাত্ৰীসকলক অনুষ্ঠানলৈ আদৰণী জনায়৷ প্ৰতিষ্ঠাপক অধ্যক্ষা ৰাজবালা দাসৰ জীৱন আৰু কৰ্মৰ বিষয়ে চমু আলোকপাত কৰে জয়ন্ত মান্তাই৷ সেই সভাতে ৰাজবালা দাসৰ বিষয়ে ‘ৰাজবালা’ নামৰ এখনি স্মৰণিকা উন্মোচন কৰা হয়৷ সভাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ২০২৪ বৰ্ষৰ পৰা আৰম্ভ হোৱা ৰাজবালা দাস ৰাষ্ট্ৰীয় বঁটা আৰু বক্তৃতানুষ্ঠানৰ লগতে এই বৰ্ষৰ বঁটাপ্ৰাপক সন্দৰ্ভত তিনি মিনিটৰ ভিডিঅ’ পৰিবেশন কৰা হয়৷ বঁটাত সম্বদ্ধৰ্না পত্ৰৰ লগতে আছে নগদ পঞ্চাশ হাজাৰ টকা, বিশেষ ভাস্কৰ্যৰে নিৰ্মিত এটি স্মাৰক, আৰু এখন এড়ী চাদৰ৷
বিশিষ্ট লেখিকা, নাৰী অধিকাৰ কৰ্মী তথা সমাজকৰ্মী জুনু বৰাই বঁটা গ্ৰহণ কৰি তেওঁক বঁটাৰ বাবে নিবাৰ্চন কৰা বাবে উদ্যোক্তাসকলক ধন্যবাদ জনাই বৰ্তমান একবিংশ শতিকাতো নাৰীৰ প্ৰতি পিতৃতান্ত্ৰিক বৈষম্য চলাই থকা হৈছে আৰু তাৰ ফলত মহিলাসকল পদে পদে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে৷ নাৰীৰ সমস্যাসমূহ কেৱল নাৰীৰ সুকীয়া সমস্যা নহয়, সমগ্ৰ সমাজৰ সমস্যা৷ গতিকে ইয়াৰ সমাধানৰ দায়িত্ব পুৰুষ-নাৰী উভয়ৰে আছে৷ অসমৰ অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ৰাজবালা দাসৰ দৰে মহিলা নেত্ৰীসকলে তাহানিয়েই মহিলাক শিক্ষা-দীক্ষাৰে পুৰুষৰ সমানে আগবঢ়াই নিয়াৰ বাবে যি প্ৰচেষ্টা চলাইছিল তাক সোঁৱৰাই দিয়ে আৰু নাৰীক সবলীকৰণৰ মাজেৰে সমতাৰ দিশত আগুৱাই নিয়াৰ প্ৰয়োজনীয়তা দাঙি ধৰে৷ তেওঁৰ উসাহজনক আৰু উদাত্ত ভাষণত নাৰী-পুৰুষৰ সমতাৰ বাবে আগবাঢ়ি আহিবলৈ সকলো সমাজপ্ৰেমীক আহবান জনায়৷
অধ্যাপক উদয়ন মিশ্ৰই ‘নাৰী সবলীকৰণঃ বাস্তৱ আৰু বিভ্ৰম’ বিষয়ত বক্তৃতা প্ৰদান কৰি কয় যে সবলীকৰণৰ নামত নাৰীয়ে এতিয়াও বহু সামাজিক, ৰাজনৈতিক নিৰ্যাতনৰ বলি হৈছে৷ কিছু অধিকাৰ নাৰীয়ে লাভ কৰিছে যদিও বহু আইন-আঁচনিৰ যথাযথ ৰূপায়ণ হোৱা নাই৷ অনাৰ কিলিং, হত্যা, নিৰ্যাতন, যৌন হিংসা আদি দিনকদিনে বৃদ্ধি পাইছে৷ সকলো গণতান্ত্ৰিক আন্দোলনত নাৰীয়ে অংশগ্ৰহণ কৰিলেও সিদ্ধান্তগ্ৰহণত নাৰীৰ ভূমিকা পুতৌজনক৷ সেইদৰে নাগালেণ্ডত কাষ্টমাৰী আইনৰ বাবে মহিলাৰ আসন সংৰক্ষণ কাৰ্যকৰী হোৱা নাছিল৷ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত নাৰীৰ যথোচিত অংশগ্ৰহণ নোহোৱাৰ ফলত নাৰী আজিও সবলীকৰণৰ কাষ চাপিব পৰা নাই৷ সকলো ক্ষেত্ৰতে অধ্যাপক আৰু ছাত্ৰীসকলে শৃঙ্খলাবদ্ধভাৱে পৰিচালনা কৰা এই অনুষ্ঠানটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷

Leave A Reply

Your email address will not be published.