সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

২৭ বছৰ পুৰণি এটা এনকাউন্টাৰৰ কাহিনী

শেহতীয়াকৈ অতি সক্ৰিয় হৈ উঠিছে অসম আৰক্ষী ৷ যোৱা ২৪ ঘন্টাত এইখন অসমত সংঘটিত হৈছে ৩ টাকৈ এনকাউন্টাৰৰ ঘটনা ৷ এটা মাহত ১৫ টাকৈ এনকাউন্টাৰৰ বাতৰিয়ে শিৰোণাম দখল কৰিছে ৷ নিহত হৈছে ৩ জন অভিযুক্ত ৷ কেবাজনো গুৰুতৰভাবে আহত ৷ ছিণ্ডিকেটৰ খলনায়কৰ পৰা আৰম্ভ কৰি ধৰ্ষণকাৰী , অপহৰনকাৰীলৈ বহুকেইজন অভিযুক্ত কম দিনৰ ভিতৰতে গুলীবিদ্ধ হৈছে ৷ আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে অপৰাধীকেইজনে হয় পলাবলৈ চেষ্টা কৰিছে , নহয় অস্ত্ৰ কাঢ়ি নিবলৈ বিচাৰিছে ৷ এনে প্ৰেক্ষাপটতে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছে ৷ ধাৰাবাহিক এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈ থকাৰ মাজতে আকৌ এবাৰ চৰ্চালৈ আহিছে ২৭ বছৰ পূৰ্বে অসম জোকাৰি যোৱা আন এটা এনকাউন্টাৰৰ কাহিনী ৷ এই এনকাউন্টাৰ সংঘটিত হৈছিল তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৷ যাক জনা যায় ডাঙৰী এনকাউন্টাৰ হিচাপে ৷


১৯৯৪ চনৰ ফেব্ৰুৱাৰী মাহ ৷ অসম ফ্ৰন্টিয়াৰ টী লিমিটেডৰ মেনেজাৰ ৰামেশ্বৰ সিঙক উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিল ৷ অভিযোগ উঠিল আলফাৰ বিৰুদ্ধে ৷ সেইসময়ত তিনিচুকীয়াৰ ঢলাত থকা ১৮ পঞ্জাৱ ৰেজিমেন্টৰ সেনাই অপৰাধীক কৰায়ত্ত কৰিবলৈ তিনিচুকীয়াৰ গাৱে গাৱে অভিযান আৰম্ভ কৰিলে ৷ ১৭ ফেব্ৰুৱাৰীৰ দিনা প্ৰথমতে গ্ৰেপ্তাৰ কৰিলে প্ৰকাশ শৰ্মা নামৰ এজন ব্যৱসায়ীক ৷ তেও ৰামেশ্বৰ সিঙে কাম কৰা বাগানত ইটা – শিলৰ যোগান ধৰিছিল ৷ ৰেজিষ্টাৰ বুকত প্ৰকাশ শৰ্মাৰ নাম দেখি সন্দেহবশত: সেনাই তেওক ঘৰৰ পৰা উঠাই আনিলে ৷ তাৰ পাছত তিনিচুকীয়াৰ আন আন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হ’ল আন নজন যুৱকক ৷ তেওলোক জড়িত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে ৷ দুদিনৰ ভিতৰত সেনাই উঠাই নিয়া যুৱক কেইজন আছিল প্ৰবীণ সোণোৱাল , প্ৰদীপ দত্ত , দেৱজিৎ বিশ্বাস , অখিল সোণোৱাল , দেৱজিৎ বিশ্বাস , ভবেন মৰাণ ,মাথেশ্বৰ মৰাণ. গুণীন হাজৰিকা , মনোৰঞ্জন দাস ৷ প্ৰবীণ সোণোৱাল স্থানীয় আছু নেতা হিচাপে পৰিচিত ৷ সেনাই ৯ জন যুৱকক উঠাই নিয়াৰ খবৰ পোৱাৰ পাছতে শংকিত হৈ পৰিল তেতিয়াৰ অগপ বিধায়ক , সদৌ অসম ছাত্ৰ সন্থাৰ উপ –সভাপতি তথা বৰ্তমান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ৷

- Donation -

তেও এছ পি , ডিচি সকলোৰে সৈতে যোগাযোগ কৰিলে – সেনাই উঠাই নিয়া যুৱককেইজনৰ সন্ধান বিচাৰি ৷ ২১ ফেব্ৰুৱাৰীৰ দিনা স্থানীয় আৰক্ষীয়ে নিশ্চিত কৰিলে যে আটাইকেইজন যুৱক সেনাৰ জিন্মাত আছে ৷ এইবাৰ আহি পৰিল নতুন ভয় ৷ কেনেবাকৈ সেনাৰ নিৰ্মম অত্যাচাৰৰ সন্মুখীন হৈছে নেকি যুৱককেইজন ? ২২ ফেব্ৰুৱাৰীত জগদীশ ভূঞা কাষ চাপিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এন ফুকন আৰু এ কে পাটনায়কৰ বিচাৰপীঠে আটাইকেইজন যুৱকক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাবলৈ সেনাক নিৰ্দেশ দিলে ৷ সেইদিনাই সেনা বাহিনীয়ে ভিন ভিন স্থানত মুকলি কৰি দিয়ে প্ৰকাশ শৰ্মা , মনোৰঞ্জন দাস , গুণীন হাজৰিকা আৰু মতেশ্বৰ মৰাণক ৷

কিন্তু বাকী পাচজন যুৱক জীৱিত অৱস্থাত ঘূৰি নাহিল ৷ প্ৰবীণ সোণোৱাল , প্ৰদীপ দত্ত , দেৱজিৎ বিশ্বাস , অখিল সোণোৱাল আৰু ভবেন মৰাণৰ গুলীবিদ্ধ মৃতদেহ পোৱা গ’ল ডিব্ৰু চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৷

জগদীশ ভূঞা অকৌ ন্যায়ালয়ৰ দাৰস্থ হ’ল ৷ আদালতত তেও অভিযোগ তুলিলে যে পাচজন নীৰিহ যুৱকক সেনাই হত্যা কৰিছে ৷ সেনাৰ এটা দলে যুৱককেইজনক এখন নাৱত তুলি ডাঙৰী নদীৰ সিপাৰৰ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ গৈছে আৰু তাতেই নৃশংসভাবে হত্যা কৰিছে ৷ নাওখনৰ নাৱৰীয়া মোকা মুৰাহ আৰু ৰত্ন মৰাণো নিখোজ হৈ আছে ৷ সেনা বাহিনীয়ে তাক নাম দিলে ডাঙৰী এনকাউন্টাৰৰ ৷ কিন্তু পোষ্ট মৰ্টেম ৰিপোৰ্টত প্ৰকাশ পালে আন কেতবোৰ ভয়ংকৰ তথ্য ৷ যুৱক কেইজনৰ জিভা কাটি পেলোৱা হৈছে , আঠু মোহাৰি দিছে , চকু খান্দি উলিয়াই অনা হৈছে ৷ পাচোজন যুৱকক যে শীতল মস্তিষ্কৰে হত্যা কৰা হৈছে – মৰণোত্তৰ প্ৰতিবেদনত সেয়া জলজল পটপট হৈ পৰিল ৷

জগদীশ ভূঞাই আইনী যুঁজখন এৰি নিদিলে ৷ ন্যায়ালয়ে উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিলে চিবিআাইক ৷ দীঘলীয়া সময়ৰ অনুসন্ধানৰ পাছত চিবি আয়ে আদালতত কেবাজনো সেনা বিষয়াৰ বিৰদ্ধে চাৰ্জশ্বীট দাখিল কৰিলে ৷ ২০১৮ চনৰ জুলাই মাহত ভাৰতীয় সেনা বাহিনীৰ দিনজানত থকা কেম্পত অভিযুক্ত সেনা বিষয়া কেইজনৰ বিৰুদ্ধে কোৰ্ট মাৰ্শ্বেল আৰম্ভ হ’ল ৷ বিচাৰ প্ৰক্ৰিয়াত ওলাই পৰিল যে ডাঙৰীৰ তথাকথিত এনকাউন্টাৰৰ নামত পাচজন অসমীয়া যুৱকক শীতল মস্তিষ্কৰে অকথ্য নিৰ্যাতন চলাই হত্যা কৰা হৈছিল ৷ এই ঘটনাত জড়িত আছিল সাতজন উচ্চপদস্থ সেনা বিষয়া ৷ মেজৰ জেনেৰেল এ কে লাল , কৰ্ণেল থমাছ মেথিউ, কৰ্ণেল আৰ এছ ৰবিন , কেপ্তেইন দিলীপ সিঙ, কেপ্তেইন জগদেউ সিঙ , নায়ক অলবিন্দৰ সিঙ আৰু নায়ক শিবেন্দৰ সিঙ দোষী সাব্যস্ত হ’ল ৷ অৱশেষত ২০১৮ চনৰ ১৪ অক্টোবৰত সেনাৰ আদালতে আটাইকেইজন সেনা বিষয়াক যাৱজ্জীৱন কাৰাদণ্ড শুনালে ৷ এনেদৰে ২৪ বছৰ আগতে তথাকথিত ডাঙৰী এনকাউন্টাৰত নিহত পাচজন অসমীয়া যুৱকৰ পৰিয়ালে ন্যায় পালে ৷


এই ঘটনাৰ আজি সাতাইশ বছৰ পাৰ হৈ গ’ল ৷ বহুতে পাহৰিও পেলাইছে সেই লোমহৰ্ষক হত্যাকাণ্ডৰ স্মৃতি ৷ কিন্তু আকৌ এনকাউন্টাৰৰ বাতৰিয়ে শিৰোণাম দখল কৰিবলৈ লোৱা সময়ত পুণৰ চৰ্চালৈ আহিছে ডাঙৰী এনকাউন্টাৰৰ নামত সংঘটিত নৃশংস হত্যাকাণ্ডৰ কাহিনী ৷ যদিও এতিয়াৰ ঘটনাৱলীৰ ডাঙৰীৰ হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নাই তথাপিও এনকাউণ্টাৰৰ কথা শুনিলেই আজিও শিয়ৰি উঠে ৯০ ৰ দশক পাৰ কৰি অহা প্ৰতিজন অসমীয়া ৷

Leave A Reply

Your email address will not be published.