কটন হোষ্টেলৰ সন্মুখত পুলিচৰ গুলীত কেনেকৈ প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰীয়ে?

আজি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুদিন৷১৯৬০ চনৰ আজিৰ দিনটোতে কটন কলেজৰ হোষ্টেলৰ সন্মুখত পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰীয়ে৷

১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ সময়ত কটন কলেজৰ ছাত্ৰ আছিল। ১৯৬০ চনত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা দাৱীত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে জোৰদাৰ আন্দোলন গঢ় লৈ উঠিছিল। কটন কলেজো ইয়াৰ পৰা দূৰত নাছিল। আন্দোলনত অংশগ্ৰহণ কৰা একাংশ ছাত্ৰ দ’লক নিয়ন্ত্ৰণ কৰিবলৈ পুলিছে গুলি চালনা কৰা এক ঘটনাত ছাত্ৰবাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰীৰ শ্বহীদ হৈছিল।

 

ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দাবীত এক প্ৰবল আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’ৰাজ্য পুনৰগঠন আইন, ১৯৫৬’ বলৱৎ হোৱাত এই আন্দোলন  অধিক তীব্ৰতৰ হৈ উঠিছিল৷ ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি অসম সাহিত্য সভাই অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। এই আন্দোলনত অসমৰ সর্বস্তৰৰ ৰাইজৰ লগতে জপিয়াই পৰিছিল ছাত্ৰ সমাজ৷ছাত্ৰৰ অংশগহণে অধিক শক্তিশালী কৰি তুলিছিল অসমৰ ভাষা আন্দোলন৷এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা  কটন কলেজৰ ছাত্ৰ ৰঞ্জিত বৰপূজাৰীয়ে কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যু বৰণ কৰে। ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে ঘোষণা কৰা হয়। আন্দোলনৰ ফলশ্ৰুতিত অসম চৰকাৰী ভাষা আইন, ১৯৬০ প্ৰণয়ন হয় আৰু অসমীয়া ভাষাক ইংৰাজী ভাষাৰ সৈতে অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296