সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সংবাদ মাধ্যমক কোনে ভয় কৰে?

ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷ অৰ্থাৎ সংবাদ মাধ্যমৰ স্বাধীনতাৰ দিশৰ পৰা ভাৰত বিশ্বৰ আটাইতকৈ তলৰ শাৰীত আছে৷ কেৰালাৰ ছিদ্দিক কাপানৰ পৰা আৰম্ভ কৰি গুৱাহাটীত দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰলৈকে সংবাদ মাধ্যমৰ দমনৰ অলেখ উদাহৰণেৰে ভৰি আছে ভাৰতৰ শেহতীয়া ইতিহাস৷ অনেক সাংবাদিকৰ ওপৰত জাপি দিয়া হৈছে ইটোৰ পাছত সিটো গোচৰ৷ গৌৰী লংকেশৰ দৰে সাংবাদিকক হত্যা কৰা হৈছে৷ ইয়াৰ পাছত সংবাদ মাধ্যমৰ স্বাধীনতা কি পৰ্যায়ত থাকিব পাৰে সেয়া সহজেই অনুমেয়৷ অসমৰ শেহতীয়া ঘটনাও নিশ্চয় ইয়াৰ ব্যতিক্ৰম নহয়৷
আচলতে ভাৰতৰ সংবাদ মাধ্যম কোনো কালেই স্বাধীন নাছিল৷ ভাৰতীয় সংবিধানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ বিষয়ে কোনো স্পষ্ট উল্লেখ নাই৷ সংবিধানৰ ১৯ নং অনুচ্ছেদত যি বাক স্বাধীনতাৰ অধিকাৰৰ কথা কোৱা হৈছে, তাৰ ভিতৰতো আৰোপ কৰা হৈছে চৰ্তৰ উপৰি চৰ্ত, অনেক বাধা–নিষেধ৷ যেনে-দেশৰ ঐক্য বা সাৰ্বভৌমত্বৰ পৰিপন্থী কোনো কথা লিখিব বা চপাব নোৱাৰিব, ৰাষ্ট্ৰৰ নিৰাপত্তা বিঘ্নিত হোৱা বিষয়ৰ কোনো আলোচনা নচলিব, ভাৰতৰ বৈদেশিক সম্পৰ্ক যাতে বিঘ্নিত নহয়, তাক লৈ সজাগ হৈ থাকিব লাগিব ইত্যাদি ইত্যাদি৷ ইয়াৰ উপৰি মানহানি, আদালত অৱমাননা আদি হাজাৰটা বাধা–নিষেধ আছেই৷ এই চৰ্ত, বাধা নিষেধ সমূহেই হ’ল ৰাষ্ট্ৰৰ অস্ত্ৰ৷
প্ৰতিটো চৰ্ত, বাধা নিষেধৰ আলম লৈ তেওলোকে সংবাদ মাধ্যমৰ ওপৰত চেঞ্চৰশ্বিপ চলাব পাৰে৷ দেখাত বাক স্বাধীনতাৰ অনুচ্ছেদ সংবিধানত এতিয়াও বাহাল ৰখা হৈছে৷ কিন্তু ইখনৰ পাছত সিখন দানৱীয় আইনেৰে কিদৰে নাগৰিকসকলক ক্ৰীতদাসৰ পৰ্যায়লৈ অৱনমিত কৰা হৈছে, সেয়া সকলোৰে চকুৰ আগত ঘটি থকা ঘটনা৷ এই বিষয়টো গভীৰলৈ উপলব্ধি কৰিলেই ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা মানে আচলতে কি, সেয়া উন্মোচিত হৈ পৰিব৷ সংকুচিত, অৱদমিত যৎসামান্য স্বাধীনতাক অৱলম্বন কৰিয়েই ভাৰতীয় সংবাদ মাধ্যমে এতিয়ালৈকে বাট বুলি আছে৷ এনেকৈয়ে পাৰ কৰিছে জৰুৰীকালীন সময়ৰ দৰে অন্ধকাৰ এছোৱা অধ্যায় ৷
আমেৰিকাৰ দৰে দেশত সংবিধানে সংবাদ মাধ্যমৰ স্বাধীনতাক সুৰক্ষা দিছে৷ মাৰ্কিন সংবিধানৰ প্ৰথম সংশোধনীতেই সংবাদ পত্ৰৰ স্বাধীনতাক মৌলিক অধিকাৰৰ স্বীকৃতি দিয়া হৈছে৷ কেৱল মৌলিক অধিকাৰেই নহয়, আমেৰিকাৰ সংবিধান মতেই চৰকাৰে এনে কোনো আইন প্ৰণয়ন কৰিব নোৱাৰে, যাৰ সহায়ত সংবাদ মাধ্যমক তেওলোকৰ ইচ্ছাৰ বিৰুদ্ধে কিবা লিখিবলৈ বাধ্য কৰাব পাৰিব৷জনস্বাৰ্থ জড়িত বিষয়ত সংবাদ মাধ্যমৰ ওপৰত কোনো ফৌজাদাৰী বা মানহানি মোকৰ্দমা তৰিব নোৱাৰিব৷ খবৰৰ উত্স বিচাৰি সংবাদিকৰ ওপৰত হেচা প্ৰয়োগ কৰিব নোৱাৰিব৷ আনকি আদালত কক্ষত সাংবাদিকৰ প্ৰৱেশৰ অবাধ স্বাধীনতা থাকিব৷
এই স্বাধীনতাৰ বাবেই ভিয়েটনাম যুদ্ধৰ সময়ত ৱাশ্বিঙটন পোষ্টৰ দৰে কাকতে চৰকাৰৰ মিথ্যাচাৰ উদঙাই দি কৈছিল যে মাৰ্কিন প্ৰশাসনে কেৱল মিছা কথা কৈ আছে, এই যুদ্ধত আমেৰিকাৰ পৰাজয় অৱধাৰিত৷ এই বাতৰিৰ পাছতে জনমতৰ হেঁচাত ৰাষ্ট্ৰপতি জনছনে পদত্যাগ কৰিবলগীয়া হৈছিল৷ যুদ্ধৰ সময়ত এনে বাতৰি পৰিৱেশন কৰাৰ বাবে ৱাশ্বিঙটন পোষ্টক দেশ বিৰোধী বুলি অভিহিত কৰা হোৱা নাছিল৷ বৰং বাতৰি পৰিৱেশন কৰা সাংবাদিক হেৰিছন চলচেৰিক পুলিৎজাৰ বটাৰে সন্মনিত কৰা হৈছিল৷
আমেৰিকাৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ তুলনাত ভাৰতৰ সংবাদ মাধ্যমে যেন মুষ্টিভিক্ষা কৰিহে অলপ–অচৰপ স্বাধীনতা উপভোগ কৰিব পাৰিছে৷ ভাৰতৰ সংবাদ মাধ্যমৰ যি যৎসামান্য স্বাধীনতা আছে, তাকো পাকে প্ৰকাৰে কুক্ষিগত কৰাৰ নিকৃষ্ট চক্ৰান্ত কৰা হৈছে৷ ভাৰতৰ সাংবাদিকৰ মোবাইলত পেগাছাছৰ দৰে ছফটৱেৰ সংস্থাপিত কৰা হৈছে৷ মানে এইবাৰ সাংবাদিকৰ খবৰৰ উৎসৰ ওপৰত চৰকাৰৰ নজৰদাৰী আৰম্ভ হৈছে৷ মহাশক্তিমান চৰকাৰ এখনৰ মুষ্টিমেয় কেইজনমান সাংবাদিকৰ প্ৰতি এয়া ভয়ৰ প্ৰতিফলন নহয়নে? আনকি পেগাছাছৰ ৰায়দানত উচ্চতম ন্যায়ালয়েও বাধ্য হৈ খবৰৰ উৎসৰ সুৰক্ষাৰ কথা উল্লেখ কৰিবলগীয়া হৈছে৷ সাংবাদিক আৰু সংবাদ মাধ্যমৰ স্বাধীনতাক অৱদমন কৰাৰ এয়া এটা নতুন পৰ্যায় দেখিবলৈ পোৱা গ’ল এইবাৰ অসমত৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিদৰে ভুৱা গোচৰ জাপি দি সাংবাদিকক কাৰাৰুদ্ধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে, সেয়া এক অশুভ সময়ৰ আগজাননী৷ যদি এনেকৈ সংবাদ মাধ্যমক চেপি খুন্দি নিঃশেষ কৰাৰ চক্ৰান্ত এখন চৰকাৰে আৰম্ভ কৰে, তেনেহ’লে সংবাদ মাধ্যমৰ স্বাধীনতাক সুৰক্ষা দিয়াৰ দায়িত্বও ল’ব লাগিব জনতাই৷

Leave A Reply

Your email address will not be published.