চীনৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে ৷ ইয়াৰ অংশ হিচাপে লাডাখ সীমান্তলৈ অতিৰিক্ত সেনা প্ৰেৰণ কৰা হৈছে ৷ চীনেও ইতিমধ্যে সীমান্তত ৫ হাজাৰ সেনা নিয়োগ কৰিছে ৷ দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড ট্ৰাম্পে ভাৰত আৰু চীনৰ মাজত মধ্যস্থতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এক টুইটত উল্লেখ কৰে যে ভাৰত আৰু চীনৰ মাজত উদ্ভৱ হোৱা সীমা বিবাদ মিমাংসাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা ল’বলৈ আমেৰিকা আগ্ৰহী আৰু সক্ষম ৷
We have informed both India and China that the United States is ready, willing and able to mediate or arbitrate their now raging border dispute. Thank you!
— Donald J. Trump (@realDonaldTrump) May 27, 2020
Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.