সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আমেৰিকাত ক’ৰোনাত মৃত্যু ১ লক্ষাধিকৰ

আমেৰিকাত ক’ৰোনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰিছে ৷ যোৱা ২১ জানুৱাৰীত দেশখনৰ ৱাশ্বিঙটনত প্ৰথমটো ক’ৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল ৷ তাৰ পাছত আজিৰ দিনটোলৈ আমেৰিকাৰ ১৬.৯ লাখ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,০০,২৭৬ লোকৰ মৃত্যু হৈছে ৷ জনছ হপকিনছ ইউনিভাৰ্ছিটীৰ তথ্য এয়া৷ আমেৰিকাত মৃত্যুৰ হাৰ আন বহু দেশতকৈ বেছি ৷ সমগ্ৰ বিশ্বত এতিয়ালৈকে ৫.৬ মিলিয়ন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৫৪,৯৮৩ গৰাকীৰ এতিয়ালৈকে মৃত্যু হৈছে ৷ ভাৰততো ১.৫৮ লাখ লোক ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু এতিয়ালৈকে ৪,৫৩১ জন লোকৰ মৃত্যু হৈছে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.