সাম্প্ৰদায়িক, বিদ্বেষমূলক খবৰ প্ৰচাৰ কৰা মিডিয়াৰ বিৰুদ্ধে ছুপ্ৰীম ক’ৰ্ট

Share This Article

ক’ৰোনা মহামাৰীয়ে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে একাংশ লোকে ইলেকট্ৰনিক, প্ৰিণ্ট আৰু ছচিয়েল মিডিয়াৰ যোগেদি সাম্প্ৰদায়িক তথা বিদ্বেষমূলক খবৰ প্ৰকাশ কৰি আহিছে। তাৰ মাজতেই বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়া আৰু নিউজ ব্ৰডকাষ্টাৰ্ছ এছচিয়েছনৰ পৰা এইক্ষেত্ৰত লোৱা পদক্ষেপসমূহৰ প্ৰতিক্ৰিয়া বিচাৰে।
জমিয়ত উলেমা হিন্দে এই সন্দৰ্ভত ছুপ্ৰীম কৰ্টত এখন লেখ আবেদন কৰিছিল। হিন্দৰ হৈ জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত ডাভে মুখ্য ন্যায়াধীষ এছ এ বোবডে আৰু ন্যায়াধীশ এ এছ বোপান্না বেঞ্চক জনাই যে একাংশ টিভি চেনেলে সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱাইছে বিভিন্ন খবৰৰ যোগেদি, বিশেষকৈ তবলীগী জামাতৰ মাৰ্কাজৰ পিছত । ছ’চিয়েল মিডিয়াত এইধৰণৰ বিয়োগাত্মক বিদ্বেষী খবৰ প্ৰচাৰৰ ফলত সমাজত সাম্প্ৰদায়িক সদভাৱৰ অপূৰণীয় যি ক্ষতি কৰিছে, সেই সম্পৰ্কত ছুপ্ৰীম কৰ্টক বিশেষ নজৰ দিবলৈ বাৰে বাৰে কৈছে।
এই সন্দৰ্ভত ডাভেক ছুপ্ৰীম কৰ্টে জনাই যে ইতিমধ্যে কৰ্টে এই বিষয়ত গুৰুত্ব আৰোপ কৰি আগবাঢ়িছে। বাৰে বাৰে কোৱাৰ প্ৰয়োজন নাই। বিচাৰপীঠ খনে লগতে কয় যে সাম্প্ৰদায়িক আৰু সংবেদনশীল বাতৰি পৰিৱেশন কৰা টিভি চেনেলবোৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ”কেবল টিভি (ৰেগুলেশ্যন) অধিনিয়ম” অনুসৰি কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত অহা দুসপ্তাহৰ ভিতৰত প্ৰতিক্ৰিয়া বিচৰা হৈছে কেন্দ্ৰৰ পৰা। ভুৱা বাতৰি আৰু সাম্প্ৰদায়িক খৱৰ প্ৰচাৰ কৰি সমস্যা সৃষ্টি কৰা কোনো চেনেলকেই কোনোপধ্যেই অনুমতি দিয়া নহ’ব বুলি প্ৰকাশ কৰিছে ছুপ্ৰীম কৰ্টে।
উল্লেখ্য যে, আবেদনকাৰীয়ে এইক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণ কৰিবলৈ ইউনিয়ন হোম এণ্ড ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰীক প্ৰত্যক্ষভাৱে নিৰ্দেশ দিবলৈও ছুপ্ৰীম কৰ্টক অনুৰোধ জনাইছে ।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.