সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি ত্যাগৰ ‘অজুহাত’ লাগে উমা ভাৰতীক !

মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ’ল দুয়োখন সদনতে।এই বিধেয়ক আইন হৈ কেতিয়া কাৰ্যকৰী হয়,সেয়া পিছৰ কথা কিন্তু বিজেপি চৰকাৰে লৰাঢপৰা কৰি হ’লেও কাৰ্যকৰী কৰিলে বিধেয়কখন।এতিয়া মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীক লাগে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ।টুইটাৰত এই আহ্বান বিজেপিৰ প্ৰাক্তন সাংসদ উমা ভাৰতীৰ। মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীয়ে অহা ২৩ছেপ্টেম্বৰত এই বিষয়ত আলোচনা অনুষ্ঠিত হ’ব বুলিও উল্লেখ কৰে।উল্লেখ্য যে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাৰ লগে লগে লোকসভা আৰু বিধানসভাৰ এক তৃতীয়াংশ আসন সংৰক্ষিত হ’ব মহিলা সকলৰ বাবে। বিজেপি নেত্ৰীগৰাকীয়ে তেওঁৰ বাসভৱনত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ বিষয়টো উল্লেখ কৰি লিখিছে ‘ মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পিছতে অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ সংৰক্ষণৰ বাটটো মুকলি হ’ল।বিষয়টো সম্পৰ্কত আলোচনা কৰিবলৈ অন্যান্য পিছপৰা জাতিৰ নেতাসকল একেলগে বৈঠকত মিলিত হ’ব।’উল্লেখযোগ্য যে বিগত বৰ্ষত উমা ভাৰতীয়ে তেওঁৰ দলৰ চৰকাৰকেই কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।ৰাজহুৱা স্থানত সুৰাৰ দোকান খোলা বিষয়টোক লৈ তীব্ৰ আপত্তি কৰিছিল উমা ভাৰতীয়ে।শিৱৰাজ সিং চৌহান চৰকাৰে উমা ভাৰতীৰ প্ৰতিবাদৰ পিছতেই সমগ্ৰ সুৰা নীতিকেই সলনি কৰিবলৈ বাধ্য হৈছিল।তদুপৰি সুৰাৰ বিপনীৰ লগত থকা সকলো সুৰাৰ দোকান বন্ধ কৰিবলৈ বাধ্য হৈছিল মধ্যপ্ৰদেশ চৰকাৰ।শেহতীয়াকৈ উমা ভাৰতীয়ে জন আশীৰ্বাদ যাত্ৰাত তেওঁক অংশ ল’বলৈ নিমন্ত্ৰণ নকৰা বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল।মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী নিজৰ দল বিজেপিৰ কৰ্মকাণ্ডক লৈ তীব্ৰ অসন্তুষ্ট।দলৰ সভাপতি জে পি নাড্ডাই অংশ লোৱা দলৰ ৰাজ্যিক নেতৃত্বই আহ্বান কৰা বিগত ৩ ছেপ্টেম্বৰৰ জনআশীৰ্বাদ যাত্ৰাত অনিমন্ত্ৰিত হৈয়ে থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতী।তেওঁক এই যাত্ৰালৈ নিমন্ত্ৰণ নকৰা সম্পৰ্কত মন্তব্য দি উমা ভাৰতীয়ে কয় ‘ তেওঁলোক হয়তো মোক লৈ নাৰ্ভাছ হৈছে।তেওঁলোকে হয়তো ভাবিছে মই যদি উপস্থিত থাকো জনতাৰ দৃষ্টি মোৰ ফালে নিবদ্ধ হ’ব।’২০০৩ চনত তেওঁৰ নেতৃত্বতেই কংগ্ৰেছক আঁতৰাই মধ্যপ্ৰদেশত বিজেপি ক্ষমতালৈ আহিছিল বুলি দাবী কৰি উমা ভাৰতীয়ে কয় ‘ জ্যোতিৰাদিত্য সিন্ধিয়াই যদি বিজেপিক ২০২০ চনত চৰকাৰ গঠনত সহায় কৰিছিল তেন্তে ময়ো তেওঁলোকক ২০০৩ চনত কংগ্ৰেছক পৰাভূত কৰি চৰকাৰ গঠন কৰাত সহায় কৰিছিলোঁ।’মধ্য প্ৰদেশত অহা নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন৷নিৰ্বাচনক লৈ ব্যস্ত শাসক -বিৰোধী দুয়োটা পক্ষই।মধ্য প্ৰদেশত বিগত ২০ বছৰ ধৰি চলি আছে বিজেপি দলৰ চৰকাৰ।মধ্য প্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ লগতে দুৰ্নীতি আৰু দলীয় বিসম্বাদে কোঙা কৰি পেলাইছে বিজেপিক।ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই এৰিছে দল।২০১৮ চনত ৰাজ্যখনত কমল নাথৰ নেতৃত্বত গঠন হৈছিল কংগ্ৰেছ চৰকাৰ।কিন্তু সেই সময়ৰ কংগ্ৰেছী জ্যোতিৰাদিত্য সিন্ধিয়াৰ নেতৃত্বত মুঠ ২০ গৰাকী বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ ফলত কংগ্ৰেছ চৰকাৰখন ভংগ হয়।ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হয়।নবিজেপি জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰতিটো বিষয়ত অবাধ হস্তক্ষেপে অসন্তুষ্ট কৰিছে পুৰণি বিজেপিক।প্ৰাক্তন সাংসদ বালাঘাট বুধ সিং ভগত আৰু প্ৰাক্তন বিধায়ক মমতা মীনাই বৃহস্পতিবাৰে বিজেপি ত্যাগ কৰিছে।ইতিমধ্যে প্ৰাক্তন সাংসদ ভগতে কংগ্ৰেছত যোগদান কৰিছে।বিজেপি দল ত্যাগ কৰি আৱেগিক হৈ পৰা মীনাই কয় ‘ আমি কংগ্ৰেছৰ পৰা আহি বিজেপি কৰা মানুহ নহয়।আমি দল যদি কৰিছোঁ বিজেপিয়েই কৰিছোঁ৷গতিকে আমাক বিজেপিয়ে ইমান অসন্মান কৰাটো উচিত হোৱা নাই।মই অৱহেলিত অনুভৱ কৰিয়েই বিজেপিৰ পৰা বিদায় লৈছোঁ।’

Leave A Reply

Your email address will not be published.