৩৩% নহয় ৫০% মহিলাক দিব প্ৰাৰ্থিত্ব !

Share This Article

তৃণমূল কংগ্ৰেছে আগৰে পৰাই ২০১৯ চনৰ পৰাই বঙালী ছোৱালীৰ ৰক্ষণাবেক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে-এই দাবী তৃণমূলৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী। মহিলা সকলে মমতা বেনাৰ্জীকে ভোট দি জয়যুক্ত কৰিছিল ২০১৯ চনত।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগত তৃণমূল কংগ্ৰেছ নেতৃত্বৰ ভোট যাতে বিভাজন নহয় সেই বিষয়টোক লৈ অত্যন্ত সাৱধান মমতা বেনাৰ্জীৰ দল।সংসদৰ দুয়োখন সদনতে মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাৰ পিছত পশ্চিমবংগই আগন্তুক লোকসভা নিৰ্বাচনত ৫০% মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে।দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জীয়ে কয় ‘ আমাৰ দলৰ মূল নেত্ৰী মমতা বেনাৰ্জীয়ে মহিলাৰ অধিকাৰ তথা সংৰক্ষণৰ বাবে সদায় কাম কৰি আহিছে।তৃণমূল কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত ৫০% আসন মহিলাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত কৰিছে।’বিগত শীতকালীন অধিৱেশনত তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়ে মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰশ্ন কৰিছিল।তেওঁ সংসদৰ দুয়োখন সদনত মহিলাৰ প্ৰতিনিধিত্বৰ হাৰ বিচাৰিছিল।সেই অনুসৰি সদনৰ দুয়োখন সদনৰে সাংসদৰ তালিকা বিচাৰিছিল অভিষেক বেনাৰ্জীয়ে৷ইয়াৰ উত্তৰত কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন তালিকা দাখিল কৰিছিল৷সেই তালিকাত পশ্চিম বংগৰ পৰা মহিলাৰ দুয়োখন সদনত প্ৰতিনিধিত্বৰ হাৰ আছিল ১৩.৭০% । লোকসভা আৰু ৰাজ্যসভাত পশ্চিমবংগ আৰু ছত্তীশগড়ৰ ১৪.৯৪% আৰু ১৪.০৫% মহিলা প্ৰতিনিধিত্ব আছে।শেহতীয়াকৈ পশ্চিম বংগত অনুষ্ঠিত  পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ বিজয়ী সকলৰ ৫৩.৬৬% আছিল মহিলা।পঞ্চায়ত সমিতিৰ ৪৭.৯৭% আছিল মহিলা সদস্য।তদুপৰি গাওঁ পঞ্চায়ততো ৩৫.৬৬% আছিল মহিলা প্ৰতিনিধি।মণিপুৰত মহিলাক বস্ত্ৰহীনভাৱে সমদল উলিওৱাৰ সময়তো তৃণমূল কংগ্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।মহিলা তৃণমূল কংগ্ৰেছৰ কৰ্মী সকলে নিৰ্যাতিত মহিলাৰ বাবে ন্যায় বিচাৰি ৰাজপথত নামিছিল।তৃণমূল কংগ্ৰেছৰ দুগৰাকী সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু মহুৱা মৈত্ৰই সংসদত দুয়োখন বিধেয়ক গৃহীত কৰিলেও চৰকাৰে ইয়াক সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু লোকপিয়ল নোহোৱাৰ বাবে কাৰ্যকৰীকৰণত বাধা আহি পৰিব বুলি উল্লেখ কৰিছিল।কাকলি ঘোষ দস্তিদাৰে কিম্বদন্তি বক্সাৰ মহম্মদ আলিৰ বিখ্যাত ডায়লগ ‘ যদি পাৰে মোক চুই চাওক’ৰ উদ্ধৃতিৰে উল্লেখ কৰি কয় ‘ তৃণমূল কংগ্ৰেছে ৪০% আসন মহিলাৰ বাবে সংৰক্ষণ আগৰে পৰাই কৰি আহিছে।’তেওঁ লগতে কয় ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো ৰাজ্যখনৰ মুঠ ৪২ খন আসনৰ ৪০% ৰো অধিক মহিলাৰ বাবে সংৰক্ষণ কৰিছিল।তদুপৰি মহিলাসকলক গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব যেনে স্বাস্থ্য,আইন,মহিলাৰ উন্নয়ন আদি গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব দিছিল।তৃণমূল সাংসদ মহুৱা মৈত্ৰই কয় ‘ মোৰ কাৰণে একেটা সময়তে গৌৰৱ আৰু লাজৰ কথা যে মই ভাৰতীয় সংসদত মহিলা সংৰক্ষণ বিধেয়কৰ বিষয়ে কোৱাৰ সুযোগ পাইছোঁ।মোৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মই এনে এটা পাৰ্টীক প্ৰতিনিধিত্ব কৰোঁ যিটোৱে ইতিমধ্যেই ৩৭% মহিলাক প্ৰতিনিধিত্ব প্ৰদান কৰি আহিছে ।কিন্তু দুখৰ বিষয় এয়ে যে লোকসভাত সমূহীয়াাভাৱে মুঠ ১৫% মহিলাৰহে প্ৰতিনিধিত্ব আছে।’তেওঁ লগতে কয় মহিলাক এনেদৰে অৱমাননা কৰি অহা চৰকাৰখনে মহিলা সংৰক্ষণৰ বিধেয়ক গৃহীত কৰি জনতাৰ সন্মুখত এক ভুৱা প্ৰলোভন দিছে আৰু ই ২০২৯ চনলৈকে দেশত প্ৰযোজ্য হোৱাৰ কোনো আশাই নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.