ৰণচণ্ডী ৰূপ লৈছে মণিপুৰৰ চিত্ৰাংগদাই !

Share This Article

বিগত ৩ মে’ৰ পৰা অশান্ত হৈ আছে চিত্ৰাংগদাৰ দেশ মণিপুৰ। মণিপুৰত বিগত দিনবোৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।দীৰ্ঘদিনীয়া সাম্প্ৰদায়িক সংঘাতৰ যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই মণিপুৰত। হত্যা-হিংসাই জৰ্জৰিত কৰি ৰাখিছে মণিপুৰক ।কুকি অধ্যুষিত অঞ্চলত পৰিবেশ একেবাৰে নিমাওমাও।প্ৰতিটো মুৰ্হুতত শংকিত নিৰীহ জনতা।চলিত সপ্তাহত মণিপুৰৰ বিভিন্ন জিলাত পুনৰ বৃদ্ধি পাইছে হিংসাত্মক ঘটনা।মণিপুৰৰ মেইটেই মহিলা সম্প্ৰদায়ে বন্ধ ঘোষণা কৰাৰ দৰে সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।৫ গৰাকী ব্যক্তিক আৰক্ষীৰ পোচাক পৰিধান কৰি অস্ত্ৰশস্ত্ৰ কঢ়িয়াই নিয়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷এই পুৰুষ কেইজনক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰি বন্ধ ঘোষণা কৰিছিল মেইটেই মহিলা সম্প্ৰদায়ে৷বিগত ৪৮ ঘণ্টা ইম্ফল উপত্যকাৰ বিভিন্ন আৰক্ষী থানাত মহিলাই শিলগুটি নিক্ষেপ কৰি আক্ৰমণ অব্যাহত ৰাখিছে৷আৰক্ষীয়ে আনকি মহিলা সকলক নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে৷উল্লেখ্য যে ২১ ছেপ্টেম্বৰৰ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ সান্ধ্যআইন শিথিল কৰা হৈছিল মণিপুৰত।সান্ধ্যআইন শিথিল কৰি জনতাক অত্যাৱশ্যকীয় সামগ্ৰী ,ঔষধ আদি ক্ৰয়ৰ সুবিধা কৰি দিয়া হৈছিল।কিন্তু আৰক্ষীৰ বেশত অস্ত্ৰশস্ত্ৰ কঢ়িওৱা ৫ গৰাকী পুৰুষক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মহিলাই আৰক্ষী নিবেশলৈ শিলগুটি দলিওৱা কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈকে পুনৰ সান্ধ্যআইন বলবৎ কৰিব লগীয়া হয় প্ৰশাসনে।২১ছেপ্টেম্বৰৰ দুপৰীয়া প্ৰায় হাজাৰোধিক মহিলা প্ৰতিবাদকাৰীয়ে ছিংজামল আৰক্ষী থানা ঘেৰাও কৰি ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ মুক্তি দাবী কৰে।প্ৰতিবাদী মহিলা সকলৰ মতে এই পুৰুষ কেইজন গাওঁৰক্ষী বাহিনীৰ সদস্য।এই পৰিস্থিতি মোকাবিলা কৰিবলৈ পুনৰ সান্ধ্যআইন বলবৎ কৰে প্ৰশাসনে।অৱশ্যে স্বাস্থ্য,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লোক,সংবাদকৰ্মী,বিদ্যালয়,মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষকক এই সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে।ৰাজ্যখনৰ আৰক্ষীৰ মহা পৰিদৰ্শক আই কে মুইভাই অলপতে জনাই যে মণিপুৰত এতিয়ালৈকে মুঠ ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু ১,১০৮ গৰাকী লোক আহত হৈছে।ৰাজ্যখনত মুঠ ৪,৭৮৬ টা ঘৰ অগ্নিকাণ্ডত জাহ গৈছে।মুঠ ৩৮৬ টা ধৰ্মীয় উপাসনাস্থলী ধ্বংস হৈছে।ইয়াৰে ২৫৪ টা গীৰ্জা আৰু ১৩২ টা মন্দিৰ।তদুপৰি যথেষ্টসংখ্যক আগ্নেয়াস্ত্ৰ হেৰাইছে৷ এই হেৰুৱা আগ্নেয়াস্ত্ৰৰ ভিতৰত মুঠ ১,৩৫৯ টা আগ্নেয়াস্ত্ৰ উদ্ধাৰ হৈছে ।তদুপৰি ১৫,০৫০ টা বিভিন্ন ধৰণৰ অস্ত্ৰশস্ত্ৰও এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে।উল্লেখ্য যে বিভিন্ন ৰাজনৈতিক দলে দাবী কৰা অনুসৰি বিগত ৩ মে’ৰ পৰা আৰম্ভ হোৱা সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ বিভিন্ন থানাৰ পৰা প্ৰায় ৪০০০ উন্নতমানৰ অস্ত্ৰশস্ত্ৰ হেৰাইছে।বিগত শনিবাৰৰ সংবাদমেলত আইপিএছ বিষয়াগৰাকীয়ে কয় যে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।স্থানীয় আৰক্ষী,কেন্দ্ৰীয় সামৰিক আৰু অৰ্ধসামৰিক বাহিনী আৰু প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।তেওঁ কয় ‘ নিৰাপত্তা বেষ্টনী বিষ্ণুপুৰৰ ফাউগাকচু ইকাই আৰু চুৰচান্দপুৰ অঞ্চলৰ পৰা ইতিমধ্যে আঁতৰোৱা হৈছে।অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াও নিৰাপত্তাৰক্ষী সম্পূৰ্ণ তহল অব্যাহত ৰাখিছে।বিষয়াগৰাকীয়ে লগতে কয় যে বিগত ৩ মে’ৰ পৰা ৰাজ্যখনত মুঠ ৫১৭২ টা গোচৰ ৰুজু হৈছে।নিহত ১৭৫ গৰাকী লোকৰ ভিতৰত ৯৬ গৰাকীৰ মৃতদেহ এতিয়াও চিনাক্ত কৰিব পৰা নাই।৭৯ টা মৃতদেহ আত্মীয়ই লৈ গৈছে আৰু ৯৬ টা মৃতদেহৰ কোনো গৰাকী ওলোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.