সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ধর্ম সংসদক লৈ বিদেশী সংবাদ মাধ্যমত চর্চা

উত্তৰাখণ্ডৰ হৰিদ্বাৰত ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল ধর্ম সংসদ নামৰ এলানি ধর্মীয় অনুষ্ঠান৷অনুষ্ঠানত আগবঢ়োৱা বির্তকিত ভাষণৰ ক্লিপ ইতিমধ্যে চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷তেনে এটা অনু্ষ্ঠান হিন্দু যুৱ বাহিনীয়ে ৰাজধানী দিল্লীত অনুষ্ঠিত কৰিছিল বিগত ১৯ ডিচেম্বৰত৷য’ত এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰো সংকল্প লবলৈ আহ্বান জনোৱা হৈছিল৷সেই সমগ্ৰ ঘটনাক এতিয়া গুৰুত্ব সহকাৰে লৈছে বিদেশী সংবাদ মাধ্যমে৷
আমেৰিকাৰ বাতৰিকাকত নিউ ইয়র্ক টাইমচে এই বাতৰিৰ শিৰোনামা দিছে,চৰমপন্থী হিন্দুত্ববাদীৰ মুচলমান হত্যাৰ আহ্বান,নিৰব ভাৰত চৰকাৰ৷বাতৰিটোত লিখা হৈছে-ভাৰতৰ সো পন্থী হিন্দু গোট আৰু সাধু-সন্তই এক সন্মিলনত সংকল্পবদ্ধ হৈছে৷তেওলোকে মৰি আৰু মাৰি হলেও ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে৷হিন্দু মহাসভাৰ নেতা পুজা চাকুন পাণ্ডেই কৈছে- যদি আমি ১০০ জনে তেওলোকৰ ২০ লাখক হত্যা কৰিবলৈ সাজু হও,তেন্তে আমি বিজয়ী হম আৰু ভাৰত হিন্দু ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা হব৷আমি হত্যা কৰি জেললৈ যাবলৈ সাজু থাকিব লাগিব৷এক সন্মিলনত সো পন্থী হিন্দু সন্তই হিন্দু সমাজক অস্ত্ৰ তুলি লবলৈ আৰু মুছলমানক হত্যা কৰিবলৈ আহ্বান জনাইছে৷সেই সকল ধর্মীয় নেতা তথা সন্তৰ প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন শাসকীয় চৰকাৰৰ লগত ঘনিষ্ঠ সম্পর্ক আছে৷
নিউ ই্য়র্ক টাইমচত এইদৰে উল্লেখ কৰি কোৱা হৈছে,যে সন্মিলনৰ ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে যদিও,েই সম্পর্কত নীৰব হৈ আছে মোদী চৰকাৰ৷
এই সন্দর্ভত বাতৰি প্ৰকাশ কৰিছে আল জাজিৰাই৷মুছলামান গনহত্যাৰ আহ্বান জনোৱা হিন্দু সন্মিলনৰ ওপৰত ক্ষোভ শীর্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমটোয়ে৷বাতৰিটোত কোৱা হৈছে,যে এটা ভিডিঅ’ত হিন্দু সন্ত সকলে মুছলমানক হত্যাৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহনৰ দাবী উঠিছে৷ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷এই ঘটনাত বিজেপিৰ সদস্যও জৰিত আছে৷কিন্তু এই সন্দর্ভত এতিয়ালৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই ভাৰত চৰকাৰে৷
ইয়াৰ ওপৰিও আমেৰিকাৰ সংবাদ মাধ্যম ব্লুমবার্গ আৰু পাকিস্তানৰ ইংৰাজী বাতৰি কাকত দ্য এক্সপ্ৰেছ ট্ৰিবিউনেও এই সন্দর্ভত প্ৰকাশ কৰিছে বাতৰি৷সংবাদ মাধ্যমৰ ওপৰিও ধর্ম সংসদৰ সাম্প্ৰদায়িক বিষবাষ্প সন্দর্ভত আন্তৰাষ্ট্ৰী পর্যায়ৰ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷উল্লেখনীয় যে হৰিদ্বাৰৰ ধর্ম সংসদৰ বিতর্কিত বক্তব্যৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ১৫৩ এ ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ৷কিন্তু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা ধর্ম সংসদক লৈ ভাৰত চৰকাৰ মৌন হৈ ৰোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে নৰেন্দ্ৰ মোদী৷

Leave A Reply

Your email address will not be published.