সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভূমি কেলেংকাৰিৰ বাতৰি কিয় ওলোৱা নাছিল অসমৰ সংবাদ মাধ্যমত?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল ৰিনিকি ভূঞা শর্মাই প্ৰতিষ্ঠা কৰা ভূমি কেলেংকাৰিৰ বিস্ফোৰক তথ্য৷অসমৰ ইতিহাসৰ এই সর্ববৃহৎ ভূমি কেলেংকাৰিৰ বাতৰি অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ দ্য ক্ৰছকাৰন্টৰ দৰে সৰু সাংবাদ মাধ্যমেই পর্যাপ্ত নহয়৷সেইবাবেই এইক্ষেত্ৰত প্ৰয়োজন আছিল অসমৰ মূলসূতিৰ সংবাদ মাধ্যম সমূহৰ গুৰুত্বপূর্ণ ভূমিকা৷কিন্তু পৰিতাপৰ কথা এয়েহে,যে অসমৰ ইতিহাসৰ সর্ববৃহৎ ভূমি কেলেংকাৰিটো ৰাইজৰ মাজলৈ লৈ যোৱাৰ বিপৰীতে একাংশ ব্যস্ত হল এটা বাতৰিক কলিতেই হত্যা কৰাৰ প্ৰচেষ্টাত৷তাৰপিছতো ৰাইজৰ মাজত ৰহস্য হৈ থাকিল এটা প্ৰশ্ন- অসমৰ মূলসূতিৰ সংবাদ মাধ্যমত কিয় প্ৰচাৰ নহল ভূমি কেলেংকাৰিৰ বাতৰি?সেই প্ৰশ্নটোৰেই এতিয়া ৰহস্য ফাদিল হৈছে৷ৰহস্য ফাদিল হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম নিউজলণ্ডীৰ এক প্ৰতিবেদনত।
ৰাষ্টীয় সংবাদ মাধ্যম নিউজলন্দ্ৰীত প্ৰকাশ পাইছে এক প্ৰতিবেদন৷শিৰোনামা-অসমৰ মূলসূতিৰ সংবাদ মাধ্যমে কিয় পৰিবেশন নকৰিলে মুখ্যমন্ত্ৰীৰ পৰিয়াল জৰিত থকা ভূমি কেলেংকাৰিৰ বাতৰি৷নিউজলন্দ্ৰীৰ প্ৰতিবেদনত লিখা হৈছে,দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে ৮ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ পৰিয়াল জৰিত থকা এটা ভুমি কেলেংকাৰিৰ বাতৰি প্ৰকাশ কৰিছিল৷অসম ভিত্তিক পর্টেল দ্য ক্ৰছকাৰেন্টে ভূমি কেলেংকাৰি সন্দর্ভত অনুসন্ধান চলালেও,এই বাতৰিটো আতৰি আছে অসমৰ মূলসূতিৰ সংবাদ মাধ্যমৰ পৰা৷নিউজলন্দ্ৰীত প্ৰকাশ পাইছে,যে দ্য চেন্টিনেলে এই সম্পর্কীয় এটা বাতৰি প্ৰকাশ কৰিছে৷কিন্তু তাত কেবল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই দ্য ৱায়াৰক বাওপন্থী আখ্যা দিয়া উক্তিটোহে প্ৰকাশ কৰা হৈছে৷

এই সন্দর্ভত নিউজলন্দ্ৰীয়ে অসমৰ কেইবাজনো সাংবাদিকৰ লগত বার্তালাপ কৰিছিল৷বার্তালাপত বহুকেইজন সাংবাদিকে ব্যক্ত কৰে,যে তেওলোকক কাকত অথবা চেনেলৰ স্বত্বাধীকাৰিয়ে জনাইছে,যে যদিহে তেওলোকে বাতৰিটো প্ৰচাৰ কৰে তেন্তে তেওলোকৰ ওপৰত চৰকাৰে মানহানি গোচৰ তৰিব৷
অন্যহাতে আন এজন জেষ্ঠ্য সাংবাদিকে বাতৰিটো পৰিবেশন নকৰাৰ আৰত অসমৰ সংবাদ মাধ্যম সমূহৰ উপার্জনৰ কথা লুকাই আছে বুলি নিউজলন্দ্ৰীক অবগত কৰে৷জেষ্ঠ্য সাংবাদিকজনে নিউজলন্দ্ৰী ক কয়,যে অসমৰ ৯০ শতাংশ সংবাদ মাধ্যমেই চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিভৰশীল৷সেইবাবেই চৰকাৰখন সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা আতৰি থাকিব পাৰিছে৷লকডাউনৰ পিছত সংবাদ মাধ্যম সমূহে ২০ ৰ পৰা ৩০ শতাংশ দৰমহা কর্তন কৰিছে৷সেইবাবেই এই বাতৰি পৰিবেশন কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷
জেষ্ট্য সাংবাদিকজনে নিউজলন্দ্ৰীক এই কথাও কয় ,যে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ উপাজর্নৰ পদ্ধতি বেলেগ,তেওলোকৰ কাম কৰাৰ পথো সুকীয়া৷আনহাতে এই বাতৰি পৰিবেশন কৰাৰ পিছত আইনী জাননীও প্ৰেৰণ কৰা হৈছে দ্য ৱায়াৰৰলৈ৷কিন্তু এই কথা স্থানীয় সংবাদ মাধ্যমৰ বাবে শংকাৰ কাৰণ৷সেইবাবেই কোনো সংবাদ মাধ্যমে এই ঘটনাত সোমাব বিচৰা নাই৷
আনহাতে নিউজলন্দ্ৰীয়ে দ্য চেন্টিনেল,আমাৰ অসম,অসমীয়া প্ৰতিদিন,ডি য়াই365,প্ৰতিদিন টাইম,প্ৰাগ নিউজ,নিউজ18 নর্থ ইষটত ভূমি কেলেংকাৰিৰ বাতৰি প্ৰচাৰ নোহোৱাৰ কথা উল্লেখ কৰিছে৷এই সমূহ সংবাদ মাধ্যমৰ পৰা প্ৰতিক্ৰিয়া গ্ৰহন কৰিব পৰা নগল বুলি নিউজলন্দ্ৰীয়ে প্ৰতিবেদনত উল্লেখ কৰিছে৷

- Donation -

উল্লেখনীয় যে অসম বিধানসভাৰ প্ৰথমটো ডিনত বিৰোধীয়ে সদনত ভূমি কেলেংকাৰি প্ৰসংগ উত্থাপন কৰিছিল৷ইয়াৰ পিছতে উত্তাল হৈছিল সদন৷দহ মিনিটৰ বাবে স্থগিতও হৈছিল সদন৷কিন্তু সেইবাতৰি গুৰুত্বসহকাৰে দ্য চেন্টিনেল,আমাৰ অসম,অসমীয়া প্ৰতিদিন কাকতত ষ্পষ্টকৈ প্ৰকাশ নহল বুলি উল্লেখ কৰিছে নিউজলন্দ্ৰীয়ে৷আনহাতে অখিল গগৈৰ এটা উদ্ধিতি দি,নিউজলন্দ্ৰীৰ প্ৰতিবেদনত কোৱা হৈছে যে,সদনত ভূমি কেলেংকাৰি উত্থাপনৰ সময়খিনিৰো সংবাদ মাধ্যমত লাইভ সম্প্ৰচাৰ নহল৷
উল্লেখনীয় যে আচাম ট্ৰিবিউনত এই সম্পর্কত প্ৰকাশিত বাতৰিত ভূমি কেলেংকাৰিৰ লগত মুখ্যমন্ত্ৰী পৰিয়ালৰ সম্পর্কৰ কথা কোৱা নহল বুলি উল্লেখ কৰিছে নিউজলন্দ্ৰীয়ে৷ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ এই সম্পর্কীয় সংবাদ মেলো মূলসূতিৰ সংবাদ মাধ্যমত প্ৰচাৰ নোহোৱাৰ কথা উল্লেখ কৰা হৈছে একেই প্ৰতিবেদনত৷
নিউজলন্দ্ৰীৰ এই প্ৰতিবেদনত কোৱা হৈছে যে,সদন স্থগিতৰ বাতৰি পৰিবেশন কৰা নিউজ18 নর্থ ইষ্ট,প্ৰাগ নিউজ আৰু ডি য়াই 365 য়ে ভূমি কেলেংকাৰিত মুখ্যমন্ত্ৰীৰ পৰিয়াল জৰিত থকাৰ কথা উল্লেখ কৰা নহল৷

উল্লেখনীয় যে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানৰ পিছত ৮ ডিচেম্বৰত সংবাদ মাধ্যম দুটাই ফাদিল কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীয়ে প্ৰতিষ্ঠা কৰা কোম্পানীয়ে সংঘটিত কৰা ভূমি কেলেংকাৰিৰ তথ্য৷এই তথ্য ফাদিলৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছিল ধুমূহাৰ৷কিন্তু ৰহস্যজনক ভাবে অসমৰ মূলসূতিৰ সংবাদ মাধ্যম আতৰি থাকিল এই বাতৰি পৰিবেশনৰ পৰা৷অসমৰ মূল সূতিৰ সংবাদ মাধ্যমৰ এই ভূমিকাক লৈও ৰাজ্যবাসীৰ মাজত অব্যাহত আছে প্ৰতিক্ৰিয়া৷

Leave A Reply

Your email address will not be published.