সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ গুৱাহাটী আৰু পলাশবাৰীত সংঘটিত হৈছিল এই ভূমি কেলেংকাৰি ৷ বে আইনীভাৱে মুখ্যমন্ত্ৰীৰ আৰ বি এছে ক্ৰয় কৰিছিল বিঘাই বিঘাই চৰকাৰী ভূমি৷ কিন্তু এই বৃহৎ দুৰ্নীতি ফাদিল হোৱাৰ পাছতো মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কেলেংকাৰিৰ তদন্ত ঘোষণা কৰিবলৈ সাহস কৰা নাই ৷ আজি আপোনালোকৰ সন্মুখত উন্মোচিত কৰিবলৈ লৈছো অনুৰূপ আন এক ভূমি কেলেংকাৰি ৷এই ভূমি কেলেংকাৰিৰ সাদৃশ্য আছে আৰ বি এছৰ ভূমি কেলেংকাৰিৰ লগত৷ভিজিলেন্সত গোচৰ ৰুজু হৈছিল এই ভূমি কেলেংকাৰিৰ বিৰুদ্ধে৷আৰ বি এছৰ লগত সাদৃশ্য থকা এই ভূমি কেলেংকাৰিৰ সবিশেষ-

আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডে উত্তৰ গুৱাহাটী আৰু পলাশবাৰীত সংঘটিত কৰিছিল এক বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰি দীৰ্ঘদিন ধৰি গাপ দিবলৈ চেষ্টা চলোৱা হ’ল ৷ কিন্তু অনুৰূপ এক ভূমি কেলেংকাৰিৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনত ৷পলাশবাৰী বা উত্তৰ গুৱাহাটী ৰাজহ চক্ৰত এই কেলেংকাৰি সংঘটিত হোৱা নাছিল ৷ এই কেলেংকাৰিৰ স্থান আছিল খোদ গুৱাহাটী মহানগৰ ৷২০০৫ চনৰ ৬ মে’ আৰু ২০০৫ চনৰ ১২ ডিচেম্বৰত দুটা নিৰ্দেশযোগে এটা প্ৰতিষ্ঠানক আৱন্টন দিয়া হৈছিল ৭ বিঘা ভূমি ৷মহানগৰীৰ বেতকুছিত আৱন্টন দিয়া হৈছিল এই ৭ বিঘা ভূমি ৷নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল ছীড ফাৰ্ম এণ্ড ৰিচাৰ্ছ চেন্টাৰে লাভ কৰিছিল এই ভূমিখিনি৷ আৱন্টনৰ এবছৰ নহওতেই আৱন্টিত ৭ বিঘা মাটিয়েই বিক্ৰী কৰি দিয়ে প্ৰতিষ্ঠানটোৱে ৷ ক্ৰয় কৰে মেচাৰ্চ প্ৰদীপ কুমাৰ আগৰৱালাৰ হৈ পদীপ কুমাৰ আগৰৱালাই ৷ ৰিণিকি ভূঞা শৰ্মা জড়িত আৰ বি এছৰ ভূমি কেলেংকাৰিৰ ক্ষেত্ৰতো একেটাই ঘটনা ঘটিছিল ৷ উত্তৰ গুৱাহাটীৰ নমলী জলাহত উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটীজ স্কুলৰ নামত আৱন্টন দিয়া হৈছিল ১৭ বিঘা ২ কঠা ৫ লেচা ভুমি ৷ এই মাটিও আৱন্টনৰ এবছৰৰ ভিতৰত বিক্ৰী হৈছিল ৷ অবৈধ ক্ৰেতা আছিল ৰিণিকি ভূঞা শৰ্মাৰ আৰ বি এছ ৷ একেখন বেতকুছি গাঁৱতে ২০০৬ চনৰ এপ্ৰিল মাহত নীলাচল ক’ল্ড ষ্টোৰেজ কাম গুডাম আৱন্টন দিয়া হয় ৩ বিঘা ২ কঠা মাটি ৷ এই মাটিৰ নামজাৰিতে কৰা হয় জালিয়াতি ৷ জালিয়াতিৰে এই মাটি পুণৰ নৰ্থ ইষ্ট এগ্ৰিকালছাৰেল ছীড ফাৰ্ম এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ নামত নামজাৰি কৰা হয় ৷ এই মাটিও আৱন্টনৰ এবছৰৰ ভিতৰতে বিক্ৰী কৰি দিয়ে কে আৰ চি ৱেৰহাউচৰ ইশ্বৰী প্ৰসাদ চৌধুৰী নামৰ এজন ব্যক্তিক ৷ এই অবৈধ ক্ৰয়ৰ লগতো সাদৃশ্য আছে আৰ বি এছৰ অবৈধ ভূমি ক্ৰয়ৰ ৷ নৰ্থ ইষ্ট এগ্ৰিলাকচাৰেল ছীড ফাৰ্ম আৰু ৰিচাৰ্চ চেন্টাৰে আৱন্টিত মাটি বিক্ৰী কৰিলে এবছৰৰ ভিতৰত ৷ অৰ্থাৎ ২০০৬ চনত ৷ ২০০৬ চনৰ পৰা ২০১৯ চন ৷ ২০১৯ চনৰ ১৮ জানুৱাৰীত ৰাজহ বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদৰ পত্ৰ অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনলৈ ৷ নৰ্থ ইষ্ট এগ্ৰিকালচাৰেল ছীড ফাৰ্ম এণ্ড ৰিচাৰ্ছ চেন্টাৰক আৱন্টন দিয়া মাটি চৰকাৰী নিৰ্দেশ উলংঘা কৰি বিক্ৰী কৰা হৈছে বুলি অৱগত কৰে ৰাজেশ প্ৰসাদে ৷ তদন্তকাৰী বিষয়াই ২০১৯ চনৰ মে’ত দাখিল কৰে এজাহাৰ ৷ এজাহাৰত তদন্তকাৰী বিষয়াই অভিযোগ উত্থাপন কৰি কয় যে ১৯৮৯ চনৰ ৩ অক্টোবৰৰ অসম চৰকাৰৰ জাননী নং আৰ এছ এছ ৪৭/৮৯/৭ আৰু ২০০৬ চনৰ ৬ ডিচেম্বৰৰ জাননী নং আৰ এছ এছ ১৪৬৭/২০০৬/৪ উলংঘা কৰি মাটিৰ এই ক্ৰয় বিক্ৰয় হৈছে ৷ কি আছে এই দুখন জাননীত ?

 

- Donation -

১৯৮৯ চনৰ জাননী মতে আৱন্টিত চৰকাৰী ভূমি ৫ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব ৷ আনহাতে ২০০৬ চনৰ জাননী মতে আৱন্টিত ভূমি ১০ বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব ৷ এই দুয়োখন জাননী উলংঘা কৰি আৱন্টিত মাটিৰ ক্ৰয় বিক্ৰয় হোৱাৰ অভিযোগ উত্থাপন কৰি তদন্তকাৰী বিষয়াই এজাহাৰ দাখিল কৰে ৷ অসম আৰক্ষীৰ ভিজিলেন্স এণ্ড এন্টি কৰাপশ্যনে এজাহাৰ গ্ৰহন কৰি ০০০৭/২০১৯ নং গোচৰ ৰুজু কৰে ৷ এই গোচৰ ভাৰতীয় দণ্ডবিধিৰ ১১৯ ,১২০(বি), ১৬৭ ,৪২০ ,৪৬৮ , ৪৭১ আৰু দুৰ্নীতৈ নিবাৰক আইনৰ ১৩ (১)(ক) ধাৰাৰ অধীনত ৰুজু কৰা হয় ৷

 

২০০৬ চনত চলা চৰকাৰী ভূমিৰ এই অবৈধ ক্ৰয় বিক্ৰয়ৰ বিৰুদ্ধে গোচৰ ৰুজু হয় ২০১৯ চনত বিজেপি চৰকাৰৰ আমোলত ৷ একেই ২০০৬ চনত উত্তৰ গুৱহাটীত ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী  আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিপ্ত হৈছিল চৰকাৰী ভূমিৰ অবৈধ ক্ৰয়ত ৷ সেইবাবেই এতিয়া প্ৰশ্ন উঠিছে কিয় গোচৰ ৰুজু নহয় ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনীৰ বিৰুদ্ধে ? মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক হস্তক্ষেপৰ বাবেই গোচৰৰ সন্মুখীন হোৱাৰ পৰা বাচি আছে নেকি ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ?

Leave A Reply

Your email address will not be published.