সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE : আৰ বি এছত ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পেনীৰ আঁৰত কোন ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বে আইনী ভূমি ক্ৰয় বিক্ৰয়ৰ বহু বিস্ফোৰক তথ্য ৷একেটা অনুসন্ধানতে স্পষ্ট হৈ পৰিছিল যে আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত প্ৰায় ২ লাখ ৫০ হাজাৰ ১০০ টকীয়া শ্বেয়াৰ ক্ৰয় কৰিছিল কলকাতাৰ ১৭ টাকৈ কোম্পনীয়ে ৷ এই শ্বেয়াৰ পৰৱৰ্তী সময়ত হস্তান্তৰ কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কেবাগৰাকী ঘণিষ্ঠ ব্যক্তিলৈ ৷ বৰ্তমান কলাকাতাৰ কোম্পেনীৰ পৰা বাগৰি অহা ২৩.৬১ শতাংশ শ্বেয়াৰৰ গৰাকী হ’ল মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা ৷ কিন্তু কলকাতাৰ পৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ধন বিনিয়োগ কৰা কোম্পেনীৰ আঁৰত কোন আছিল ? যিয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘণিষ্ঠ ব্যক্তিলৈ শ্বেয়াৰ হস্তান্তৰ কৰিছিল ৷ সেই সন্দৰ্ভতো আমাৰ অনুসন্ধান চলিছিল ৷
কলকাতাৰ পৰা আৰ বি এছ ৰিয়েল্টৰ্ছত ধন বিনিয়োগ কৰা মুঠ ১৭ টা কোম্পেনীৰ ভিতৰত ১৫ টা কোম্পেনীৰ সঞ্চালকসকলৰ তথ্য আমাৰ এই অনুসন্ধানত পোহৰলৈ আহিছে ৷ তেওলোক ২০০৭ চনৰ পৰা ২০০৯ চনৰ ভিতৰত এই কোম্পেনীকেইটাৰ সঞ্চালকৰ পদত আছিল ৷ লক্ষ্যনীয় কথাটো হ’ল একোগৰাকী ব্যক্তি একেসময়তে কেবাটাও কোম্পেনীৰ সঞ্চালকৰ পদত আছিল ৷ অৰ্থাৎ একেখিনি ব্যক্তিয়েই বেলেগ বেলেগ কোম্পেনীৰ হৈ আৰ বি এছ ৰিয়েল্টৰ্ছত শ্বেয়াৰ ক্ৰয় কৰিছিল ৷ ২০০৭ ৰ পৰা ২০০৯ চনৰ ভিতৰত আৰ বি এছ ৰিয়েল্টৰ্ছত শ্বেয়াৰ ক্ৰয় কৰা চাৰিটা কোম্পনী আছিল –
দিংগো কমোডিয়েল , এলিগেন্স ট্ৰেড এণ্ড হোল্ডিঙছ , আচি ফাইনেন্স এণ্ড মেনেজমেন্ট আৰু ট্ৰিষ্টাৰ মেনেজমেন্ট ৷এই চাৰিওটা কোমেপনীৰ সঞ্চালক আছিল দুজন বিশেষ ব্যক্তি ৷ তেওলোকৰ নাম হ’ল –বেনি গোপাল মুন্দ্ৰা আৰু সঞ্জয় কুমাৰ চতুৰ্বেদী ৷
আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত ধন বিনিয়োগ কৰা কলকাতাৰ আন চাৰিটা কোম্পেনী হ’ল –অলিয়েণ্ডাৰ মেনুফেকচাৰ্চ , ৰেডিয়েন্ট মাৰ্চেণ্ডাইজ , শ্ল’ এণ্ড চাউণ্ড ইলেক্ট্ৰ’নিকছ আৰু এছ কে ষ্টক ডিলাৰ্ছ ৷এই চাৰিটা কোম্পনীৰ সেই সময়ত সঞ্চালক আছিল দুজনেই ব্যক্তি ৷ তেওলোক হ’ল যোগেন্দ্ৰ প্ৰধান আৰু কমলজিৎ সিঙ ৷
আৰ বি এছ ৰিয়েল্টৰ্ছত শ্বেয়াৰ ক্ৰয় কৰিছিল কলকাতাৰ আৰু তিনিটা কোম্পেনীয়ে ৷ সেই কোম্পেনীকেইটা হ’ল – শুভলক্ষ্মী ক’ল এণ্ড এক্সিম , চট্টিছগড় বিড়ি পাট্টা আৰু হৰলালকা কমাৰ্ছিয়েল ৷তিনিওটা কোম্পেনীৰ সঞ্চালকৰ আসনত তেতিয়া আছিল – ৰেণু ধানুকা আৰু ৰাজেশ আগৰৱালা ৷
ইয়াৰ বাহিৰেও আন তিনিজন ব্যক্তিও চট্টিছগড় বিড়ি পাট্টা প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ আসনত থকাৰ তথ্য পোৱা যায় ৷ তাৰ ভিতৰৰ এজন আছিল ৰোহিত জৈন ৷ তেও আকৌ আৰ বি এছত শ্বেয়াৰ ক্ৰয় কৰা য়ুলান মাৰ্কেটিঙৰো সঞ্চালক পদত আছিল ৷ আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডত কৰা কলকাতাৰ অন্যতম দুটা কোম্পনী হ’ল -য়ুলান মাৰ্কেটিঙ আৰু নিলহাট প্ৰমোটৰ্ছ এণ্ড ফিচকেল ৷এই দুটা কোম্পেনী সেই সময়ত পৰিচালনা কৰিছিল ৰোহিত জৈনৰ লগতে অমৰ চান্দ জৈন আৰু মনোজ জৈনে ৷
ধন বিনিয়োগ কৰা দুটা কোম্পেনী শুভৰেখা ব্যাপাৰ আৰু এছ কে ষ্টকৰ সঞ্চালক হিচাপে আছিল অঞ্জলি লাখোতিয়া আৰু জগদীশ প্ৰসাদ ৷ আমাৰ অনুসন্ধানত আমি লাভ কৰিছিলো ১৫ টাকৈ কোম্পনীৰ সঞ্চালকৰ তথ্য ৷ এই তথ্যৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে একোজন ব্যক্তি একেসময়তে কেবাটাও কোম্পেনীৰ সঞ্চালকৰ আসনত আছিল ৷ বহুকেইটা কোম্পেনীৰ ঠিকনাও আছিল একেই ৷ অৰ্থাৎ কেইজনমান মুষ্টিমেয় ব্যক্তিয়েই বেলেগ বেলেগ কোম্পেনীৰ হৈ আৰ বি এছ ৰিয়েল্টৰ্ছত ধন বিনিয়োগ কৰিছিল ৷ পৰৱৰ্তী সময়ত এই শ্বেয়াৰ সমূহ হস্তান্তৰ হয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘণিষ্ঠ ব্যক্তিৰ হাতলৈ ৷ মূলত: শ্বেয়াৰ বিক্ৰী কৰি বা উপহাৰ হিচাপে দি হস্তান্তৰ কৰা দেখা যায় ৷ কলকাতাৰ কেইজনমান বিশেষ ব্যক্তিয়ে পৰিচালনা কৰা কোম্পেনীকেইটাই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘণিষ্ঠলৈ কি পদ্ধতিৰে শ্বেয়াৰ হস্তান্তৰ কৰিছিল , সেই সন্দৰ্ভত আমাৰ অনুসন্ধান অব্যাহত আছে ৷

Leave A Reply

Your email address will not be published.