সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে।

দেশত কৃষকৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সমগ্ৰ বিশ্ববাসীয়ে কৃষক বিদ্রোহক লৈ তীব্ৰ সমৰ্থন আগবঢ়াইছে। আৰু এই কৃষি আইনৰ বিৰোধীতাত পদ্মবিভূষণ বঁটা ঘূৰাই দিলে পাঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলে। কৃষি আইনৰ বিৰোধীতাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ লৈ পায় তিনি পৃষ্ঠাজোৰা এখন চিঠি লিখে প্ৰকাশ সিং বাদলে।তেওঁ লিখে যে -‘মই ইমান দুখীয়া যে কৃষকৰ বাবে ত্যাগ কৰিবলৈ মোৰ আৰু বেলেগ একো নাই, মই আজি যি সেয়া কৃষকৰ বাবেই। যদি কৃষকসকলৰ অপমান হৈ আছে, তেন্তে এই ধৰণৰ সন্মান ৰখাৰ কোনো যুক্তি নাই।’ কৃষকৰ ওপৰত চলা অত্যাচাৰৰ বাবে তেওঁ লাভ কৰা বঁটা ভাৰত চৰকাৰলৈ ঘূৰাই দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.