সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাহুল গান্ধীৰ সৈতে মুচকান খানৰ ভূৱা ফটোৰ প্ৰচাৰ চলাইছে কোনে?

মুছকান খানক লৈ আৰম্ভ হল ৰাজনীতি৷মুছকান খান কনার্টকৰ এগৰাকী শিক্ষার্থী৷কলেজলৈ হিজাব পৰিধান কৰি কলেজলৈ গৈছিল মুছকান খান৷তেতিয়াই গেৰুৱা বসন পিন্ধা এদল শিক্ষার্থীয়ে জয় শ্ৰীৰাম শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে মুছকান খানৰ সন্মুখত৷মুছকান খানেও আল্লাহু আকবৰ বুলি চিঞৰি প্ৰত্যাহ্বান জনাইছিল প্ৰতিবাদকাৰীক৷এতিয়া চচিয়েল মেডিয়াত প্ৰচাৰ চলোৱা হৈছে,মুছকান খানে কলেজতহে হিজাব পিন্ধে৷বাহিৰত নিপিন্ধে৷ৰাহুল গান্ধীৰ সৈতে উঠা ফটোও ভাইৰেল হৈছে চচিয়েল মেডিয়াত৷ইয়াৰ দ্বাৰা বুজাব চেষ্ট কৰা হৈছে,যে কংগ্ৰেছৰ সমর্থক মুছকান খানে কলেজলৈ হিজাব পৰিধান কৰি আহি উদেশ্যপ্ৰণোদিতভাবে সাম্প্ৰদায়িক বিতর্কৰ সৃষ্টি কৰিব বিচাৰিছে৷ প্ৰথমে মন কৰক এইখন ফটোলৈ৷ফটোখন ফেচবুকত আপলোড কৰিছে হিন্দু আই টি চেল নামৰ এটা ফেচবুক একাউন্টৰ পৰা৷ইয়াত দেখুৱা হৈছে দুখন ছবি৷এখনত দেখা গৈছে কলেজত হিজাব পৰিহিত মুছকানক আৰু আনখনত দেখা গৈছে সাধাৰণ পোছাক পৰিহিত মুছকানক৷ইয়াত দাবী কৰা হৈছে যে মুছকান খানে কলেজতহে হিজাব পৰিধান কৰে,বাহিৰত হিজাব পৰিধান নকৰে৷চচিয়েল মেডিয়াত ব্যাপক ৰুপত ভাইৰেল হৈছে এই ফটোখন৷
এতিয়া মন কৰক আন এখন ফটো৷এই ফটোখন কংগ্ৰেছনেতা ৰাহুল গান্ধীৰ সৈতে এগৰাকী যুৱতীক৷চচিয়েক মেডিয়াত ব্যাপক ৰুপত প্ৰচাৰ হৈছে এই ফটোখন৷দাবী কৰা হৈছে ৰাহুল গান্ধীৰ সৈতে থকা যুৱতী গৰাকী মুছকান খান৷ফেচবুকত ফটোখন শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰা হৈছে,এতিয়া হিজাব কিয় নাই?টুইটাৰ আৰু ফেচবুকত ব্যাপক ৰুপত প্ৰচাৰ হৈছে ফটোখন৷কিন্তু এই দাবী কিমান সচা?
প্ৰথমে ফেক্ট চেক কৰিছো এই ফটোখনৰ৷গুগুলত ৰিভার্চ ইমেজ চার্চ কৰি গম পোৱা গ’ল,যে এই ফটোখন ২০১৮ চনতেই আপলোড হৈছিলনাজমা নাজিৰ চিক্কানাৰাল নামৰ এটা ফেচবুক পেজৰ পৰা৷নাজমা নাৰাম হৈছে কনাটর্ক জেডিএচৰ এগৰাকী কর্মী৷অর্থাৎ,মুচকান খান বুলি দাবী কৰা এই যুৱতী গৰাকী কোনোকাৰণতে মুছকান খান নহয়৷নাজমা নাজিৰৰ ফটোক মুছকান খান বুলি অপপ্ৰচাৰ চলোৱা হৈছিল চচিয়েল মেডিয়াত৷
এতিয়া আহিছো ৰাহুল গান্ধীৰ ফটোলৈ৷এটা টুইটত জানিব পৰা গ’ল যে ৰাহুল গান্ধীৰ লগত ফটোত থকা এইগৰাকী জুৱতী মুছকান খান নহয়,সেইয়া ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়িকা আম্বা প্ৰসাদৰহে৷এইবাৰ মন কৰক গুগুলত আম্বা প্ৰসাদ বুলি চার্চ কৰাৰ পিছত উপলব্ধ হোৱা এই সমূহ ফটোলৈ৷ইয়াৰ পৰা নিশ্চিত যে ৰাহুল গান্ধীৰ লগত ফটোত দেখা এইগৰাকী যুৱতী মুচকান খান নহয়,আম্বা প্ৰসাদহে৷আনহাতে ঝাৰখণ্ডৰ বিধায়িকা গৰাকীয়েই চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন সন্দর্ভত ষ্পষ্টিকৰণ প্ৰদান কৰি কয়,ৰাহুল গান্ধীৰ লগত ফটোত এইয়া মি,কনার্টকৰ মুচকান খান নহয়৷

এনেদৰেই মুচকান খান লৈ এতিয়া আৰম্ভ কৰা হৈছে নতুন ৰাজনীতি৷অপপ্ৰচাৰ চলোৱা হৈছে যে মুছকান খান কংগ্ৰেছৰ সমর্থক৷অপপ্ৰচাৰ চলাই কোৱা হৈছে,যে মুচকান খানে কেবল কলেজলৈহে হিজাব পৰিধান কৰি আহে৷কিন্তু এই দাবী যে ভুল,প্ৰমাণ হল এই ফেক্ট চেকত৷

- Donation -

এখনত দেখা গৈছে কলেজত হিজাব পৰিহিত মুছকানক আৰু আনখনত দেখা গৈছে সাধাৰণ পোছাক পৰিহিত মুছকানক৷ইয়াত দাবী কৰা হৈছে যে মুছকান খানে কলেজতহে হিজাব পৰিধান কৰে,বাহিৰত হিজাব পৰিধান নকৰে৷চচিয়েল মেডিয়াত ব্যাপক ৰুপত ভাইৰেল হৈছে এই ফটোখন৷
এতিয়া মন কৰক আন এখন ফটো৷এই ফটোখন কংগ্ৰেছনেতা ৰাহুল গান্ধীৰ সৈতে এগৰাকী যুৱতীক৷চচিয়েক মেডিয়াত ব্যাপক ৰুপত প্ৰচাৰ হৈছে এই ফটোখন৷দাবী কৰা হৈছে ৰাহুল গান্ধীৰ সৈতে থকা যুৱতী গৰাকী মুছকান খান৷ফেচবুকত ফটোখন শ্বেয়াৰ কৰি প্ৰশ্ন উত্থাপন কৰা হৈছে,এতিয়া হিজাব কিয় নাই?টুইটাৰ আৰু ফেচবুকত ব্যাপক ৰুপত প্ৰচাৰ হৈছে ফটোখন৷কিন্তু এই দাবী কিমান সচা?
প্ৰথমে ফেক্ট চেক কৰিছো এই ফটোখনৰ৷গুগুলত ৰিভার্চ ইমেজ চার্চ কৰি গম পোৱা গ’ল,যে এই ফটোখন ২০১৮ চনতেই আপলোড হৈছিলনাজমা নাজিৰ চিক্কানাৰাল নামৰ এটা ফেচবুক পেজৰ পৰা৷নাজমা নাৰাম হৈছে কনাটর্ক জেডিএচৰ এগৰাকী কর্মী৷অর্থাৎ,মুচকান খান বুলি দাবী কৰা এই যুৱতী গৰাকী কোনোকাৰণতে মুছকান খান নহয়৷নাজমা নাজিৰৰ ফটোক মুছকান খান বুলি অপপ্ৰচাৰ চলোৱা হৈছিল চচিয়েল মেডিয়াত৷
এতিয়া আহিছো ৰাহুল গান্ধীৰ ফটোলৈ৷এটা টুইটত জানিব পৰা গ’ল যে ৰাহুল গান্ধীৰ লগত ফটোত থকা এইগৰাকী জুৱতী মুছকান খান নহয়,সেইয়া ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়িকা আম্বা প্ৰসাদৰহে৷এইবাৰ মন কৰক গুগুলত আম্বা প্ৰসাদ বুলি চার্চ কৰাৰ পিছত উপলব্ধ হোৱা এই সমূহ ফটোলৈ৷ইয়াৰ পৰা নিশ্চিত যে ৰাহুল গান্ধীৰ লগত ফটোত দেখা এইগৰাকী যুৱতী মুচকান খান নহয়,আম্বা প্ৰসাদহে৷আনহাতে ঝাৰখণ্ডৰ বিধায়িকা গৰাকীয়েই চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এই ফটোখন সন্দর্ভত ষ্পষ্টিকৰণ প্ৰদান কৰি কয়,ৰাহুল গান্ধীৰ লগত ফটোত এইয়া মি,কনার্টকৰ মুচকান খান নহয়৷

এনেদৰেই মুচকান খান লৈ এতিয়া আৰম্ভ কৰা হৈছে নতুন ৰাজনীতি৷অপপ্ৰচাৰ চলোৱা হৈছে যে মুছকান খান কংগ্ৰেছৰ সমর্থক৷অপপ্ৰচাৰ চলাই কোৱা হৈছে,যে মুচকান খানে কেবল কলেজলৈহে হিজাব পৰিধান কৰি আহে৷

Leave A Reply

Your email address will not be published.