কথা আছিল এবছৰত এক লাখক চাকৰি দিয়াৰ,কিন্তু চাৰি মাহত বাঢ়িল আঢ়ৈ লাখ নিবনুৱা?

Share This Article

গণি গণি একলাখ লোকক চাকৰি দিম কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷কিন্তু এবছৰত এক লাখৰ চাকৰি দূৰৰ কথা,চাৰি মাহত অসমত জন্ম হল আঢ়ৈ লাখ নিবনুৱা৷হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিগত ছেপ্টেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈ ৰাজ্যত জন্ম হৈছে আঢ়ৈ লাখ নিবনুৱা৷
অসম চৰকাৰে আয়োজন কৰিছিল জব মেলা৷জব মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তত উবুৰি খাই পৰিছিল অগনন নিবনুৱা যুৱক যুৱতী৷কিন্তু যোগ্যতা অনুসৰি চাকৰি নাপাই নিৰাশ হৈ ঘুৰি গৈছিল অসমৰ লাখ লাখ নিবনুৱা৷তাৰ মাজতে এতিয়া দক্ষতা,নিয়োগ আৰু উদ্যমিতা বিভাগে প্ৰদান কৰিছে এক উদ্দেগজনক তথ্য৷এই তথ্য অনুসৰি,বিগত চাৰিটা মাহত ৰাজ্যত জন্ম হৈছে নতুন আঢ়ৈ লাখ নিবনুৱা৷প্ৰাগ নিউজ ডিজিটেলৰ এক বাতৰি অনুসৰি,২০২১ চনৰ ২৭ ছেপ্তেম্বৰৰ পৰা ২০২২ চনৰ ২০ জানুৱাৰীলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰ সমূহত প্ৰঞ্জীয়ন কৰিছে ২ লাখ,৫৩ হাজাৰ,৮০০ গৰাকী নিবনুৱাই৷অর্থাৎ হিমন্ত বিশ্ব শর্মাৰ এবছৰত এক লাখক চাকৰি প্ৰদান কৰাৰ বিপৰীতে চাৰি মাহত জন্ম হল অতিৰিক্ত আঢ়ৈ লাখ নিবনুৱা৷
উল্েখনীয় যে, ২০১৮ত অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২০,২৪,৪৪৬জন৷দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ তথ্য অনুসৰি, বিগত বৰ্ষৰ জুন পৰ্যন্ত ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত সৰ্বমুঠ ২১,৫০,৮৭১ জন নিবনুৱাই পঞ্জীয়ন কৰিছে৷ ইয়াৰ পৰৱৰ্তী সময়ত ২০২১ৰ ২৭ ছেপ্তেম্বৰৰ পৰা চলিত বৰ্ষৰ ২০ জানুৱাৰীলৈ ২,৫৩,৮০০ জনে অনলাইন পঞ্জীয়ন কৰিছে৷বিগত বৰ্ষৰ ডিচেম্বৰলৈ ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হৈ থকা নিবনুৱাসকলৰ ভিতৰত ৩,৩৩,৪২৮ জন স্নাতক ডিগ্ৰীধাৰী হোৱাৰ বিপৰীতে ১৭,৩১১ জন স্নাতকোত্তৰ ডিগ্ৰীধাৰী নিবনুৱা৷ সমান্তৰালভাৱে, ১৬,৯১৩ জন ঔদ্যোগিক প্ৰশিক্ষণপ্ৰাপ্ত, ৯,৫২১ জন ডিপ্ল’মা, ৮,১৩৬ জন ইঞ্জিনীয়াৰিং, ৮৬৫ জন মেডিকেল, ৩৪৫ জন পশু চিকিৎসা আৰু ২৯৯ জন কৃষি স্নাতক ডিগ্ৰীধাৰী৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.