সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

৭০% বাঢ়িল সুৰাৰ দাম

ক’ৰোনা মহামাৰীয়ে দেশত ভয়াৱহ বিত্তীয় সংকটৰ সৃষ্টি কৰিছে৷চৰকাৰৰ ৰাজহ সংগ্ৰহ প্ৰায় শূণ্য৷এনে অৱস্হাত সকলো ৰাজ্য চৰকাৰেই সুৰাৰ মূল্যবৃদ্ধিকে বিত্তীয় সংকটৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ পথ হিচাপে বাছি লৈছে৷শেহতীয়াকৈ দিল্লী চৰকাৰে সুৰাৰ ওপৰত ৭০ শতাংশ ক’ৰোনা মাচুল আৰোপৰ সিদ্ধান্ত লৈছে৷গ্ৰাহকে আজিৰে পৰা এমআৰপিতকৈ ৭০ শতাংশ অধিক দামত সুৰা ক্ৰয় কৰিব লাগিব দিল্লীত৷সুৰাৰ ওপৰত আৰোপ কৰা বিশেষ ক’ৰোণা মাচুলৰ জৰিয়তে দিল্লী চৰকাৰে ৫ হাজাৰ কৌটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে৷উল্লেখ্য যে , অসমতো বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ চৰকাৰে সুৰাৰ মূল্য ২০ শতাংশ পৰ্যন্ত বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷

Leave A Reply

Your email address will not be published.