কনার্টকৰ এখন কলেজত হিজাব পৰিহিত এগৰাকী ছাত্ৰীৰ সন্মুখত বহু সংখ্যক গেৰুৱা বসনধাৰী শিক্ষার্থীয়ে জয় শ্ৰী ৰাম বুলি চিঞৰিছে৷ ছাত্ৰী গৰাকীয়েও আল্লাহু আকবৰ বুলি প্ৰত্যুত্তৰ প্ৰদান কৰিছে৷এনেদৰেই এতিয়া কনার্টকক হিজাব বির্তকই জোকাৰিছে৷কিন্তু কি এই হিজাব বিতর্ক?
হিজাব বিতর্কৰ সূচনা হয় ১ জানুৱাৰীৰ পৰা৷এক জানুৱাৰীত কর্নাটকৰ চৰকাৰী প্ৰাক বিশ্ববিদ্যালয় কলেজত ৬ গৰাকী মুছলমান ছাত্ৰীক শ্ৰেণীকোঠাত উপস্থিত হোৱাত বাধা প্ৰদান কৰে কলেজ কর্তৃপক্ষই৷কাৰণ ছাত্ৰী কেইগৰাকীয়ে পৰিধান কৰিছিল হিজাব৷নতুন ইউনিফর্ম আইন অনুসৰি তেওলোকক শ্ৰেণী কোঠাত উপস্থিত থকাত বাধা প্ৰদান কৰে কতৃপক্ষই৷একেদৰে ৰাজ্যখনৰ কুন্দাপৰা কলেজতো শ্ৰেনী কোঠাত উপস্থিত থকাত বাধা প্ৰদান কৰা হয় ২৮ গৰাকী হিজাব পৰিহিত মুছলিম ছাত্ৰীক৷তেতিয়াৰে পৰাই দুয়োখন কলেজতেই মুছলমান ছাত্ৰীয়ে কলেজৰ সন্মুখত অব্যাহত ৰাখিছে প্ৰতিবাদ৷আনহাতে ৫ গৰাকী ছাত্ৰীৰ আবেদনৰ ভিত্তিত কর্নাটক উচ্চ ন্যায়ালয়ে আজি গ্ৰহণ কৰে শুনানীও৷কিন্তু এই ঘটনাক লৈ ৰাজ্যতখনত আৰম্ভ হৈছে এখন বৃহৎ যুদ্ধ৷যুদ্ধ আৰম্ভ হৈছে হিজাব পৰিহিতা আৰু গেৰুৱাবসন ধাৰী ছাত্ৰছাত্ৰীৰ মাজত৷
হিজাব পৰিধানৰ সপক্ষত মুছলমান ছাত্ৰীৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কেইটামান হিন্দুত্ববাদী সংগঠনে শিক্ষার্থী সকলক কলেজলৈ গেৰুৱা বসন পিন্ধি যাবলৈ আহ্বান জনায়৷শ্ৰী ৰাম সেনা নামৰ সংগঠনটোয়ে হিজাবৰ দাবী তোলা সকল পাকিস্তানলৈ যাব পাৰে বুলিও মন্তব্য কৰে৷তেতিয়াৰে পৰাই আন একাংশ শিক্ষার্থীয়ে গেৰুৱা বসন পৰিধান কৰি কলেজলৈ আহিবলৈ আৰম্ভ কৰে আৰু এনেদৰেই সমগ্ৰ ঘটনাটো পৰিণত হয় হিজাব আৰু গেৰুৱাবসনৰ মাজৰ যুদ্ধ হিচাপে৷এই দৃশ্য মহাত্মা গান্ধী মেম’ৰিয়েল কলেজৰ৷হিজাব পৰিহিতা আৰু গেৰুৱা বসন পৰিহিত শিক্ষার্থীয়ে উত্তাল কৰি তুলিছে কলেজ কেম্পাচ৷দুয়োটা পক্ষৰ মাজত সংঘটিত হয় সংঘর্ষ৷আনহাতে উদাপি জিলাৰ এখন কলেজত শিলাবর্ষণৰ দৃশ্যও এতিয়া চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷
কর্নাটকৰ হিজাব বিতর্কই পৰিস্থিতি ইমান ভয়াৱহ কৰি তুলিছে,যে শিক্ষাবিভাগে তিনিদিনৰ বাবে সকলো উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ ঘোষণা কৰিছে৷ঠাইয়ে ঠাইয়ে স্থানীয় প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা৷উল্লেখ্যযোগ্য , যে হিজাব পৰিধানত জাৰি কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে ৫ গৰাকী ছাত্ৰীয়ে৷আজি ৫ আবেদনৰ ভিত্তিত শুনানী গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে৷বুধবাৰে শুনানী পুনৰ অনুষ্ঠিত হোৱাৰ পিছতেই ৰায় প্ৰদান কৰিব উচ্চ ন্যায়ালয়খনে৷কিন্তু শিক্ষানুষ্ঠানত আৰম্ভ হোৱা এই বিতর্কই এতিয়া ভয়াৱহ সাম্প্ৰদায়িক সংঘর্ষৰ আগজাননী প্ৰদান কৰিছে৷
- Donation -