সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নেহৰুলৈ দোষ ঠেলি আৰু কিমান পলায়ন কৰিব নৰেন্দ্ৰ মোদীয়ে ?

যদি দেশত কংগ্ৰেছ দল নাথাকিলহেঁতেন , তেনেহ’লে কি হ’লহেঁতেন ? এই প্ৰশ্ন নিজেই আলোচনালৈ আনি নিজেই উত্তৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সোমবাৰে লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰত্যু্ত্তৰ দিয়াৰ পাছত আজি ৰাজ্যসভাত বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷  নৰেন্দ্ৰ মোদীৰ অভিযোগ – যেতিয়া কংগ্ৰেছ শাসনত আছিল , তেতিয়া দেশৰ বিকাশ হ’বলৈ নিদিলে ৷ এতিয়া বিৰোধীৰ আসনত থাকিও বিকাশত বাধা দি আহিছে ৷টুকৰে টুকৰে গেঙ , আৰবান নক্সাল আদিৰ দৰে শব্দ ব্যৱহাৰ কৰি মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে মূল্যবৃদ্ধিৰ সময়ত নেহৰুয়ে হাত দাঙি দিছিল , কিন্তু তেওলোক দেশৰ সৈতে থিয় হৈ আছে ৷
লোকসভা আৰু ৰাজ্যসভাত দিয়া দীঘলীয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক সময় আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছ দলক ৷ সদনত তেও বিৰোধীয়ে উত্থাপণ কৰি অহা মূল বিষয়সমূহৰ সলনি এটা নিৰ্বাচনী ভাষণহে আগবঢ়োৱা পৰিলক্ষিত হয় ৷ একেসময়তে এৰাই চলে মুদ্ৰাস্ফীতি , কৰ্মসংস্থাপনহীনতা , কোভিড নিয়ন্ত্ৰণত ব্যৰ্থতা আদি প্ৰসংগ ৷ মুদ্ৰাস্ফীতি সন্দৰ্ভত আত্মপক্ষ সমৰ্থন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ দৰে দেশত যেতিয়া মুদ্ৰাস্ফীতিৰ হাৰে ৭ শতাংশ অতক্ৰম কৰিছে , তেনেসময়ত ভাৰতে ৫.২ শতাংশৰ ভিতৰত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ৷খাদ্য সামগ্ৰীৰ মুদ্ৰাস্ফীতিৰ হাৰ মাত্ৰ ৩ শতাংশ ৷ প্ৰধানমন্ত্ৰীয়ে ১৭ কৌটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অনা বুলি নিজৰ কৃতিত্ব জাহিৰ কৰাৰ লগতে ইউ পি এ আমোলক দোষাৰোপ কৰে ৷ কিন্তু মিঠাতেলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা প্ৰসংগ এৰাই চলে আৰু আকৌ এবাৰ নেহৰুৰ প্ৰসংগ দাঙি ধৰি বিষয়টোৰ পৰা পলায়নৰ চেষ্টা কৰে ৷কৰ্মসংস্থাপন প্ৰসংগতো প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধীয়ে উত্থাপণ কৰি অহা মূল বিষয়ৰ পৰা ফালৰি কাটি আন কেতবোৰ তথ্য দাঙি ধৰাৰ চেষ্টা চলায় ৷ বিৰোধীৰ মূল অভিযোগ আছিল যে বিমুদ্ৰাকৰণ , জি এছ টি , ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্ৰতি চৰকাৰৰ অমনোযোগিতাৰ বাবে নিবনুৱাৰ হাত বিগত ৫০ বছৰৰ ভিতৰত সৰ্বাধিক স্তৰত উপনীত হৈছে ৷ কিন্তু মোদীয়ে পূৰ্বৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে আগৰ চৰকাৰসমূহে এনে এটা ধাৰণা দিব বিচাৰিছিল যে কেৱল চৰকাৰেহে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে ৷ কিন্তু বিজেপি চৰকাৰে সেই পুৰণিকলীয়া ধ্যান ধাৰণাৰ পৰিৱৰ্তন ঘটাই ২১ শতিকাৰ দৃষ্টিভংগীৰে দেশক আগুৱাই নিব বিচাৰিছে ৷তেও আত্মনিৰ্ভৰ অভিযানক সফল কৰিবলৈ চৰকাৰে লোৱা প্ৰচেষ্টাৰ বিষয়েও অৱগত কৰে ৷ কিন্তু মোদীৰ ভাষণৰ পৰা বাদ পৰি ৰ’ল বিমুদ্ৰাকৰণৰ বিফলতা সন্দৰ্ভত চৰকাৰৰ স্পষ্টীকৰণ ৷ মোদীয়ে এইবুলি দাবী কৰে যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহলৈ চৰকাৰে ৩ লাখ কৌটিৰ সাহায্য আগবঢ়াইছে , যাৰ ফলত ২৩ কৌটি লোকৰ জীৱিকা ৰক্ষা পৰিছে ৷মোদীয়ে লগতে ক্ষদ্ৰ কৃষকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ কৃষিখণ্ডৰ সংস্কাৰৰ বাবে লোৱা পদক্ষেপৰ কথা আকৌ এবাৰ উল্লেখ কৰে ৷ বিৰোধীৰ বাধাৰ বাবেই এয়া সম্ভৱ হৈ নুঠিল বুলিও তেও মন্তব্য কৰে ৷

 

 

 

- Donation -

Leave A Reply

Your email address will not be published.