সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

স্বয়ং ‘জয়’ থাকিও জয় নহ’ল ভাৰতৰ !

ক্ৰিকেট বিশ্ব কাপত অষ্ট্ৰেলিয়াৰ হাতত দেওবাৰে ধৰাশায়ী হ’ল ভাৰত।গুজৰাটৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দেওবাৰে বিশ্বকাপ ফাইনেলখন অনুষ্ঠিত হৈছিল।এই ফাইনেল মেচ উপভোগ কৰাৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ প্ৰায়সংখ্যক নেতা।ক্ৰিকেটত ৰাজনীতিকৰণ হোৱাটো নতুন কথা নহয়।২০১৯ চনৰ পৰাই ভাৰতীয় ক্ৰিকেটত ৰাজনীতিৰ প্ৰভাৱ অত্যন্ত বেছি হৈ পৰে। দেওবাৰে ফাইনেল খেল অনুষ্ঠিত হোৱা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামটো ১৯৮২ চনৰ পৰা ২০২১ চনলৈকে আছিল চৰ্দাৰ পেটেল ষ্টেডিয়াম৷কিন্তু ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দ্বিতীয়বাৰলৈ ক্ষমতালৈ অহাৰ পিছত এই ষ্টেডিয়ামটো পুনৰ নিৰ্মাণ কৰা হয় আৰু ইয়াৰ নাম দিয়া হয় নৰেন্দ্ৰ মোডী ষ্টেডিয়াম।এই নৰেন্দ্ৰ মোডী ষ্টেডিয়ামটো ইমানেই বিলাসবহুল আৰু বৃহৎ আকাৰৰ যে বিশ্বৰ বৃহৎ ষ্টেডিয়াম হিচাপে গীনিজ বুকত ইয়াৰ নাম লিপিবদ্ধ হৈছে।এই ষ্টেডিয়ামতে এই খেলখন অনুষ্ঠিত কৰি কাললৈ কীৰ্তি ৰখাৰ এক পৰিকল্পনা কৰিছিল গুজৰাটৰ এই ক্ৰিকেটৰ লবীটোৱে।
উল্লেখ্য যে ২০১৯ চনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে ক্ৰিকেট বৰ্ডৰ সচিব হিচাপে থকা বৰ্তমানৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰথম অমিত শ্বাহক তেওঁৰ পুত্ৰ জয় শ্বাহক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব পদত অধিষ্ঠিত কৰাৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ দিছিল। সেই অনুসৰি ক্ৰিকেট বৰ্ডৰ সচিব পদত অধিষ্ঠিত হৈছিল জয় শ্বাহ।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল ভাৰতীয় ক্ৰিকেট বৰ্ড বিশ্বৰ অন্যতম আঢ্যৱন্ত ক্ৰিকেট বৰ্ড।ইয়াত ধনৰ লেনদেন সবাতোকৈ বেছি হয়।আনহাতে,IPL ৰ অধ্যক্ষৰ দায়িত্বত আছে অৰুণ ধুমল।অৰুণ ধুমল আকৌ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ভাতৃ।আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপ চূড়ান্ত খেল অনুষ্ঠিত কৰি ভাৰত জয়ী হ’লে গুজৰাটী লবীটোৱেই গোটেই ক্ৰেডিটটো ল’ব বিচাৰিছিল।ভাৰত জয়ী হ’বই বুলি একপ্ৰকাৰ নিশ্চিত হৈ থকা লবীটোৱে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত স্বয়ং নৰেন্দ্ৰ মোডীক মুখ্য অতিথিৰূপে নিমন্ত্ৰণ কৰি ,সচিব হিচাপে গুজৰাটী লবীৰে জয় শ্বাহৰ সফলতা জাহিৰ কৰিব বিচাৰিছিল।তদুপৰি গুজৰাট ক্ৰিকেট এছ’চিয়েছনকো একপ্ৰকাৰ বিশ্বৰ দৃষ্টিত প্ৰশংসাৰ পাত্ৰ কৰিব বিচাৰিছিল।দেওবাৰে ভাৰতীয় দলৰ প্ৰদৰ্শনে সমগ্ৰ গুজৰাটী লবীৰ সপোনত চেঁচাপানী পেলালে।আনকি বিজেপি দলে আগন্তুক নিৰ্বাচনত এই বিষয়টোকো এক সফলতা হিচাপে লৈ আগবাঢ়িব বিচাৰিছিল।ভাৰতৰ পৰাজয়ৰ পিছত বহুতেই ক্ৰিকেটৰ ৰাজনীতিকৰণৰ প্ৰসংগটো পুনৰ উত্থাপন কৰিছে৷২০১৫ চনত আৰ এম লোধা কমিটিয়ে এক প্ৰতিবেদন দাখিল কৰিছিল।প্ৰতিবেদনত ক্ৰিকেটক সম্পূৰ্ণৰূপে ৰাজনীতিকৰ কব্জাৰ পৰা মুক্ত কৰাৰ পৰামৰ্শ দিছিল আয়োগে।ভাৰতীয় দলত খেলুৱৈৰ অন্তৰ্ভুক্তি,খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰা ৰাজ্য আদি বহুতবোৰ দিশত ৰাজনৈতিক হস্তক্ষেপ আছে বুলি উল্লেখ কৰিছিল প্ৰতিবেদনত।সকলোতকৈ ডাঙৰ কথাটো হ’ল দেশত ৫ খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বতাহ বলি আছে।ইতিমধ্যে ৩খন ৰাজ্যৰ নিৰ্বাচনৰ অন্ত পৰিছে।এতিয়া তেলেংগানা আৰু ৰাজস্থানত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ বাকী আছে।দেওবাৰে পুৱাৰ ভাগত ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাই আহমেদাবাাদত খেল উপভোগ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হৈছিলগৈ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত।ইতিমধ্যে নিৰ্বাচন অনুষ্ঠিত হোৱা তিনিখন ৰাজ্যতে বিজেপিৰ অৱস্থা শোচনীয়।বাকী থকা ৰাজ্য দুুুখনৰ ভিতৰত তেলেংগানাত বিজেপিৰ অৱস্থা তথৈবচ।ৰাজস্থানত বিজেপিৰ আছে ফিফটি ফিফটি সুযোগ।
কিন্তু দেওবাৰৰ পৰাজয়ে মোডী বাহিনীক কিছু পৰিমাণে সন্ত্ৰষ্ট কৰিছে কিয়নো বহুতেই বিশ্বাস কৰে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

Leave A Reply

Your email address will not be published.