ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত উপাচাৰ্য সকলৰ বৈঠক

Share This Article

দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা” এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ”য়ে ২১ আৰু ২২ নৱেম্বৰত  গুৱাহাটীত ‘পূব মণ্ডলৰ উপাচাৰ্যসকলৰ বিশেষ বৈঠকৰ আয়োজন কৰিছে। অসম ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ দ্বাৰা আয়োজিত এই বৈঠকৰ বিষয়বস্তু হৈছে “উচ্চ শিক্ষাৰ সৈতে ভাৰতীয় জ্ঞান প্ৰণালীএকত্ৰিত কৰা।” দুদিনীয়া এই বৈঠকত আলোচনা কৰা হ’ব সামগ্ৰিক বিকাশৰ বাবে শিক্ষণ-শিক্ষণৰ বাবে ভাৰতীয় জ্ঞান প্ৰণালী-আধাৰিত পদ্ধতি ব্যৱহাৰ কৰা, বহনক্ষম বিকাশত ভাৰতীয় জ্ঞান প্ৰণালী, ভৱিষ্যত শিক্ষাৰ বাবে ভাৰতীয় জ্ঞান প্ৰণালী ।এআইইউৰ প্ৰধান সচিব পংকজ মিট্টলয়ে সভাপতিত্ব কৰিবলগীয়া এই বৈঠকত ঝাৰখণ্ড, বিহাৰ, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰ-পূবৰ সকলো ৰাজ্যকে ধৰি পূব মণ্ডলৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ৫০ জনতকৈও অধিক উপাচাৰ্যই অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব শিক্ষা মন্ত্ৰী ৰনোজ পেগু আৰু বিশেষ অতিথি হিচাপে উপস্থিতি থাকিব মন্ত্ৰী জয়ন্ত মল্ল’ বৰুৱা। বিশিষ্ট অতিথি ৰূপে উপস্থিতি থাকিব ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা ননী গোপল মহন্ত। অনুষ্ঠানৰ দ্বিতীয় দিনা বিশেষ বক্তা হিচাপে উপস্থিত থাকিব ৰাজ্যৰপাল গুলাব চান্দ কাটাৰীয়া। এই অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পদ্ম বিভূষণ তথা সাংসদ ডঃ সোনাল মান সিং। উদ্ধোধনী অনুষ্ঠানৰ পূর্বে উত্তৰ পূৱৰ ক’লা সংস্কৃতি উদ্ভাসিত এক বিশেষ সংগ্ৰহালয় মুকলি কৰা হ’ব।সংবাদ মাধ্যমক সম্বোধন কৰি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ এছ পি সিংয়ে কয় যে বিশ্ববিদ্যালয়খনৰ বাবে এইয়া এক গৌৰৱৰ বিষয় আৰু এআইইউক এই সুযোগ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুদিনীয়া এই বৈঠকত ভাৰত চৰকাৰ, উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা সমূহৰ বিশেষজ্ঞসকল বিশেষ বক্তা হিচাপে উপস্থিত থাকিব।এআইইউৰ প্ৰধান সচিব পংকজ মিট্টল, এআইইউৰ উপ-সভাপতি বিনয় কুমাৰ পাঠকেও সংবাদ মাধ্যমক সম্বোধন কৰে।বিশ্ববিদ্যালয়ৰ আন এক অনুষ্ঠানত আজি অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলৰ বাবে নৱনির্মিত ক’মন ৰুম মুকলি কৰে এ আই ইউৰ প্ৰধান সচিব পংকজ মিট্টলয়ে।

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.