সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সমীক্ষাৰ ঢৌ I.N.D.I.Aৰ ফালে !

যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই কোন দলে কিমান আসন পাব তাক লৈ বৃদ্ধি পাইছে জল্পনাকল্পনা।বিভিন্ন সংস্থাই চলাইছে নিৰ্বাচনী সমীক্ষাও।দেশত মুঠ লোকসভাৰ আসন আছে ৫৪৩ খন।এই ৫৪৩ খন আসনৰ এক সমষ্টিভিত্তিক অপিনিয়ন প’লৰ তথ্য ৰাজহুৱা কৰিছে লাইভ টেক হিন্দী নামৰ এটা সংস্থাই।লাইভ টেক হিন্দীৰ তথ্য অনুসৰি সমগ্ৰ দেশত বৰ্তমান ইণ্ডিয়া মিত্ৰজোঁটৰ সপক্ষে বতাহ বলিছে।সেই অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটে ২৮৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।দেশত চৰকাৰ গঠন কৰিবলৈ ২৭২খন আসনৰ প্ৰয়োজন।সংস্থাটোৰ অপিনিয়ন প’ল অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰবল।সমীক্ষা অনুসৰি উত্তৰ প্ৰদেশৰ মুঠ ৮০ খন আসনৰ ভিতৰত NDA মিত্ৰজোঁটে ৫২ খন আৰু ইণ্ডিয়া মিত্ৰজোঁটে ২৮ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।পশ্চিম বংগত আছে মুঠ ৪২ খন আসন৷ইয়াৰে ১১খন আসন NDA ই আৰু ইণ্ডিয়াই মুঠ ২৯ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷মহাৰাষ্ট্ৰত মুঠ ৪০ খন আসনৰ NDA ই ১৯ আৰু ইণ্ডিয়াই ২৯ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।তামিলনাডুত মুঠ ৩৯ খন আসনৰ ইণ্ডিয়াই ২৮ খন আৰু NDA ই ৯ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷মধ্য প্ৰদেশত NDA ই ১৬ খন আৰু ইণ্ডিয়াই ১৩খন আসন লাভৰ সম্ভাৱনা আছে।পঞ্জাৱত মুঠ ১৩ খন আসনৰ ইণ্ডিয়াই ১১ খন আৰু NDA ই ২ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷অন্ধ্ৰ প্ৰদেশত মুঠ ২৫ খন আসনৰ NDA ই ২ খন ,ইণ্ডিয়াই ৫ খন আৰু অন্যান্যই ১৮ খন আসন লাভৰ সম্ভাৱনা আছে।তেলেংগানাত NDAই ৩ খন আসন লাভ কৰাৰ বিপৰীতে ইণ্ডিয়াই ১৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।হাৰিয়ানাৰ মুঠ ১০ খন আসনৰ NDA ৰ ৬ আৰু ইণ্ডিয়াই ৪ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।ছত্তীশগড়ত NDA ই ৩ খন আৰু ইণ্ডিয়াই ৮ খন আসন লাভৰ সম্ভাৱনা আছে।ৰাজস্থানত ইণ্ডিয়াই ১৫ খন আসন লাভ কৰাৰ বিপৰীতে NDA ই ১০ খন আসন লাভ কৰিব বুলি সম্ভাৱনা ব্যক্ত কৰিছে।বিহাৰত NDA ই ১৬ আৰু ইণ্ডিয়াই ২৪ খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে অপিনিয়ন প’লটোৱে।উৰিষ্যাত NDA ২ খন,ইণ্ডিয়াই ৪ খন আৰু অন্যান্যই ১৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।কেৰালাত ২০ খন আসনৰ ৪ খনত NDA আৰু ১৬ খনত ইণ্ডিয়াই জয়লাভ কৰাৰ সম্ভাৱনা আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গুজৰাটৰ মুঠ ২৬ খন আসনৰ ২১খনত NDA আৰু ৫ খনত ইণ্ডিয়া মিত্ৰজোঁটে জয়লাভ কৰাৰ সম্ভাৱনা আছে।আনহাতে,উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ক্ষেত্ৰত অসমৰ ১৪ খন আসনৰ ৯ খনত NDA ই আৰু ৫ খনত ইণ্ডিয়াই লাভ কৰাৰ ইংগিত দিছে সমীক্ষাটোৱে।মণিপুৰৰ দুয়োখন আসনেই ইণ্ডিয়া মিত্ৰজোঁটৰ দখললৈ অহাৰ বিপৰীতে ত্ৰিপুৰাৰ দুয়োখন আসন NDA ৰ অধীনলৈ যোৱাৰ ইংগিত দিছে।মেঘালয়ৰ দুখন আসনৰ এখন NDA আৰু আনখন ইণ্ডিয়াই পোৱাৰ সম্ভাৱনা আছে।অৰুণাচল প্ৰদেশৰ দুখন আসনৰ এখন ইণ্ডিয়া আৰু আনখন NDAই লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে সমীক্ষাটোৱে।আনহাতে নাগালেণ্ডৰ এখন মাত্ৰ লোকসভাৰ আসন আছে আৰু এই আসনখন ইণ্ডিয়াৰ পক্ষত অহাৰ সম্ভাৱনা আছে।ঠিক সেইদৰে ছিক্কিমৰ আসনখন NDA ৰ দখললৈ যোৱাৰ সম্ভাবনা আছে।৬ খন কেন্দ্ৰীয় শাসন ৰাজ্যৰ ৬ খন আসনৰ ৩ খনত NDA ই আৰু আন ৩ খনত ইণ্ডিয়া মিত্ৰজোঁটে জয়লাভ কৰাৰ সম্ভাৱনা আছে।গোৱাৰ ২ খন আসনৰ দুয়োখনেই NDA ৰ পক্ষত যোৱাৰ সম্ভাৱনা আছে।আনহাতে,দিল্লীত লোকসভাৰ আসন আছে ৭ খন। ইয়াৰে ৪ খন NDA ই আৰু ৩ খন ইণ্ডিয়াৰ দখললৈ যোৱাৰ ইংগিত দিছে সংস্থাটোৱে।

Leave A Reply

Your email address will not be published.