সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক কালীন সাহার্য্য প্রদান কৰিলে, সেইয়া আচলতে এক প্রাক নির্বাচনী বিজ্ঞাপন কেন্দ্রিক কুচকাবাজহে যেনহে লাগে। আচলতে সমস্যাটো বহুতেই পুৰণি। এইযে জাতীয় সাংস্কৃতিৰ ধাৰনাটি তচ নচ কৰি পেলোৱা। ‘কা’ৰ দৰে জাতি বিদ্বেষী আইন জাপি দি থলুৱা মানুহৰ অস্তিত্ব বিপদাপন্ন কৰি তোলা, এইবোৰ ৰাষ্ট্রযন্ত্রই একো একোটা বৃহৎ ৰাজনৈতিক সন্ধি।জাতীয় সংস্কৃতি নেথাকিলেই নেথাকিব সামাজিক বান্ধোন। সামাজিক বান্ধোন নেথাকিলেই খণ্ড-বিখণ্ড হৈ পৰিব এক জাতি। আৰু সামাজিক-সাংস্কৃতিক-ভাষিক পৰিচয়হীন জাতিয়ে নিজৰ আধিকাৰেই বা দাবী কৰিব কেনেকৈ? উদাহৰণ তেনেই কাষতেই আছে। ত্রিপুৰালৈ চাওক। থলুৱা মানুহৰ সম্পদ, সংস্কৃতিৰ ওপৰত যদি অধিকাৰেই নেথাকে তেন্তে শাসনযন্ত্ৰৰ বাবে শোষন কৰাৰ পথ একেবাৰেই মসৃন হৈ পৰে। তাৰ ফলস্বৰূপেই মহামাৰীৰ গইনালৈ ‘পৰিবেশ প্ৰভাৱ মূল্যায়ণ’ (EIA) ৰ জৰিয়তে বনাঞ্চলক পুঁজিপতিৰ হাতত দিবলৈ আগবাঢ়ে আৰু থ্লুৱাৰ হৈ মাত মতা মানুহক মাহ মাহধৰি ভৰাই থোৱা হয় জেলত।

নাচ, গান, নাটক, অভিনয় কেতিয়াও একমাত্র বিনোদন বা ৰাজনৈতিক সভাত মানুহ গোটোৱাৰ আহিলা নাছিল। উপনিবেশিক শাসনৰ আগচোৱাৰ ইতিহাস চালেই বুজিব পাৰি সাংস্কৃতিক ধাৰাবোৰ আছিল একান্তই ৰাজনৈতিক। কিন্তু ইয়াক খাটি খোৱা মানুহৰ হাতৰ পৰা হাইজেক কৰি মাত্র এক এলিট শ্ৰেণীৰ বিনোদনৰ আহিলা কৰি পেলোৱা হ’ল। অসমৰ ক্ষেত্ৰতে চাওক, এইযে বিহু-সত্রীয়া-ভাওনা আদিক মাত্র অসমীয়া মধ্যবিত্তৰ আমোদৰ আহিলা কৰি পেলোৱা। মাঘৰ বিহুক প্ৰচাৰ মাধ্যমৰ জৰিয়তে আর্বান উইন্টাৰ ফেস্টিভেললৈ পৰিণত কৰা। এইবোৰ একো একোটা বৃহৎ সাংস্কৃতিক ৰাজনীতিৰেই অংশ। বিভিন্নতাবাদক বৈষম্যতাৰ ৰাজনীতিৰে বশ কৰি, ক্ষুদ্র, ক্ষুদ্র জাতি জনগোষ্ঠীৰ সংস্কৃতিক বহিঃপ্রকাশক মষিমূৰ কৰি একক জাতীয় চেতনাৰ প্রতি আকর্ষিত কৰি তোলাটোৱেই এতিয়াযেন ৰাষ্ট্রযন্ত্ৰৰ এজেণ্ডা। এসময়ত প্রাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত বাথৌ পূজাৰ বিষয়ে পঢ়িছিলো, পঢ়িছিলো নামনি অসমৰ ভঠেলি উৎসৱ, মহহ’ আৰু ওজাপালিৰ বেউলা লক্ষীন্দাৰৰ কাহিনী। এইবোৰ পঢ়ি আমি যে কেৱল ৰস পাইছিলো তেনে নহয়। আমি শিশু অবস্থাতেই জানিব পাৰিছিলো যে অসম নামৰ এই ধাৰনাটোৱে মাত্র এটা ভাষা, এটা সংস্কৃতিক প্রতিনিধিত্ব নকৰে। ই প্রতিনিধিত্ব কৰে বহু সৰু বৰ সংস্কৃতি আৰু ভাব-ভাষাক। কিন্তু এই পাঠ্যক্ৰম সমূহ লাহে লাহে গায়েব কৰা হৈছে I তাৰ সলনি প্রজেক্ট কৰা হৈছে একক ৰাষ্ট্ৰীয় সংস্কৃতি, একক ভাষা আৰু একক ধাৰণা।

- Donation -

কিন্তু কথা হ’ল এনে সাংস্কৃতিক প্রশ্নবোৰ ৰাজনৈতিক প্রশ্ন নহয় কিয়? মাত্র মহামাৰী আৰু বানপানীৰ নামত দয়া কৰি এককালীন সাহার্য্য প্রদান কৰিলেই এইসকল শিল্পীৰ প্ৰতিভাৰ উচিত মূল্যায়ন হয় নেকি? তেওঁলোকক শ্রদ্ধা সহকাৰে নিজৰ কলাচর্চা কৰি জিয়াই থাকিবলৈ আমাৰ চৰকাৰে কেইটা শিক্ষা-সাংস্কৃতিক কেন্দ্র খুলি দিলে ? যি কেইটা খুলি দিলে তাতো ভোটৰ অংক I

কথাখিনি মনলৈ আহিছে অলপতে সুৰ সমলয় কলা সংস্থান নামৰ এক অনুষ্ঠানে কৰা কিছুসংখ্যক তথ্য- চিত্রক লৈ। ফ’ক ষ্টোৰিজ নামেৰে নির্মাণ কৰি উলিওৱা এই ৬ টা খণ্ডৰ তথ্যচিত্রৰ ধাৰাবাহিক খনিত এনে কিছু শিল্পী আৰু তেওঁলোকৰ শিল্পৰ কথা আলোচনা কৰা হৈছে যি সকল আজি অসমীয়া মধ্যবিত্তীয় ধাৰনাত গঢ়ি উঠা সাংস্কৃতিক উদ্যোগৰ পৰা তেনেই আঁতৰত। তথাপিও কিন্তু স্থানীয় অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত যোগাই আহিছে বিশেষ অৰিহণা। তেনে এজন শিল্পী হ’ল গোলাঘাট জিলাৰ কমাৰবন্ধা অঞ্চলৰ মেহু বৰা। সৰুৰে পৰাই অভাৱ অনাটনৰ মাজেৰে ডাঙৰ হোৱা বৰাই ঘৰ চলোৱাৰ কোনো উপায় নথকাত তেওঁ জনা লোকবাদ্য নির্মাণশৈলীকে লৈ পেচাঁ হিচাপে আগবাঢ়ি গ’ল আৰু এতিয়া ই এক ব্যবসায়লৈ ৰূপান্তৰিত হ’ল। অৱশ্যে লোকবাদ্য নির্মাণ আৰু বিক্রী কৰি পুঁজিপতি হোৱাৰ লালসা মেহু বৰাৰ নাই। বৰঞ্চ এই কামৰ বাবে আছে তেওঁৰ গভীৰ ৰাপ। তেওঁৰ দৰে শিল্পীৰ এটাই আশা, কেতিয়াবা যদি ভাল চৰকাৰ এখন আহে আৰু এনেবোৰ থলুৱা শিল্পকৰ্মৰ বাবে এখন জাতীয় বজাৰ সৃষ্টি কৰে।

ধাৰাবাহিকৰ দ্বিতীয় খন্ডটোত আমাক চিনাকি কৰি দিছে শিৱসাগৰ জিলাৰ দিচাংমুখ অঞ্চলৰ সাংস্কৃতিক কর্মী তথা গায়ক বীৰেন সিং মিলিক। মিচিং লোকসংস্কৃতি কি বুলি ক’লে আমাৰ বেছিভাগেই চাগে ঐনিতমৰ বাহিৰে বিশেষ সংস্কৃতিক ধাৰাৰ কথা ক’ব নোৱাৰিম। পাৰিমেই বা কিয়? ইয়াৰ প্রায়বোৰেই এতিয়া অসমীয়া মধ্যবিত্তৰ সাংস্কৃতিক কল্পনাৰ বাহিৰতেই চাগে! পিছে বীৰেন সিং মিলিয়ে এফালৰ পৰা চিনাকি কৰি দিছে; ল’লে, গুমৰাগ, জেয়াৰ নিত:ম, টেব’টেক্যাং আদিৰ দৰে অসমীয়া জাতীয় সংস্কৃতিৰ মাজতে থকা কিছুমান সংস্কৃতিক ধাৰা। মাজে মাজে কৈছে দিচাঙমুখ কেন্দ্রিক সংস্কৃতিক চেতনাৰ কথা, গণশিল্পী বিক্রম সিং য়েইনৰ কথা, মিচিং জনগোষ্ঠীৰ সাংস্কৃতিক উত্থান পতনত মিচিং স্বায়ত্ব শাষিত পৰিষদৰ কথা। দিচাঙমুখত এতিয়া বান। দিচাঙমুখ বাসীৰ প্রতিবাৰিষাৰ অভিশাপ এইয়া। বীৰেন সিং মিলিয়ে কৈছে তেওঁলোকক সাহাৰ্য্যৰ নামত দয়া আৰু পুতৌৰ ৰাজনীতি নেলাগে। লাগে এক স্থায়ী সমাধান। বানে যেনেদৰে দিচাংমুখ খহাইছে, তাকে চাই লাগে যেন কিছুবছৰৰ পিছত নেথাকিব চাংঘৰবোৰ, নেথাকিব ঐনিতম, ল’লে আৰু টেব’টেক্যাংৰ সুৰবোৰ।

অসমীয়া লোকসংস্কৃতিত দিহানাম আৰু টোকাৰীগীত চর্চাৰ আছে এক বিশেষ পৰিসৰ। মূলতঃ গ্রাম্য জীৱনৰ উপজীব্যক লৈ সৃষ্টি হোৱা টোকাৰী গীত আৰু দিহানাম বর্তমান সময়ত নগৰীয়া সংস্কৃতিৰো এক বিশেষ অংশ। বিংশ শতিকাৰ আৰম্ভণিতে অসমত আৰম্ভ হোৱা কেছেট-ভিচিডি কেন্দ্রিক উদ্যোগটো টোকাৰী গীত দিহানামে বিশেষ জনপ্রিয়তা অর্জন কৰিছিল। যদিওবা এই দুই সংস্কৃতিৰ জনপ্রিয়তা এতিয়াও বহুলাংশে লাঘৱ হোৱা নাই তথাপি ইয়াৰ ইতিহাস তথা পৰিবেশন প্রণালী সম্পর্কে চকুত পৰা অধ্যয়ন নাই বুলিবই পাৰি। অধিকাংশ লোকৰেই ধাৰণা যে ১৫-১৬ শতিকাৰ শঙ্কৰদেৱৰ এক শৰণ নাম ধর্মৰ সমসাময়িক ভাবেই টোকাৰী গীত আৰু দিহানামৰ উদ্ভব। কিন্তু ফ’ক স্টোৰীৰ তৃতীয় খণ্ডত দিহানাম আৰু টোকাৰী গীতৰ জনপ্রিয় শিল্পী কমলা গগৈৰ মতে বুৰঞ্জীয়ে ঢুকি নোপোৱা কালতেই এই দুই সাংস্কৃতিক ধাৰাৰ সৃষ্টি। তেওঁৰ মতে পুৰণি দিহানাম আৰু টোকাৰী গীত সমূহ আছিল মূলতঃ কৃষি ভিত্তিক গ্রাম্য জীৱনৰ মূর্ত প্রকাশ। অৱশ্যে ১৫-১৬ শতিকাৰ ভক্তি আন্দোলনৰ সময়ত দিহানাম আৰু টোকাৰী গীত ভক্তিমার্গলৈ আহে বুলি তেওঁ স্বীকাৰ কৰে। যোৰহাট খনামুখ অঞ্চলৰ নিবাসী শিল্পী কমলা গগৈৰ বাবে দিহানাম আৰু টোকাৰীগীত চর্চা নিচা আৰু পেচা। অৱশ্যে এনে ধৰণৰ গঞা আৰু কম গ্লেমাৰাছ সংস্কৃতিক চৰ্চাৰ প্রতি ৰাইজ তথা চৰকাৰে দেখুওৱা পুতৌ জনক স্থিতিয়ে তেওঁক মাজে মাজে অপ্রস্তুত কৰি তুলে।

ধাৰাবাহিকৰ চতুর্থ খণ্ডটিয়ে এইকথা আমাক বাৰুকৈয়ে ভাবিবলৈ বাধ্য কৰায় যে আচলতে যোৱা ২০-২৫ বছৰত আমি কিমান সৰু বৰ সাংস্কৃতিক ধাৰা হেৰুৱাই পেলাইছো! ইয়াৰ বাবে দায়ী কোন? সময়? নে আমি মানুহবোৰ? যোৱা ৫-১০ বছৰত অসমত সংবাদমাধ্যমৰ অভূতপূর্ব উত্থান হ’ল। শিক্ষখণ্ডত আহিল সাংস্কৃতিক অধ্যয়ন, পৰিবেশ্য কলাৰ দৰে পাঠ্যক্রম। সঙ্গীত নাটক একাডেমীৰ দৰে অনুষ্ঠানে হাজাৰ বিজাৰ আলোচনা চক্র পাতিলে। কিন্তু কেতিয়াবা আমি শুনিবলৈ পালোনে এটা অসমীয়া বাউল, অসমীয়া গজল? হয়। এটা সময়ত আমাৰ মাজতে থকা অসমীয়া মুছলমান সমাজৰ এইবোৰ জনপ্রিয় সংস্কৃতি আছিল। কিন্তু কথা হ’ল এইবোৰ সংস্কৃতি জানি বুজি পাহৰি যাবলৈ দিয়া হৈছে নেকি? নে ৮০ৰ দশকৰে পৰা চলি অহা অসমৰ পৰিচয় কেন্দ্রিক ৰাজনীতিৰ মেৰপাকত সোমাই এই ক্ষুদ্র ক্ষুদ্র সাংস্কৃতিক সমলবোৰ নাইকিয়া হৈ গৈছে? ফ’ক স্ট’ৰিজৰ চতুর্থ খন্ডটিয়ে আমাক এনেবোৰ কথাই উনুকিয়াই দিছে আৰু নতুনকৈ চিনাকি কৰি দিছে অসমীয়া মুছলমান সমাজৰ বহুসংখ্যক সংস্কৃতি আৰু ইতিহাস। এই সংস্কৃতিৰ গৱেষক চৈয়দ হাকিকুৰ ৰহমানৰ মতে ১৬ শতিকাৰ আজান পীৰৰ আগমন আৰু সেই সময়ৰ আহোম ৰজা সকলৰ সহযোগত যি এক বৈচিত্রময় সাংস্কৃতিক জাতীয়তাবাদ গঢ় লৈ উঠিছিল সেইয়াই আছিল সমন্বয়ৰ ধাৰনা। তেওঁ এই কথা কৈ দুখ প্রকাশ কৰে যে আজিলৈকে আজান পীৰৰ দৰে শিল্পীৰ ওপৰত সুসঙ্গবদ্ধ গৱেষণা নাইবা এটা সংগ্রহালয় গঢ় লৈ নুঠিল। অসমৰ কোনো এখন বিশ্ববিদ্যালয়ে পীৰজনাৰ নামত এখন আসন প্রতিষ্ঠা কৰিব নোৱাৰিলে। কথাখিনি অবশ্যেই চিন্তাজনক! যি সময়ত আমি জিকিৰ-জাৰি, মর্শিয়া, কচিদা, অসমীয়া গজল আদিৰ ওপৰত কোনো ধাৰণৰ গবেষণাই কৰি উলিয়াব নোৱাৰিলো। অথচ: তেনেসময়তে চৈয়দ আব্দুল মালিকৰ দৰে অসমীয়া সাহিত্যিকৰ অৱদানক লৈ তাচ্ছিল্য কৰিব পৰা বহু নেতাৰেই ৰাজনৈতিক কেৰিয়াৰ নির্মাণ কৰি দিলো। সি যি কি নহওক চতুর্থ খণ্ডটিৰ মূল আকর্ষণেই হ’ল বিহুগীতৰ সুৰত গোৱা জিকিৰ, নামঘোষাৰ দৰে লগা মর্শিয়া গীতসমূহ আৰু কাৰবালাৰ শ্বহীদক সুঁৱৰি গোৱা এশ শতাংশই অসমীয়া জাৰি গীত সমূহ।

অসমৰ জাতীয় জীৱনত বাৰে বাৰে নিজকে খিলঞ্জীয়া বুলি সময়ৰ পৰীক্ষাত অৱতীৰ্ন হৈ থাকিবলগীয়া জাতিটোৱেই হ’ল চাহ জনগোষ্ঠী। উপনিবেশিক শাসনকালৰ চাহ খেতিত কাম কৰাবৰ বাবে অসমত সোনৰ গছ গজিছে বুলি ফাঁকি দি যদিওবা তেওঁলোকক অসমলৈ অনা হৈছিল, তথাপি সময়ৰ সোঁতত এই জাতিগোষ্ঠীৰ সকলো লোকেই কিন্তু অসমকে নিজৰ ঘৰ বুলি ভাবিবলৈ আৰম্ভ কৰিলে। অসমৰ মাটি আৰু জলবায়ুত ধূসৰিত হৈ হৈ পৰিল এশ শতাংশ অসমীয়া। কিন্তু বাৰে বাৰে অসমৰ মধ্যবিত্তীয় ৰাজনীতিয়ে তেওঁলোকৰ পৰিচয় বিচাৰে। ফ’ক স্টোৰী ধাৰাবাহিকৰ পঞ্চম খন্ডটিত শিল্পী ভদ্র ৰাজোৱাৰে এনেবোৰ প্রশ্নকেই বাৰে বাৰে কৰিছে। তেওঁ কৈছে যে জনসংখ্যাৰ চাহ জনগোষ্ঠী সমাজত কোটিৰ ঘৰত মানুহ আছে যদিও আজি পর্যন্ত অসমীয়া জাতিৰ সাংস্কৃতিক ছবিখনত কিয় তেওঁলোকৰ প্রতিনিধিত্ব নাই? যি খন ৰাজ্যত চৰকাৰে ‘চট পূজাৰ’ বাবে চৰকাৰী বন্ধ ঘোষণা কৰিব পাৰে। সেইখন ৰাজ্যৰ জাতীয় অর্থনীতি তথা সমাজ জীৱনত অভূতপূর্ব অৰিহণা যোগোৱা চাহ জনগোষ্ঠীৰ কোনো এটা উৎসবত চৰকাৰী বন্ধ নাই কিয়? এনেবোৰ প্ৰশ্নৰ মাজে মাজে কিন্তু তেওঁ জাতীয় দায়িত্ব বুলিয়েই জনগোষ্ঠীটোৰ সাংস্কৃতিক ধাৰাসমূহক লৈ নিজে চর্চা কৰাৰ ওপৰিও, নতুন প্ৰজন্মৰ ভালেমান যুৱক যুবতীক ইয়াৰ শিক্ষাপ্রদান কৰিছে I এই খন্ডটিত শিল্পী ৰাজোৱাৰে আমাক চিনাকি কৰি দিছে জনগোষ্ঠীটোৰ পৰিচয় ধৰি ৰখা ঝুমুৰ গীত, ডমকচ, ভীমচড়িয়া, খেমতা, পাতাছলীয়া, অডাৰটিয়া, টুচু পৰবৰ গীত, চহৰাই পৰবৰ জাহালি গীত আৰু বহুতো কৃষ্টি। চাহ জনগোষ্ঠী লোকজীবনৰ উপাদানেৰে ভৰপূৰ হৈ থকা এই সমলবোৰক লৈ আমি আজিলৈকে যিমান ৰোমান্টিচাইজ আৰু একজ্যটিচাইজ কৰিছো, তাৰ পৰিমাণ চাগে ইয়াৰ ওপৰত কৰা ভাল গৱেষণাতকৈ বেছিয়েই হ’ব।

ফ’ক স্টোৰিজৰ ষষ্ঠ তথা অন্তিম খন্ডটিত আমি দেখিবলৈ পাইছো অভাৱ অনাটনে জুৰুলা কৰা অথচ তাকে লৈ জীৱনটো উদযাপন কৰি অহা ঢুলীয়া শিল্পী তুলসী ওজা আৰু দেবেন পালি। এসময়ত তুলসীৰ ঢোলৰ ৰগৰ দেখি মঘাই ওজাই আচৰিত হৈ নিজৰ শিষ্য হিচাপে গ্রহণ কৰিছিল আৰু পিছলৈ ওজা তুলসী হৈ পৰিছিল অসমৰ ঢুলীয়া ওজা শিল্পৰ এক জনপ্রিয় নাম। আজি ৮০ বছৰ বয়সতো তুলসী ওজাই যেতিয়া ৰুগীয়া দেহাৰে ঢোলৰ মাৰিদাল হাতত তুলি লয়, তেওঁ হৈ পৰে চেঙেলীয়া ল’ৰা। এফালৰ পৰা পৰিবেশন কৰি যায় গুৰুঘাট, বন্দনা, খোলৰ ৰাগ, টেলতুপি চেও, লুহুৰি বতাহ, থুনিক বতাহ, আৰু বহুতো। মাজে মাজে আকৌ ঢোলটে বজাই দেখুৱাই ৰেলগাড়ীৰ যাত্রা আৰু নিজৰ জীৱন বৃত্যান্ত। অসমত কেৱল বিয়া সবাহত ঢুলীয়া ওজা পৰিবেশন কৰি জীয়াই থকা সকলৰ আর্থিক অৱস্থা কি তাক লৈ দুনাই কোৱাৰ প্রয়োজন নাই। কিন্তু এই শিল্প মাধ্যমসমূহৰ জৰিয়তে তেওঁলোকে যে নিজৰ অভাৱী জীবনটোক হাঁহি হাঁহি উদযাপন কৰে, নিজৰ জীৱনৰ সাধাৰণ ঘটনাবোৰকেই যে আনৰ হাঁহিৰ খোৰাক হ’বলৈ এৰি দিয়ে। আপাততঃ দৃষ্টিত অতি সাধাৰণ যেন লাগিলেও আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰিব পৰাকৈ কিন্তু এইবোৰেই আছিল আমাৰ নিজা সংস্কৃতি। কিন্তু শিক্ষা-দীক্ষা-অৰ্থৰে টনকিয়াল হৈ এক ‘ক্লাছ’ ডেভেলপ কৰাৰ পিছত আমি এনেবোৰ মাধ্যমক একেবাৰেই পাহৰি পেলাইছো।পাহৰি পেলাইছো লোকশিল্পীৰ অৱস্থাৰ কথা। কেতিয়াবা এই কথাবোৰ একো একোটা মুখ্য ৰাজনৈতিক ইছ্যু হৈ উঠিবনে?

বিদ্যায়তনিক দিশৰ পৰা চাবলৈ গলেও সুৰ সমলয় কলা সংস্থানৰ এই কামে সাংস্কৃতিক অধ্যয়ন আৰু প্ৰলেখন ক্ষেত্ৰত এক বাট মুকলি কৰি দিছে বুলি ক’ব পাৰি। যদিওবা শিল্প আৰু শিল্পীয়েই তেওঁলোকৰ বিষয়, তথাপি সাধাৰণ সামাজিক মানুহ হিচাপে শিল্পীৰ জীবনাবৃত্তক তেওঁলোকে অতি সুন্দৰ ৰূপত উপস্থাপন কৰিছে। শিল্প-সংষ্কৃতি ভাল পোৱা নাইবা শিল্পী-সংস্কৃতিবান সকলে ফ’ক স্টোৰিজৰ এই ৬ টা খণ্ড চাই যথেষ্টখিনি চিন্তাৰ সমল পাব বুলি বিশ্বাস।

Leave A Reply

Your email address will not be published.