শ্ৰীনগৰৰ লাল চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ভুৱা ছবি প্ৰচাৰ বিজেপি নেতাৰ

Share This Article

কৰ’নাৰ ভয়াবহতাৰ মাজতে যোৱা কালি ভাৰতবাসীয়ে পালন কৰিলে ৭৪ ত্বম স্বাধীনতা দিৱস।

ইয়াৰ লগে লগে ভাৰতৰ সীমান্তৰ পৰা সমুদ্ৰ পাৰলৈকে বিভিন্ন স্থানৰ পতাকা উত্তোলনৰ বিভিন্ন দৃশ্যৰ ফটো আৰু ভিডিঅ’ও ছ’ছিয়েল মিডিয়াত ব্যাপক ভাবে প্ৰচাৰিত হৈছে।

এনে এখন ছ’ছিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱা ফটোৱে বৰ্তমান খলকনি তুলিছে এতিয়া সামাজিক মাধ্যমত। এই বিশেষ ফটো খন বিজেপিৰ নেতা কপিল মিশ্ৰৰ লগতে আন বহুতো নেতাই প্ৰচাৰ কৰিছে নিজৰ social media profile ত।

Photo courtesy: The Wire

ছ’ছিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ হোৱা এই ফটোখন শ্ৰী নগৰৰ লাল চক ৰ।ফটোখনত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লাল চকৰ এটা টাৱাৰত উৰি থকা দেখা গৈছে।

ইয়াৰ পিছতে আৰম্ভ হৈছে বিতৰ্কৰ। কিয়নো জম্মু কাশ্মীৰৰ একাংশ সাংবাদিক আৰু সচেতন লোকে ছ’ছিয়েল মিডিয়াত দিয়া ফটো আৰু ভিডিঅ’ৰ পৰা কালিৰ দিনটোত লাল চক আন এক ছবিহে ফুটি উঠিছে।

ছ’ছিয়েল মিডিয়াৰ সেই ভিডিও তথা ফটো অনুসৰি কালি জম্মু আৰু কাশ্মীৰত আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱাহে দেখা গ’ল।চাৰিওফালে দেখা পোৱা গ’ল জনশূন্য ৰাজপথ। ইণ্টাৰনেট সংযোগ কিছু ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ল।

ইয়াৰ পিছতে বিজেপিৰ একাংশ নেতাই প্ৰচাৰ কৰা সেই ফটো ভুৱা বুলিও বহুতো লোকে ছ’ছিয়েল মিডিয়াত দাবী কৰিছে।

The Wire নামৰ ৱেব পৰ্টেল এটাৰ ফেক্ট চেকিংত শ্ৰীনগৰৰ লাল চকত ৰাষ্ট্ৰীয় পতাকা উৰি থকাৰ সেই ফটো ভুৱা বুলি জানিব পৰা গৈছে।

ৱেব পৰ্টেলটোৰ মতে ফটোখন ২০১০ চনৰ । ফটোখন এটা ব্লগৰ পৰা লোৱা হৈছে। ফটোখন প্ৰকৃততে আছিল জনশূন্য লাল চকৰ। ৱেব পৰ্টেলটোৰ মতে সেই জনশূন্য লাল চকৰ ফটোখনত কৃত্ৰিম ভাবে ৰাষ্ট্ৰীয় পতাকাৰ ফটো সংযোজন কৰি দিয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.