সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যুৱ সাংবাদিক সন্থা,অসমৰ বঁটা ঘোষণা

ৰাজ্যৰ সমূহ সাংবাদিকৰ সুৰক্ষা আৰু নায্যতাৰ লগতে যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমে বিগত বৰ্ষৰ দৰে এইবাৰো ২০২৪ চনৰ ১০ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ দিনা ৰাজ্যৰ সংবাদক্ষেত্ৰখনত দীৰ্ঘদিনে সেৱা আগবঢ়াই অহা কেইগৰাকীমান সাংবাদিকক তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে “জীৱনযোৰা সাধনা বঁটা” আৰু “সংবাদ শিৰোমণি” সন্মানকে ধৰি আন কেইবাটাও শিতানত একোটাকৈ বঁটা আৰু সন্মান আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।২০২৩বৰ্ষৰ বঁটাপ্ৰাপক সকল হৈছে —
‘জীৱনযোৰা সাধনা বঁটা’ আগবঢ়োৱা হৈছে প্ৰবীণ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীলৈ,
‘সংবাদ শিৰোমণি সন্মান’ আগবঢ়োৱা হৈছে ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ,
‘শ্ৰেষ্ঠ প্ৰিণ্ট মেডিয়া সন্মান’ আগবঢ়োৱা হৈছে ‘অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি পাঠকলৈ,
‘শ্ৰেষ্ঠ বাতৰি সম্পাদনা সন্মান’ আগবঢ়োৱা হৈছে ‘নিয়মীয়া বাৰ্তা’ৰ উপ-সম্পাদক
ৰূপাংকৰ ডেকালৈ,
‘শ্ৰেষ্ঠ ইলেক্ট্ৰনিক মেডিয়া সন্মান’ আগবঢ়োৱা হৈছে DY365ৰ সাংবাদিক মৃদুস্মিতা ভূঞালৈ,’শ্ৰেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান’ আগবঢ়োৱা হৈছে ‘প্ৰতিদিন টাইমছ’ৰ জুবি শইকীয়ালৈ আৰু ‘শ্ৰেষ্ঠ ভিডিঅ’ সাংবাদিকতা সন্মান’ ‘নিউজ লাইভ’ৰ
স্বপ্নশ্ৰী গোস্বামীলৈ আগবঢ়োৱা হৈছে বুলি যুৱ সাংবাদিক সন্থা,অসমৰ সভাপতি চন্দন দাস আৰু সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.