নেটিজেনৰ গৰ্জন,ইতিহাস থিয়েটাৰো কৰিব বৰ্জন !

উত্তৰকাল চলচ্চিত্ৰৰে অসমীয়া ছবিজগতত আত্মপ্ৰকাশ কৰিছিল অভিনেতা যতীন বৰাই। হিয়া দিয়া নিয়া চলচ্চিত্ৰৰে অভিনয়ৰ উচ্চ শিখৰত অৱতৰণ কৰিছিল যতীন বৰা। প্ৰায়বোৰ অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় হিৰ’গৰাকী হঠাৎ জনতাৰ দৃষ্টিত হ’লগৈ জিৰ’।জনতাই অন্তৰত ৰখা অভিনেতাগৰাকীক একেকোবে দলিয়াই দিলে কুৰিহতীয়া নাদলৈ। নাদো নাদ একেবাৰে কুৰিহতীয়া নাদলৈ ঠেলিলে নেটিজেনে৷জে বি প্ৰডাকচনৰ দ্বিতীয় চিনেমা ৰাঘৱৰ মুক্তিৰ পিছত চিনেমাখন বাণিজ্যিকভাৱে সফল হোৱা নাই৷অসমৰ প্ৰতিটো হলৰ দৰ্শনীত প্ৰায় নগণ্য সংখ্যক দৰ্শকেৰে চলিছে ৰাঘৱৰ প্ৰায় প্ৰতিটো দৰ্শনী। সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল চিনেমাখন নচলা অৰ্থাৎ আৰ্থিক দিশত লাভান্বিত নোহোৱাৰ বাবে প্ৰযোজক গোষ্ঠীয়ে দোষাৰোপ কৰিছে চিনেমাখনক সামাজিক মাধ্যমত সমালোচনা কৰা লোকসকলক। যাৰ বাবে যতীন বৰাৰ প্ৰযোজিকা পত্নী নবনীতা শৰ্মাই কেইবাগৰাকীও সামাজিক মাধ্যমত চিনেমাখনক সমালোচনা কৰি প’ষ্ট দিয়া লোকৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইমত গোচৰ ৰুজু কৰিছিল।ইতিমধ্যে সেই গোচৰৰ ভিত্তিত কেইবাগৰাকীও লোকক সোধপোছ কৰিছে চাইবাৰ ক্ৰাইমৰ বিষয়াই।কিন্তু বৃহস্পতিবাৰে এনেদৰে থানাত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমে সামাজিক মাধ্যমত যতীন বৰাৰ চিনেমাক সমালোচনা কৰা সকল তেওঁৰ আক্ৰোশৰ বলি হোৱা বুলি বাতৰি পৰিবেশন কৰাৰ পিছতে পুনৰ নেটিজেনৰ ৰোষত পৰে যতীন বৰা। এইবাৰ আনকি এখোপ আগুৱাই গৈ সামাজিক মাধ্যমত তেওঁ ২০২৪-২৫ বৰ্ষত অভিনয় কৰিবলগীয়া ইতিহাস থিয়েটাৰো বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আপডেট দিয়ে। এগৰাকী সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তি হৈ সামাজিক মাধ্যমত তেওঁক সমালোচনা কৰা ব্যক্তিসকলক অযথা হাৰাশাস্তি কৰি নিজৰ অসাংস্কৃতিক মনৰ পৰিচয় দিয়া বুলি সমালোচনা কৰে একাংশই। আনকি বহুতেই যতীন বৰাই তেওঁৰ কেৰিয়াৰৰ কফিনত শেষৰ গজালটো মৰা বুলি সমালোচনা কৰিছে সামাজিক মাধ্যমত।আগন্তুক বৰ্ষৰ বাবে ইতিহাস থিয়েটাৰৰ লগত চুক্তিবদ্ধ হোৱা অভিনেতা বৰাৰ শেহতীয়া স্থিতিয়ে বিপদত পেলাইছে থিয়েটাৰ কৰ্তৃপক্ষকো।কেৱল যতীন বৰাৰ বাবেই ইতিহাস থিয়েটাৰে আগতীয়া বুকিং লাভ কৰিছিল কেইবাটাও পেণ্ডেলৰ। কিন্তু সেই একেজন যতীন বৰাৰ বাবে ইতিমধ্যে বুকিং কৰা কেইবাটাও পেণ্ডেলে থিয়েটাৰ কৰ্তৃপক্ষৰ লগত চুক্তি বাতিল কৰিব বিচাৰিছে।কিন্তু ৰাঘৱক বয়কট কৰাৰ দৰে যদি অসমৰ দৰ্শকে যতীন বৰা থকা বাবেই থিয়েটাৰখনকো বয়কট কৰে তেন্তে আহ্বায়ক কমিটি আৰু থিয়েটাৰ কৰ্তৃপক্ষ ভয়ংকৰ লোকচানৰ সন্মুখীন হ’ব লাগিব । অভিনেতা গৰাকীয়ে ইতিমধ্যে চুক্তিবদ্ধ হোৱা থিয়েটাৰখনৰ প্ৰযোজকে এতিয়ালৈকে ৰাজহুৱাকৈ কোনো মন্তব্য কৰা নাই যদিও কিন্তু নিজৰ লগতে আহ্বায়ক কমিটিৰ লোকচান কৰি যে থিয়েটাৰ চলাই নিব তাত সন্দেহ আছে !

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296