সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোডী হিৰ’ নে জিৰ’-মধ্য প্ৰদেশেই খবৰ দিব !

শুকুৰবাৰে বহু প্ৰতীক্ষিত মধ্য প্ৰদেশ বিধানসভাৰ নিৰ্বাচন। মুঠ ২৩০ খন বিধানসভাৰ আসনৰ বাবে শুকুৰবাৰে মধ্য প্ৰদেশত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। অকল মধ্য প্ৰদেশেই নহয় ,ছত্তীশগড়তো ৭০ খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব শুকুৰবাৰে। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰামত আৰু ছত্তীশগড়ৰ নক্সাল অধ্যোষিত ২০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় বিগত ৭ নবেম্বৰত । অৱশ্যে আটাইকেইখন ৰাজ্যৰে নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব অহা ৩ ডিচেম্বৰত । ৩ ডিচেম্বৰতহে ২০২৪ চনত হিন্দী বলয়ত কোনটো দল বেছি শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব সেই বিষয়ে এটা স্পষ্ট ধাৰণা হ’ব ।মধ্য প্ৰদেশৰ নিৰ্বাচনত বিজেপি ,কংগ্ৰেছৰ বাহিৰেও সমাজবাদী পাৰ্টি,বহুজন সমাজবাদী পাৰ্টি,কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া আদি দলেও নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷অৱশ্যে এই দলবোৰতকৈ হিন্দী বলয়ৰ ৰাজ্যত ঘাইকৈ বিজেপি আৰু কংগ্ৰেছৰ মাজতহে যুঁজখন হ’ব।মধ্য প্ৰদেশৰ নিৰ্বাচন কেইবাটাও দিশত গুৰুত্বপূৰ্ণ । প্ৰথম গুৰুত্বপূৰ্ণ দিশটো হ’ল যে মধ্য প্ৰদেশত বৰ্তমান শাসক দল বিজেপিৰ চৰকাৰ চলি আছে। তদুপৰি লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত ২৯ খন আসনৰ সাংসদ আহে মধ্য প্ৰদেশৰ পৰা। সাধাৰণতে লোকসভাৰ নিৰ্বাচনত বিধানসভাৰ নিৰ্বাচনৰ প্ৰভাৱ কমকৈ পৰে যদিও কিন্তু মুদ্ৰাস্ফীতি,নিবনুৱা সমস্যা আদিয়ে দুয়োটা নিৰ্বাচনকেই প্ৰভান্বিত কৰে।
বিভিন্ন সংস্থাই চলোৱা সমীক্ষা অনুসৰি মধ্য প্ৰদেশত কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী। অৱশ্যে এই বেছিভাগ সমীক্ষাই কেৱল কেই হাজাৰমান লোককহে সাঙুৰি লয় । তথাপিও বহু ক্ষেত্ৰত এই সমীক্ষা আগবঢ়োৱা সংস্থাবোৰে লাভ কৰা প্ৰকৃত তথ্যতকৈ প্ৰায় ৩% মান কমাই ধৰে বাবে প্ৰায়ে এনে সমীক্ষাাবোৰ শুদ্ধ হয়। অৱশ্যে যিকোনো কাৰণতে এটা পক্ষ মিছা প্ৰমাণিত হ’ব বুলি নিশ্চিত। তদুপৰি সমাজবাদী পাৰ্টি,বহুজন সমাজবাদী পাৰ্টি আদি দলে কংগ্ৰেছ অথবা বিজেপিৰ গোটেই পৰিকল্পনাত যে কেণা লগাব নিশ্চিত। মধ্য প্ৰদেশৰ জনতাই যদি বিজেপিক নিৰ্বাচন কৰে তেন্তে এই জয়ৰ বাবে কৃতিত্ব ল’ব পাৰিব প্ৰধানমন্ত্ৰী মোডী তথা গৃহমন্ত্ৰী অমিত শ্বাহে। অৱশ্যে বিজেপিয়ে নিজৰ জয়ৰ কৌশল ৰচনা কৰিয়েই কেন্দ্ৰীয় নেতৃত্বৰ অতি বিশ্বাসী নেতা কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলৰ দৰে ব্যক্তিক মধ্য প্ৰদেশলৈ পঠিয়াইছিল৷উদ্দেশ্য আছিল মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক একাষৰীয়া কৰা৷দুয়োগৰাকীয়েই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে বিবেচনা কৰিছে দলটোৱে। অৱশ্যে এই কথা ৰাজহুৱা কৰা নাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।২০১৮ চনত কংগ্ৰেছে ২৩০ খন আসনৰ ১১৪ খন আসনত জয়লাভ কৰিছিল। কিন্তু অপাৰেচন ল’টাচৰ বাবে ২০২০ চনত চৰকাৰ গঠন কৰিলে বিজেপিয়ে। সেইবাৰ বহুজন সমাজবাদী পাৰ্টি আৰু সমাজবাদী পাৰ্টিয়ে কংগ্ৰেছ দলক সমৰ্থন কৰিছিল।এইবাৰৰ মধ্য প্ৰদেশৰ নিৰ্বাচনত জ্যোতিৰাদিত্য সিন্ধিয়াও এটা গুৰুত্বপূৰ্ণ ফেক্টৰ। মধ্য প্ৰদেশৰ প্ৰায় প্ৰতিখন নিৰ্বাচনী সভাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জ্যোতিৰাদিত্য সিন্ধিয়াক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁক আনকি কংগ্ৰেছে বিশ্বাসঘাটক আখ্যাও দিছে। তেওঁ ২২গৰাকী বিধায়কক লগত লৈ ২০২০ চনত বিজেপিত যোগদান কৰিছিল। তথাপিও অৱশ্যে বিজেপিয়ে মধ্য প্ৰদেশত তেওঁক নিৰ্ভৰযোগ্য ব্যক্তি বুলি নাভাবিলে। কিয়নো সিন্ধিয়াৰ বহু কেইগৰাকী ঘনিষ্ঠই পুনৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন কৰিলে। ইফালে বিজেপিয়ে সিন্ধিয়া পন্থী সকলো নেতাকে প্ৰাৰ্থিত্বও প্ৰদান কৰা নাই। সেয়ে সিন্ধিয়াৰ ৰাজনৈতিক কেৰিয়াৰৰ ক্ষেত্ৰতো এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ।মধ্য প্ৰদেশৰ কেইখনমান আসন গুৰুত্বপূৰ্ণ। চিন্দৱাৰা,ইন্দোৰ ওৱান,বুধনী,নৰসিংপুৰ,লহৰ,দাতিয়া আদি সমষ্টি কেইটা যথেষ্ট গুৰুত্বপূৰ্ণ৷চিন্দৱাৰা সমষ্টিৰ পৰা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথে বিগত নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াই বিজেপিৰ বিবেক বন্তি চাহুক পৰাজিত কৰিছিল।
আনহাতে, ইন্দোৰত বিজেপিৰ কৈলাস বিজয়ভাৰ্গীয়ই কংগ্ৰেছৰ সঞ্জয় শুক্লাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব আগবঢ়াইছে। ২০১৮ চনত সঞ্জয় শুক্লাই সেই সমষ্টিৰ পৰা জয়লাভ কৰিছিল যদিও কিন্তু সেই সমষ্টিটো ইয়াৰ আগতে গেৰুৱা দলৰ দখলত আছিল ।বুধনী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে মুখ্যমন্ত্ৰী শিবৰাজ সিং চৌহানে। কংগ্ৰেছৰ বিক্ৰম মস্তেল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আছে উক্ত সমষ্টিত।লাহাৰ সমষ্টিত ২০১৮ চনত কংগ্ৰেছৰ প্ৰাৰ্থী গোবিন্দ সিং জয়ী হৈছিল।এইবাৰ কংগ্ৰেছৰ গোবিন্দ সিং আৰু অম্বৰীশ শৰ্মাৰ মাজত প্ৰতিন্দন্দ্বিতা হ’ব।মধ্য প্ৰদেশৰ নিৰ্বাচনৰ আগত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ পুত্ৰৰ উপঢৌকন বিচৰা বহু কেইটা ভিডিঅ ইতিমধ্যে ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। বিজেপি আৰু কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বিষয়টোত অলপো গুৰুত্ব দিয়া নাই। তেওঁ এই ভিডিঅ ভুৱা বুলি দাবী কৰিছে৷অৱশ্যে একেটা সময়তে ছত্তীশগড়ত মহাদেৱ এপ সম্পৰ্কীয় ভিডিঅটো ৰাজহুৱা হোৱাত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে।

Leave A Reply

Your email address will not be published.