‘লাডলী বেহনা’ৰ নামত ভোট লাগে চৌহানক !

Share This Article

বিগত ২০ বছৰে মধ্য প্ৰদেশত শাসনত থকা দল বিজেপিৰ এইবাৰ ভাগ্য নিৰ্ণয় কৰিব মহিলাই। মধ্যপ্ৰদেশত বিজেপিৰ ভাগ্য নিয়ন্ত্ৰণৰ মূল দায়িত্ব ল’ব মহিলা সকলে। বিজেপিৰ মতে মধ্য প্ৰদেশত বিজেপিয়ে মহিলাক সম্পূৰ্ণ মৰ্যাদা দিছে৷মহিলাৰ মৰ্যাদা সম্পৰ্কত উল্লেখ কৰি মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এক সাক্ষাৎকাৰত কয় ‘ আমাৰ আঁচনিসমূহৰ প্ৰধান লক্ষ্য হৈছে কল্যাণ আৰু উন্নয়ন।লাডলী বেহনা যোজনাই আমাৰ মহিলাৰ জীৱন সলাই পেলাইছে। মহিলাৰ মাজত আত্মবিশ্বাসৰ ভাৱ গঢ়ি তোলাত সহায় কৰিছে। তেওঁলোকে সন্মান সহকাৰে জীয়াই থকাত সফল হৈছে। আমিয়ো আমাৰ ভগ্নীসকলৰ পৰা সন্মান লাভ কৰিছোঁ  । বৰ্তমান মধ্য প্ৰদেশত ১.৩ কোটি লাডলী বেহনা হিতাধিকাৰী আছে আৰু ইয়াৰে ৬৩ লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে ।গতিকে এই মহিলাসকলে আমাক সমৰ্থন কৰিব বুলি আমি আশাবাদী। ‘বিজেপি ক্ষমতালৈ আহিলে কোন মুখ্যমন্ত্ৰী হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিজেপিক জয়ী কৰাটো তেওঁৰ দায়িত্ব৷মুখ্যমন্ত্ৰী কোন হ’ব সেই সিদ্ধান্ত ল’ব দলেহে।সাক্ষাৎকাৰটোত চৌহানক সোধা হৈছিল যে বিজেপিৰ মাজত অন্তৰ্কন্দল বৃদ্ধি পাইছে নেকি?তেওঁৰ মতে বিজেপি দলত অন্তৰ্কন্দল বৃদ্ধি পোৱা নাই৷দলটো ঐক্যবদ্ধ হৈ আছে। আনকি সেই একেটা সাক্ষাৎকাৰতে জ্যোতিৰাদিত্য সিন্ধিয়াৰ লগত বিজেপিৰ কোনো নেতাৰ মতবিৰোধ নাই বুলিও উল্লেখ কৰি কয় যে সিন্ধিয়া এজন সহজ সৰল ব্যক্তি৷তেওঁ এগৰাকী শক্তিশালী নেতা  । তেওঁৰ লগত কাম কৰাটো সহজ। আমি সকলো তেওঁৰ লগত কাম কৰি সুখী। নিৰ্বাচনলৈ মাজত এটা সপ্তাহতকৈয়ো কম সময় আছে,মুখ্যমন্ত্ৰী গৰাকীক সোধা হৈছিল মধ্য প্ৰদেশত জাতি জনগণনাৰ দাবীয়ে বিপদত পেলাব নেকি বিজেপিক? উত্তৰত চৌহানে কৈছিল যে আমি সকলো ভাৰত মাতাৰ সন্তান। বিজেপি চৰকাৰে সমাজৰ সকলোৰে উন্নযনৰ বাবে কাম কৰে । ৰাহুল গান্ধীয়ে ডাঙৰ ডাঙৰ কথা কয় কিন্তু কাম নকৰে৷তেওঁলোকে জাতি জনগণনাৰ কথা কৈছে আমি ইয়াৰ বিৰোধিতা কৰা নাই। কংগ্ৰেছে কেতিয়াবা মধ্যপ্ৰদেশত OBC ক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কথা ভাবিছে নে?কংগ্ৰেছে সুভাষ যাদৱৰ দৰে অবিচি সম্প্ৰদায়ৰ নেতাক মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ নিদিলে। কংগ্ৰেছে শিৱানু সোলাংকী,যমুনা দেৱীৰ দৰে অনুসূচিত জনজাতিৰ লোকক মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য বুলি নাভাবিলে । কংগ্ৰেছে কেৱল নাটক কৰি আছে৷তেওঁলোক দুমুখীয়া৷কংগ্ৰেছে এতিয়া নাটক কৰি আছে৷কংগ্ৰেছে ইমান দিন মধ্য প্ৰদেশত শাসন চলালে কিন্তু অন্যান্য পিছপৰা জাতিৰ বাবে কি কৰিলে দলটোৱে,সেই হিচাপ দিয়কচোন ৰাহুল গান্ধীয়ে। আমি OBC ৰ বাবে ২৭% সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ৷কংগ্ৰেছে কেৱল নাটক কৰি আছে।এনেকুৱা নাটকে আমাৰ সমাজত বিভাজনৰ সৃষ্টি কৰে।’মুঠতে মধ্যপ্ৰদেশত বিজেপি জয়ী হোৱাটো নিশ্চিত বুলি এশ শতাংশ আত্মবিশ্বাসী বুলি দোহাৰে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.