সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘মোডী মেৰিয়ট’ৰ খবৰ পাইছেনে?

নতুন দিল্লীত উদ্ধোধন হ’ল নতুন সংসদ ভৱন। সংসদ ভৱনক লৈ বিজেপি দল আৰু চৰকাৰ অত্যধিক উৎফুল্লিত।চৰকাৰ আৰু বিজেপি দলে নৱনিৰ্মীত ভৱনটোক প্ৰধানমন্ত্ৰী মোডীৰ এক বৃহৎ সফলতা বুলি দাবী কৰি আহিছে।কিন্তু তাৰ বিপৰীতে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই নতুন সংসদ ভৱনক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে।তেওঁৰ মতে ভৱনটোৰ ইটোৰ লগত সিটোৰ কোনো যোগসূত্ৰ নাই৷তাত প্ৰৱেশ কৰিলে উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰা যেন লাগে।টুইটাৰত তেওঁ নতুন সংসদ ভৱনৰ বিষয়ে লিখিছে ‘ নতুন সংসদ ভৱনে প্ৰধানমন্ত্ৰীৰ লক্ষ্য সফল কৰিছে। ইয়াক আচলতে মোডী মাল্টপ্লেক্স অথবা মোডী মেৰিয়ট হিচাপেহে নামাকৰণ কৰা উচিত।এই নতুন ভৱনটোত বহি ,৪ দিনৰ পিছত অনুভৱ কৰিছোঁ যে ইয়াৰ মাজৰ ৰাস্তা তথা কৰিডৰবোৰে মানুহক সমস্যাতহে পেলাইছে।যদি এটা বিল্ডিঙৰ নক্সাই গণতন্ত্ৰ ধ্বংস কৰিব পাৰে,তেন্তে প্ৰধানমন্ত্ৰী মোডী এইক্ষেত্ৰত সফল হৈছে।গণতন্ত্ৰ ধ্বংস কৰিবলৈ সংবিধান পুনৰ সংশোধন কৰাৰ দৰকাৰ নাই।বৰঞ্চ এনেকুৱা কিছুমান বৃহৎ সুসজ্জিত অট্টালিকা নিৰ্মাণ কৰি দিলেই হ’ল।’নতুন আৰু পুৰণি সংসদ ভৱনৰ মাজত পাৰ্থক্য হ’ল এই নতুন অট্টালিকাটোত ইজনে সিজনক বাইন’কুলাৰ লৈ চাবলগীয়া অৱস্থা হৈছে।কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে লিখিছে ‘বাইন’কুলাৰ লৈহে ইজনে সিজনক চাবলগীয়া অৱস্থা হয় ভৱনৰ ভিতৰত৷হলবোৰ বহুত ডাঙৰ।পুৰণি সংসদ ভৱনটো তেনেকুৱা নাছিল৷তাত খোজকাঢ়িয়েই সহজতে ইফালসিফাল কৰিব পৰা গৈছিল।এই নতুন অট্টালিকাটোৱে সংসদৰ কামকাজ সুচাৰুৰূপে সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি কৰিব।’তেওঁ লগতে কয় ‘ তাৎক্ষণিকভাৱে দুয়োখন সদনৰ মাজত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰি।পুৰণি বিল্ডিঙটোত ৰাস্তা ভুল হ’লেও লগে লগে শুধৰাব পৰা গৈছিল৷কাৰণ সেই বিল্ডিংটো আছিল বৃত্তাকাৰ।কিন্তু এই নতুন বিল্ডিংটোত আপুনি ৰাস্তা হেৰুৱাব।নতুন বিল্ডিংটোত মুকলি মুকলি নালাগে।’সংসদত আগৰ দৰে মনটো শান্ত কৰি ৰাখিব নোৱাৰি।’ আনন্দেৰে বিল্ডিঙৰ সন্মুখত পাৰ কৰা সুবিধাবোৰ নোহোৱা হ’ল।মই পুৰণি বিল্ডিংটোতেই গৈ ভাল পাম।নতুন বিল্ডিংটোত সকলোৱেই অসুবিধা পাইছে।আনকি ইয়াত কাম কৰি থকা ষ্টাফবোৰেও অসুবিধা পাইছে।এই সমস্যাবোৰ কিয় হৈছে জানেনে ?কাৰণ যিসকলৰ সুবিধাৰ বাবে বিল্ডিংটো নিৰ্মাণ কৰা হৈছিল ,তেওঁলোকৰ লগত আলোচনা কৰা হোৱা নাছিল।’ উল্লেখযোগ্য যে নৱনিৰ্মীত সংসদ ভৱনক লৈ এইবাৰেই যে প্ৰথম সমালোচনা হৈছে তেনে নহয়।ইয়াৰ আগতেও সংসদ ভৱনক লৈ বিতৰ্ক হৈছিল।য়সংসদ ভৱন উদ্ধোধনৰ দিনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক আমন্ত্ৰণ নকৰাকলৈ আপত্তি দৰ্শাইছিল বিৰোধী দলবোৰে। আনকি বিৰোধী দলবোৰ উদ্ধোধনৰ অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত আছিল।চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰ অধীনত এই নিৰ্মাণ চলিছিল।২০২০ চনৰ ১০ ডিচেম্বৰত এই নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।আধাৰশিলা স্থাপনৰ দিনা মোডীয়ে এই নতুন সংসদ ভৱনটো ‘ভাৰতীয় গণতন্ত্ৰৰ মাইলৰ খুঁটি’ হ’ব বুলি দাবী কৰিছিল।ই আত্মনিৰ্ভৰ ভাৰতকো প্ৰতিনিধিত্ব কৰিব বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰীয়ে।এই চেণ্ট্ৰেল ভিষ্টা প্ৰজেক্টটো প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৯ চনত আৰম্ভ কৰিছিল।এই প্ৰজেক্টৰ অধীনত দেশত বিভিন্ন নিৰ্মাণকাৰ্য চলিছে৷ইয়াৰে এটা আছিল নতুন সংসদ ভৱন।
নতুন স’সদ ভৱনটোত লোকসভাৰ সাংসদৰ বাবে ৭৭০ খন আসন থকাৰ বিপৰীতে ৰাজ্যসভাৰ সাংসদৰ বাবে আসন আছে ৩৮৪ খন৷যুটীয়া অধিৱেশনৰ বাবে লোকসভাত মুঠ ১১৪০ খন আসনযুক্ত হল আছে।বিৰোধী দলবোৰে ক’ভিডে দেশৰ অৰ্থনীতি ভাঙি পেলোৱাৰ সময়ত ইমান ধন ব্যয় কৰি সংসদ ভৱন নতুনকৈ নিৰ্মাণৰ বিৰোধিতা কৰিছিল।কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ইয়াৰ নিৰ্মাণ চলি থকাৰ সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰিছিল৷প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ নিৰ্মাণ চলি থকাৰ সময়ত তাত গৈ পৰিদৰ্শন কৰা এখন ফটো শ্বেয়াৰ কৰি লিখিছিল ‘তেওঁ নিজেই প্ৰযুক্তিবিদ,তেওঁ নিজেই ডিজাইনাৰ আৰু নিজেই কৃতিত্বৰ দাবীদাৰ।’মুঠ ৬৯ গৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই এই নিৰ্মাণকাৰ্য ‘ অপ্ৰয়োজনীয় আৰু ধনৰ অপব্যয়’ৰ প্ৰতীক বুলি সমালোচনা কৰিছিল।মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়েও নতুন সংসদ ভৱনটোক ‘ ছাভাৰকৰ ভৱন’ হিচাপে নামাকৰণ কৰিবলৈ আহ্বান জনাইছিল।

Leave A Reply

Your email address will not be published.