সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মানস ৰবীনে তেলেংগনাৰ পৰা কেনেকৈ ঘূৰাই আনিলে অসমৰ ৪১ জন যুৱকক?

প্ৰায় এটা সপ্তাহৰ পূৰ্বে গতানুগতিক ভাবে অসমৰ জনপ্ৰিয় শিল্পী মানস ৰবীনলৈ এটা মেছেজ আহিল।মেজেছটো আছিল তেলেংগনাত আবদ্ধ অসমৰ কেইজনমান যুৱকৰ।মেজেছটো পাই মানস ৰবীনে যুৱক কেইজনৰ লগত ফোনযোগে যোগাযোগ কৰিলে। তেওঁলোকে জনালে,অসমৰ বহুকেইজন যুৱক বৰ্তমান তেলেংগনাত আবদ্ধ।মাৰ্চ,এপ্ৰিলৰ দৰমহাৰ টকা ইতিমধ্যে শেষ হৈছে।মে’ মাহৰ দৰমহাৰ পৰা তেওঁলোক বঞ্চিত হ’ব।চাউলৰ দাম প্ৰতি কেজিত ৬৫ টকা।তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে।গতিকে তেওঁলোকে অসমলৈ উভটি আহিব খোজে।লগে লগে মানস ৰবীনে অসম চৰকাৰৰ নিৰ্দিষ্ট বিভাগৰ লগত যোগাযোগ কৰি নিৰূপায় যুৱক কেইজনৰ কথা অৱগত কৰিলে আৰু অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালে।কিন্তু সাতদিনৰ পিছতো চৰকাৰৰ পৰা সঁহাৰি লাভ নকৰাত মানস ৰবীনে যুৱক কেইজনৰ লগত পুনৰ যোগাযোগ কৰি এখন বাছৰ ব্যৱস্থা কৰিবলৈ তেওঁলোকক উপদেশ দিলে।অৱশেষত মানস ৰবীনৰ আৰ্থিক সহযোগত ৪১ জন যুৱকে তেলেংগনাৰ পৰা অসম অভিমুখে যাত্ৰা আৰম্ভ কৰে।কিন্তু যাত্ৰাকালতো টোল গেটৰ মাছুলৰ পৰা আৰম্ভ কৰি তেওঁলোকে অলেখ সমস্যাৰ সন্মুখীন হয় বুলি মানস ৰবীনে জানিবলৈ দিয়ে।আনহাতে,যুৱকৰ দলটো শ্ৰী ৰামপুৰ গেটত আহি উপস্থিতি হোৱাৰ পিছতো অসম চৰকাৰে তেওঁলোকক নিৰ্দিষ্ট স্থানলৈ আনিবলৈ ব্যৱস্থা গ্ৰহণ নকৰে বুলি শিল্পীজনে জানিবলৈ দিয়ে।উল্লেখনীয় যে,বহি: ৰাজ্যৰ পৰা আহি সীমান্তত উপস্থিত হোৱা ব্যক্তিক স্ব গৃহলৈ অনাত অসম চৰকাৰে ব্যৱস্থা লব বুলি কিছুদিন পূৰ্বে ঘোষণা কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইপিনে আজি পুৱা সৰুসজাইত উপস্থিত হোৱা দলটোক নিজে উপস্থিত হৈ স্বাগতম জনায় শিল্পী মানস ৰবীনে। The CrossCurrent ৰ লগত হোৱা বাৰ্তালাপত শিল্পী মানস ৰবীনে বহি: ৰাজ্যত কৰ্মৰত শ্ৰমিক সকলৰ প্ৰত্যাৱৰ্তনত অসম চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰে।উল্লেখনীয় যে,ইয়াৰ পূৰ্বেও মানস ৰবীনে লকডাউনত কৰ্মহীন হোৱা দুখন গাঁওৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব বহন কৰিছিল।

Leave A Reply

Your email address will not be published.