সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ : বিৰাজ জ্যোতি কলিতা

 বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ চেষ্টা চলাইছিল ।

বিৰাজ জ্যোতি কলিতাৰ কলমত বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ

- Donation -

“আমি বিপ্লৱ পথলৈ আগুৱাম!!
বিপ্লৱ পথৰে যাত্ৰী আমি,
সৰ্বহাৰাৰ মুক্তিকামী;
বিজয়ৰ জয়গান গাই যাম॥”

এসময়ত এনেদৰেই ‘জনতাৰ শিল্পী’ বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাক সাম্ৰাজ্যবাদী আৰু পুঁজিবাদী শ্ৰেণীক উৎখাত কৰিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে বিৰল ব্যক্তিত্ব আৰু কল্পনাতীত ত্যাগৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভা আজিও আমাৰ জাতীয় জীৱনৰ বাবে অনুপ্ৰেৰণাৰ এক মহান নিদৰ্শন হৈ আছে ।

ইতিহাসৰ ছাত্ৰ হিচাপে মই নি:সংকোচে কব পাৰো যে বৃহত্তৰ অসমৰ সমাজ আৰু সংস্কৃতিৰ ভেঁটি গঢ়াত চাৰিজন মহান পুৰুষে অমূল্য বৰঙনি আগবঢ়াই গৈছে ।তেওঁলোক হ’ল মহাপুৰুষ শংকৰদেৱ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা , কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা। শংকৰদেৱৰ সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ পথ অনুসৰণ কৰি জ্যোতি-বিষ্ণুৱে গঢ়ি তুলিব বিচাৰিছিল বৃহত্তৰ অসমীয়া সমাজ- সংস্কৃতি ।বিষ্ণুপ্ৰসাদ ৰাভা আছিল সকলো শ্ৰেণীৰ মানুহৰ সৰ্বাঙ্গীন কল্যাণৰ ধাৰণাত বিশ্বাসী ।

প্ৰকৃততে,ছাত্ৰ অৱস্থাৰে পৰা বিষ্ণুপ্ৰসাদ ৰাভা ইংৰাজ ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। সাম্ৰাজ্যবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে ১৯১৭চনত ৰাচিয়াত গঢ়ি উঠা ঐতিহাসিক অক্টোবৰ বিপ্লৱে তেওঁৰ মনত অংকুৰিত কৰিছিল বৈপ্লৱিক চেতনা। পিছত মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা স্বাধীনতা আন্দোলনত বিষ্ণুপ্ৰসাদ ৰাভাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে । বগা চাহাবৰ শাসনক ওফৰাই পেলাবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৩০ চনত সমগ্ৰ দেশজুৰি হোৱা আইন অমান্য আন্দোলনত অংশগ্ৰহন কৰে। সেইসময়ত বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ আছিল ।কিন্ত জাতীয়তাবাদী চিন্তাৰ প্ৰতি আকৃষ্ট হৈ তেওঁ স্বাধীনতা আন্দোলনত নামি পৰে। সেইসময়ত ব্ৰিটিছ চৰকাৰে ছাত্ৰ শক্তিক আন্দোলনৰ পৰা আতৰাই ৰাখিব বাবে বিভিন্ন দমনমূলক কৌশল অৱলম্বন কৰিছিল। কানিংহাম চাৰ্কুলাৰ জাৰি কৰি ছাত্ৰসকলক ৰাজনৈতিক আন্দোলনৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল । সেইবাবে স্বাধীনতা আন্দোলনত জপিয়াই পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত ব্ৰিটিছ চৰকাৰৰ চকু পৰিল আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই তেওঁক আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ সাৱধান কৰি দিছিল। তেতিয়া তেওঁ ৰিপন মহাবিদ্যালয় নিজেই ত্যাগ কৰি কোচবেহাৰৰ ভিক্টোৰিয়া মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল। কিন্তু বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ স্পষ্টবাদী কণ্ঠ ৰোধ কৰা অসম্ভৱ আছিল । ইয়াতো তেওঁ পুনৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ চকুত ধূলি মাৰি আন্দোলনত জঁ‌পিয়াই পৰিল। সেইসময়ত কোচবেহাৰত দুখীয়া কৃষক – প্ৰজাগণৰ ওপৰত ইংৰাজ চৰকাৰৰ লগ লাগি দেশীয় ৰজাসকলে কৰা অত্যাচাৰ আৰু নিৰ্যাতনে বিষ্ণুপ্ৰসাদ ৰাভাৰ মনত তীব্ৰ বিপ্লৱী চেতনা জাগ্ৰত কৰিছিল। তেওঁ ইয়াৰ প্ৰতিবাদ কৰিছিল এইদৰে ,

“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো এক সাদা
ৰাজ্যে যদি মংগল চাও
দুইটি পাঠাই বলি দাও।।”

বিষ্ণুপ্ৰসাদ ৰাভাৰ এনে প্ৰতিবাদী কাৰ্যত কোচবেহাৰৰ ৰাজদেৱান খাস্তগীৰ ক্ষুণ্ণ হৈ পৰিল। ইয়াৰ ফলত বিষ্ণুৰাভা কোচবেহাৰৰ পৰা বিতাড়িত হ’ল আৰু তেওঁৰ শিক্ষাজীৱন সমাপ্ত হ’ল।

বিষ্ণুপ্ৰসাদ ৰাভাই শিক্ষাজীৱন আধৰুৱাকৈ সমাপ্ত কৰি ইংৰাজ চৰকাৰ বিৰোধী সংগ্ৰামত সক্ৰিয়ভাবে নামি পৰিল। আন্দোলনৰ সেই সময়ছোৱাত তেওঁৰ অন্যতম সহযোগী আছিল জ্যোতিপ্ৰসাদ আগৰৱালা । ইংৰাজক খেদিবলে
ৰাভাই মুক্তকণ্ঠে চিঞৰি উঠিছিল,

“অসমীয়া সমনীয়া
আগৱাঢ়ি যাঁ‌ও ব’ল অ’
আগৱাঢ়ি যাওঁ‌ ব’ল। ”

কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত বিষ্ণুপ্ৰসাদ ৰাভাৰ মনত অংকুৰিত হ’ল এক নতুন দৃষ্টিভংগী । কৃষক -শ্ৰমিক-নিপীড়িত মানুহৰ মুক্তি প্ৰশ্নই ৰাভাক নতুন ৰূপত প্ৰকাশ কৰিলে । বিশেষকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ বুৰ্জোৱা চৰিত্ৰটোৱে তেওঁক বিতুষ্ট কৰি তুলিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই শংকা প্ৰকাশ কৰিছিল যে সাম্ৰাজ্যবাদী ইংৰাজসকলৰ হাতৰ পৰা ভাৰতৰ শাসনভাৰ ভাৰতীয় বুৰ্জোৱাৰ হাতলৈ গ’লে কৃষক, শ্ৰমিক আৰু সৰ্বসাধাৰণ লোকসকল পুনৰ পৰাধীন হৈ পৰিব । বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত সহমত প্ৰকাশ কৰি কব বিচাৰো যে ঔপনিৱেশিক শাসনৰ পৰৱতী সময়ত স্বাধীন ভাৰতত শাসক পক্ষই লোৱা বিভেদকাৰী নীতিৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তত ,বিশেষকৈ অসমত অৰ্থনৈতিক আৰু ৰাজনৈতিক বৈষম্যৰ সৃষ্টি হ’ল ।সেইবাবে তেওঁ জাতীয় কংগ্ৰেছত কেতিয়াও যোগদান কৰা নাছিল।
১৯৪২চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ৰ পৰাই বিষ্ণুপ্ৰসাদ ৰাভা মাৰ্ক্স -লেনিনৰ নীতি প্ৰতি আকৃষ্ট হৈ পৰিছিল। ১৯৪৫ চনৰ শেষৰ ফালে তেওঁ ভাৰতৰ কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহিছিল। ১৯৪৬ চনত তেওঁ কমিউনিষ্ট দলৰ সক্ৰিয় সদস্য হয়। আছলতে, বিষ্ণুপ্ৰসাদ ৰাভাই কৃষক -শ্ৰমিক , বনুৱা-মজদুৰক লৈ এক শোষণহীন সমাজৰ স্থাপন হোৱাতো বিচাৰিছিল।১৯৪৮ চনত কমিউনিষ্ট দলক নিষিদ্ধ কৰাত বিষ্ণুৰাভা অজ্ঞাতবাসত যাব লগা হয় ।এই অজ্ঞাতবাসৰ সময়ছোৱাত তেওঁ অসমৰ গাঁ‌ৱে ভূঞে বৈপ্লৱিক সংগঠন গঢ়ি তুলিছিল। ইতিমধ্যে ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে যদিও কংগ্ৰেছৰ নেতৃত্বত এক গণতান্ত্ৰিক বুৰ্জোৱা চৰকাৰ গঠন হ’ল আৰু পুনৰ শোষনভিত্তিক সমাজ ব্যৱস্থা সৃষ্টি হ’ল য’ত সাধাৰণ কৃষক-শ্ৰমিক জনসাধাৰণৰ অৱস্থা জুৰুলা হৈ পৰিছিল।সেইসময়ত জাতীয় কংগ্ৰেছৰ চৰকাৰখনে দেশৰ সকলো জাতি জনগোষ্ঠী,ভাষা-ভাষী,ভিন্ন ধৰ্মীয় লোকসকলক লৈ ঐক্যবদ্ধ সামাজিক আৰু সাংস্কৃতিক বিপ্লৱ সৃষ্টি কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ’ল। সেইবাবে তেওঁ এখন শ্ৰেণীহীন সমাজৰ প্ৰতিষ্ঠাৰ বাবে প্ৰত্যক্ষ ৰাজনীতিত নামি পৰে। কিন্তু তেওঁ ৰাজনীতিৰ ক্ষেত্ৰখনত ভবাদৰে সফলতা লাভ কৰিব নোৱাৰিলে। ১৯৫৭ চনত বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতীয় কমিউনিষ্ট দলৰ হৈ বৰপেটা সমষ্টিৰ প্রার্থী ৰূপে প্রতিদ্বন্দিতা কৰিছিলে। কিন্তু তেওঁ পৰাজয়বৰণ কৰিলে ।
পৰৰ্ৱতী সময়ত ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয়ভাৱে প্রতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল। ইয়াৰ পাছত ১৯৬৮ চনত বিষ্ণুপ্ৰসাদ ৰাভাই পুনৰ কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হৈছিল কিন্তু পৰাজয় বৰণ কৰে। ৰাজনীতিবিদ হিচাপে সফলতা লাভ নকৰিলেও বিষ্ণুপ্ৰসাদ ৰাভা আছিল নিষ্পেষিত জনতাৰ প্ৰকৃত সংগ্ৰামী সত্তা ।তেওঁ ৰাজনৈতিক দৰ্শনৰ মূল লক্ষ্য আছিল সৰ্বসাধাৰণ জনতাৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতা অৰ্জন কৰা ।
বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ চেষ্টা চলাইছিল ।ৰাভাই সেই কথা এনেদৰে প্ৰকাশ কৰিছে,

“ভাং ভাং ভাং ভাং
লোহাৰ শিকলি চিঙ
চিঙ চিঙ চিঙ চিঙ
দাসৰ বান্ধোন চিঙ
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল
ভাং ভাং দুৱাৰৰ দাং
শুন সৌৱা শুন শুন
ঘেৰিছে ৰণ বিষাণ
মুক্ত আকাশে উৰে
দিপ্ত ৰঙা নিচান
ৰক্তেৰে ৰঞ্জিত সুৰুয উদীয়মান
শুন মুকুতিৰ তুৰুযৰ আহ্বান
হালোৱা হজুৱা
হেৰ’ মজদুৰ কিষাণ
মুক্তিমান মুক্তিমান মুক্তিমান ।”

বিষ্ণুপ্ৰসাদ ৰাভাৰ মতাদৰ্শ বিশ্লেষণ কৰিলে দেখা যায় তেওঁ মার্ক্সবাদ-লেনিনবাদৰ প্ৰতি আকৃষ্ট হৈছিল সচাঁ কিন্তু সেইবুলি তেওঁ মার্ক্সবাদ-লেনিনবাদৰ অন্ধ অনুগামী নাছিল। শোষিতৰ আৰু নিৰ্যাতিতৰ সাধাৰণ জনতাক মুক্তিৰ পথৰ সন্ধান দিয়াই তেওঁৰ জীৱনৰ উদ্দেশ্য আছিল ।স্বচ্ছভাৱে চিন্তা কৰিলে দেখা যায় যে বিষ্ণুপ্ৰসাদ ৰাভা প্ৰকৃততে মহাপুৰুষ শংকৰদেৱৰ ‘সমাজবাদী’ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিতৰ হৈছিল । সেই সময়ৰ অসমৰ অস্থিৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱৰ দৰে এগৰাকী মহান ব্যক্তিৰ আদৰ্শ আৰু কৰ্মৰাজিৰ প্ৰাসংগিকতা বিষ্ণুপ্ৰসাদ ৰাভাই ভালদৰে উপলব্ধি কৰিছিল । তেওঁ অসমৰ পাহাৰ-ভৈয়াম বাস কৰা অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় সত্বা ৰক্ষা কৰি ঐক্য আৰু সমন্বয়ৰ জৰিয়তে বৃহত্তৰ অসমীয়া সমাজ গঢ়া প্ৰয়াস কৰিছিল ।তেওঁৰ চিন্তাধাৰাত অসমৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৃষ্ঠভূমিয়ে এক শক্তিশালী প্ৰভাৱ পেলাইছিল। এই কথা অসমী আইক ভাল পোৱা বিষ্ণুপ্ৰসাদ ৰাভাই গীতেৰে প্ৰকাশ কৰিছে এনেদৰে,

“সুৰৰে দেউলৰে
ৰূপৰে শিকলি
ভাঙি দিয়া
খুলি দুৱাৰ সোণোৱালী
পূজাৰী অ’ সুন্দৰ পূজাৰী
যাউতি-যুগীয়া বৰগীত অমিয়া
গোৱা অসমীয়া মন-প্ৰাণ ভৰি
পূজাৰী অ’……।”

এইখিনিতে উল্লেখ কৰিব লাগিব যে এক বৃহত্তৰ অসমীয়া জাতিৰ ভেটি গঢ়িব বিচৰা বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা বিভিন্ন জাতি- জনগোষ্ঠীয় লোকসকলৰ নিজৰ সাংস্কৃতিক প্ৰতিভাৰ বিকাশৰ জৰিয়তে অসমীয়া কৃষ্টি -সংস্কৃতিৰ প্ৰচাৰ কৰাত গুৰুত্ব দিছিল। তেওঁ ভালদৰে বুজি পাইছিল অসমীয়া মানে কেৱল অসমীয়া ভাষী মানুহখিনিয়ে নহয়; নিজৰ কলা-সংস্কৃতি ৰক্ষা কৰি অসম উপত্যকাত এক ঐক্য-সমন্বয়ৰ সমাজ গঢ়ি তোলা বিভিন্ন ভাষা-ভাষী জাতি-জনগোষ্ঠীয় মানুহখিনিয়ে হ’ল অসমীয়া। সেইবাবে বিষ্ণুপ্ৰসাদ ৰাভাই ১৯৬৯ চনত তেজপুৰত সাহিত্য সভা ভৱনৰ আধাৰশিলা অনুষ্ঠানত কৈছিল,

” অসমীয়া কৃষ্টি, সংস্কৃতি আৰু সাহিত্য ব্ৰহ্মপুত্ৰৰ দৰে বিশাল আৰু বিৰাট। সৰু সৰু জুৰি,নিজৰা,নৈ ,উপনৈৰ সমন্বিত শকতিৰ দ্বাৰা যেনেকৈ ব্ৰহ্মপুত্ৰই তাৰ বিশালতা আৰু বিৰাটতা লাভ কৰিছে ঠিক তেনেকৈ অসমৰ বহু জাতি,উপজাতি আৰু জনজাতিৰ কৃষ্টি-সংস্কৃতি আৰু সাহিত্যত বিশালতা আৰু বিৰাটতা লাভ কৰিছে।”

কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ লগে লগে বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন ঠানবান হৈ গ’ল। আজি আমাৰ সন্মূখত এখন অগ্নিগৰ্ভা অসম য’ত সকলো জাতি উপজাতি ,ভাষী-ভাষীলোক সকলে নিজস্ব সত্বাক প্ৰতিষ্ঠা কৰা প্ৰতিযোগিতাত নামি পৰিছে আৰু তেওঁলোকৰ মনত গঢ়ি উঠিছে আছুতীয়াকৈ থকাৰ এক সংকীৰ্ণ মনোভাৱ। সাম্প্ৰতিক সময়ত দেখা গৈছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠা আত্মপৰিচয় গঠনৰ আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছে । এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰো যে বিশ্ববিখ্যাত অৰ্থনীতিবিদ আৰু চিন্তাবিদ অমত্য সেনে তেওঁৰ ৰচিত ‘Identity and Violence: The Illusion of Destiny’নামৰ গ্ৰন্থখনত কৈছে, ” A strong and exclusive sense of belonging to one group can in many cases carry with it the perception of distance and divergence from other groups.Within- group solidarity can help to feed between -group discord.” অৰ্থাৎ বহুক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে এটা গোষ্ঠীত আছুতীয়াকৈ নিহিত হৈ থকা শক্তিশালী ধাৰণাই অন্য গোষ্ঠীৰ পৰা দূৰত আৰু পৃথক হৈ থকা ধাৰণাক সজোৰে বহন কৰে । গোষ্ঠীগত আভ্যন্তৰীণ ঐক্যতাই অন্য ভিন্ন গোষ্ঠীৰ প্ৰতি মতানৈক্য সৃষ্টি কৰাত সহায় কৰিব পাৰে। সেইবাবে বোধকৰো, ভৱিষ্যতে এনেধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱা সম্ভাৱনা দেখিয়ে বিষ্ণুপ্ৰসাদ ৰাভাই বিভিন্ন গোষ্ঠীসমূহৰ সাংস্কৃতিক স্বাধীনতাক সন্মান জনাই অসমীয়া সমাজৰ ভেঁটিতো মজবুত কৰাৰ পোষকতা কৰিছিল ।
একেদৰে শেহতীয়া বছৰবোৰত বামপন্থী আৰু অ-বামপন্থী আদি সকলো ৰাজনৈতিক গোটে বিষ্ণুপ্ৰসাদ ৰাভাক লৈ এক ধৰনৰ টনা- আঁ‌জোৰা প্ৰতিযোগিতাত নামি পৰিছে। এই কথা সঁচা যে বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতৰ কমিউনিষ্ট দলৰ সদস্য আছিল । কিন্তু সেই সত্য স্বীকাৰ কৰিও কব বিচাৰো যে তেওঁ আছিল এজন যুগনায়ক ।
আমাৰ অসমত প্ৰতিবছৰে ২০জুনত ৰাভা দিৱস উদযাপন কৰি অহা হৈছে। কিন্তু আজিও আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ কৰ্মৰাজি প্ৰকৃত মূল্যায়ন কৰিব পৰা নাই।এটা কথা ঠিক যে তেওঁৰ কৰ্মৰাজিক ৰাজনৈতিক অভিপ্ৰায় পূৰণৰ স্বাৰ্থত ব্যৱহাৰ কৰি অহা হৈছে । দৰাচলতে, বিষ্ণুপ্ৰসাদ ৰাভা আছিল জনতাৰ মৰ্মবেদনা বুজি পোৱা বিপ্লৱী কন্ঠ । তেওঁ আছিল ঐক্য আৰু সমন্বয়ৰ প্ৰতীক । সেইবাবে আমি আন্তৰিকতাৰে তেওঁৰ আৰ্দশৰাজিক আকোৱালি লৈ সমাজৰ প্ৰগতিৰ বাবে বৰঙনি আগবঢ়োৱা উচিত । তেতিয়াহে বিষ্ণুপ্ৰসাদ ৰাভাৰ বৃহত্তৰ অসমীয়া জাতি গঠনৰ সপোন বাস্তৱ কৰিব পৰা যাব।

সহায়ক গ্ৰন্থসমূহ:
১.গোহাঁই,হীৰেণ (সম্পাদিত),সৈনিক শিল্পী বিষ্ণু ৰাভা,জাৰ্ণাল এম্প’ৰিয়াম,১৯৮২
২.দাস,তিলক ,বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি,চন্দ্ৰ প্ৰকাশন,২০১০

লেখক: বিৰাজ জ্যোতি কলিতা
সহকাৰী অধ্যাপক
ইতিহাস বিভাগ
দেবীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়,যোৰহাট

<p><em>Click <a href=”https://www.facebook.com/TheCrossCurrent/” target=”_blank”>here</a> to like us on Facebook. Don’t miss our video reports as well. <a href=”https://www.youtube.com/channel/UCpulmbERaA2b_6LIrJCBaTQ” target=”_blank”>Click here to subscribe</a> us on Youtube.</em></p>

Leave A Reply

Your email address will not be published.