সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিক চান্দা দিলে নিম্নমানৰ দলঙ নিৰ্মানৰ অনুমতি পায় নেকি ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ থকা সময়ত এই প্ৰশ্ন সজোৰে উত্থাপণ হৈছে ৷ বিজেপিক কৌটি টকীয়া চান্দা দিয়া ঠিকাদাৰে নিৰ্মান কৰা দলঙ উদ্বোধনৰ ৩ দিনৰ পাছতে বহি যোৱাৰ গুৰুতৰ অভিযোগ উত্থাপণ হৈছে ৷
অসমীয়া প্ৰতিদিন কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰি অনুসৰি গোলাঘাটত নিৰ্মান কৰা এখন ৰেলৱে অভাৰব্ৰীজ মুকলি কৰাৰ তিনিদিনৰ ভিতৰতে বহি গৈছে ৷ যাৰ বাবে এই অভাৰব্ৰীজখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ যোৱা ৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী অজন্তা নেওগ , কৃষিমন্ত্ৰী অতুল বৰা , স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত গোলাঘাট- ফৰকাটিঙ অভাৰব্ৰীজখনৰ শুভ উদ্বোধন কৰিছিল ৷ প্ৰায় ৪৬ কৌটি টকা ব্যয়েৰে ৬৭০ মিটাৰ অভাৰব্ৰীজখন নিৰ্মান কৰা হৈছিল ৷ এতিয়া এই অভাৰব্ৰীজখনেই বহি যোৱাৰ উপক্ৰম হৈছে ৷
দ্য ক্ৰছকাৰেন্টৰ হাতত পৰা তথ্য অনুসৰি গোলাঘাট – মেৰাপানী পথৰ ফৰকাটিঙ বাইপাছত ৰেলৱে অভাৰব্ৰীজখনৰ নিৰ্মানৰ ঠিকা লাভ কৰিছিল হাইটেক কনষ্ট্ৰাকছন নামৰ প্ৰতিষ্ঠানটোৱে ৷ ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা ফলকতো এই তথ্য অতি স্পষ্টভাৱে উল্লেখ আছে ৷
এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী হ’ল বি কে জৈন নামৰ এজন ঠিকাদাৰ ৷ যিজন ঠিকাদাৰে নিৰ্মান কৰা ফৰকাটিঙ উৰণীয়া সেতুখন উদ্বোধনৰ তিনিদিনৰ পাছতে বহি গৈছে ৷ ২০১৯- ২০ বৰ্ষত বিজেপিয়ে কোন ব্যক্তি আৰু কোন প্ৰতিষ্ঠানৰ পৰা কিমান ধন সংগ্ৰহ কৰিছে তাৰ তথ্য দাখিল কৰিছিল ভাৰতীয় নিৰ্বাচনী আয়োগক ৷ এই তথ্য অনুসৰি গুৱাহাটীৰ বি কে জৈন নামৰ এজন ব্যক্তিয়ে উক্ত বৰ্ষত বিজেপিক দিছিল ২ কৌটি টকাৰ চান্দা ৷ তেওৰ ঠিকনা তৃপ্তি টাৱাৰ , জি এছ ৰোড ৷ নিৰ্বাচন আয়োগৰ নথিত উল্লেখ থকা অনুসৰি বি কে জৈনৰ পান নম্বৰ হ’ল AADFH5351C ৷
ইয়াৰ সঠিক তথ্য পাবৰ বাবে আমি সহায় ল’লো গুড এণ্ড চাৰ্ভিছ টেক্স অৰ্থাৎ জি এছ টিৰ ৱেবচাইটলৈ ৷ জি এছ টি ৱেবছাইটত আমি দাখিল কৰিলো বি জে পিক চান্দা দিয়া বি কে জৈনৰ পান নম্বৰ ৷ পান নম্বৰ AADFH5351C ৰ গৰাকীৰ বিষয়ে চাৰ্চ কৰাৰ লগে লগে জি এছ টি ৱেবছাইটত পোৱা গ’ল যে এই পান নম্বৰটোৱে হৈছে মেচাৰ্চ হাইটেক কনষ্ট্ৰাকছনৰো পান নম্বৰ ৷ অৰ্থাৎ এতিয়া আৰু কাৰোৱে বুজিবলৈ বাকী নাথাকিল যে বিজেপিক ২ কৌটি টকাৰ চান্দা দিয়া বি কে জৈনৰ প্ৰতিষ্ঠান মেচাৰ্চ হাইটেক কনষ্ট্ৰাকশ্যনেই ফৰকাটিঙৰ ৰেলৱে অভাৰব্ৰীজ নিৰ্মানৰ ঠিকাও লাভ কৰিছে ৷ অভাৰব্ৰীজৰ নিৰ্মানৰ মানদণ্ড অতি নিম্নমানৰ হোৱা বাবে উদ্বোধনৰ তিনিদিনৰ পাছতে অভাৰব্ৰীজখন যাতায়তৰ বাবে অনুপযোগী হৈ পৰিল ৷বিজেপিক ২ কৌটিৰ চান্দা দি হাইটেক কনষ্ট্ৰকছনৰ স্বত্বাধিকাৰী বি কে জৈনে লাভ কৰিলে ৪৫ কৌটি ৬৬ লাখ ২০ হাজাৰ টকাৰ ঠিকা ৷ তাতো নিম্নমানৰ কাম কৰি ঠিকাদাৰগৰাকীয়ে ব্যাপক মুনাফা লুটাৰ অভিযোগ উত্থাপণ হৈছে ৷

 

 

- Donation -

Leave A Reply

Your email address will not be published.