Investigative reporting with dedication.

শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা কৰ্ণাটকৰ এখন মহাবিদ্যালয়ৰ মুছকান নামৰ এগৰাকী ছাত্ৰীৰ এক ভিডিঅ’ই টোলপাৰ লগাইছে দেশ। ভিডিঅ’ত দেখা গৈছিল হিজাব পৰিহিতা একৰাকী ছাত্ৰীক লক্ষ্য কৰি “জয় শ্ৰী ৰাম” ধ্বনিৰে গেৰুৱা স্কাৰ্ফ পৰিধান কৰি আগবাঢ়ি অহা এটা সমদল আৰু তাৰ প্ৰত্যুত্তৰত ছাত্ৰীগৰাকীয়ে দিছিল “আল্লাহ হু আকবৰ” ধ্বনি।
ঘটনা সন্দৰ্ভত শেহতীয়াকৈ ছাত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জনায় যে তেওঁ এক এছাইনমেণ্ট জমা দিবৰ বাবে মহাবিদ্যালয়লৈ গৈছিল কিন্তু একাংশ লোকে হিজাব পৰিধান কৰি যোৱা বাবে তেওঁক মহাবিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছিল। তেওঁক হিজাব খুলি মহাবিদ্যালয়ত প্ৰৱেশ কৰিবৰ বাবে কোৱা হৈছিল।
ছাত্ৰীগৰাকীয়ে জনায় যে যিসকল লোকে তেওঁক হিজাব পৰিধান কৰি মহাবিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰিছিল সেইসকল লোকেও পৰিধান কৰি আছিল গেৰুৱা ৰঙৰ স্কাৰ্ফ।
উল্লেখনীয় যে বিগত শনিবাৰে ৰাজ্যখনৰ চৰকাৰে হিজাব পৰিধানত নিষেধাজ্ঞা আৰোপ কৰিছিল।
ঘটনা সন্দৰ্ভত ছাত্ৰী গৰাকীয়ে কৈছিল যে তেওঁক মহাবিদ্যালয়ত প্ৰৱেশত বাধা দি থকা লোকসকলে কৈছিল যে হিজাব খুলি পেলালে বিৰোধীসকলেও খুলি পেলাব গেৰুৱা স্কাৰ্ফ । তাৰ উত্তৰত ছাত্ৰী গৰাকীয়ে
তেওঁলোকে কেতিয়াও কোনোবাই গেৰুৱা বসন পৰিধান কৰা নকৰাৰ বিষয়ত মাত মতাই নাই বুলি সদৰী কৰে সংবাদ মাধ্যমক।




