সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাজেট মানে কেৱল নিৰ্মলা সীতাৰমণৰ ভাষণ নেকি ?

মঙলবাৰে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব ৷ এই বাজেটতো নিশ্চয় নতুন নতুন চমকলগা ঘোষণা কৰা হ’ব ৷ কাৰণ , ইয়াৰ আগৰ বাজেটতো কোভিড সৃষ্ট পৰিৱেশত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ কেতবোৰ ঘোষণা কৰা হৈছিল ৷ স্বাস্থ্য শিক্ষাৰ পৰা আৰম্ভ কৰি সাধাৰণ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বহু ডাঙৰ কথাই কোৱা হৈছিল ৷ কিন্তু এই ঘোষণা সমূহৰ ভিতৰত বহুত কথাই কেৱল ঘোষণা হৈয়ে ৰ’ল ৷ যাৰ বাবে প্ৰশ্ন উঠিছে যে বিগত বৰ্ষৰ বাজেটখন কেৱল বিত্তমন্ত্ৰীৰ ভাষণহে আছিল নেকি ? বাজেট মানে কেৱল ৰাজনৈতিক চমক নেকি ?
বাজেটৰ পৰা আপুনি কি বিচাৰে ? বাজেটত কোনবোৰ কথা ঘোষণা হোৱাটো বিচাৰে ? নিশ্চয় আপোনাৰ জীৱনৰ মান উন্নত কৰিব পৰা , দেশৰ আন্ত: গাঁথনিৰ বিকাশৰ পৰিকল্পনাসমূহ বাজেটত প্ৰতিফলিত আৰু সেইবোৰ সময়মতে ৰূপায়ন হোৱাটো বিচাৰে ৷ কিন্তু আমি বাস্তৱত দেখিবলৈ পাও যে বাজেটত কৰা ঘোষণাৰ বহু ঘোষনাই কেৱল ভাষণ হৈ ৰৈ যায় ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ঘোষণা আৰু ৰূপায়নৰ কেইটামান উদাহৰণ আজিৰ এই প্ৰতিবেদনত আগবঢ়াবলৈ লৈছো ৷

- Donation -

Leave A Reply

Your email address will not be published.