আকৌ সাম্প্ৰদায়িক সংঘৰ্ষৰ শংকাত কঁপিছে গুজৰাট ৷

Share This Article

গুজৰাটত অকৌ বাজিছে সাম্প্ৰদায়িক সংঘৰ্ষৰ দামামা ৷
গুজৰাটৰ আহমদাবাদ জিলাৰ ধন্ধুকা গাঁৱত এজন হিন্দু যুৱক কিশন ভাৰৱাডৰ হত্যাৰ ঘটনা সংঘটিত হয় ৷ হত্যাত অভিযুক্ত কৰা হয় ইছলামিক মৌলবাদীক ৷ তাৰ পাছৰে পৰা ৰাজ্যখনৰ পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰে ৷ আহমদাবাদ , ৰাজকোট , বদোদৰা , সুৰত আদি জিলাত আৰম্ভ হৈছে হিন্দু সমাজৰ প্ৰতিবাদ ৷ ৰাজকোটত প্ৰতিবাদে উত্তপ্ত ৰূপ লোৱাত আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কিশন হত্যাৰ প্ৰতিবাদত একত্ৰিত হোৱা প্ৰায় ৫ হাজাৰ লোকে সমদল কৰি এটা মুছলমান অধ্যুষিত অঞ্চলত প্ৰৱেশৰ চেষ্টা চলাইছিল ৷ আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও সমদলকাৰীসকল আকোৰগোজ হৈ থাকে ৷ এসময়ত আন ৰাস্তাৰে সমদলকাৰীক অগ্ৰসৰ হ’বলৈ কোৱাত তেওলোক খঙাল হৈ উঠে ৷ এনে পৰিস্থিতিত আৰক্ষীয়ে লাঠীচালনা কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলগীয়া হয় ৷ এই প্ৰতিবাদত চৌধুৰী , ভাৰৱাড আৰু ঠাকুৰ সমাজৰ লোক জড়িত হৈ আছিল ৷ তেওলোকে কিশন হত্যাকাৰীক এনকাউন্টাৰ কৰাৰ দাবী উত্থাপণ কৰে ৷ইয়াৰ পাছতো গুজৰাটৰ পৰিস্থিতি উত্তপ্ত হৈয়ে আছে ৷
কিশন হত্যাৰ সমগ্ৰ ঘটনাতো এনেধৰণৰ ৷ যোৱা ৬ জানুৱাৰীত কিশনভাই ভাৰৱাডে ছোচিয়েল মেডিয়াত কেবাটাও বিতৰ্কিত পোষ্ট দিছিল ৷ ইয়াৰ বিৰুদ্ধে ধন্ধুকা মুছলমান সমাজে স্থানীয় থানাত গোচৰো তৰিছিল ৷ আৰক্ষীয়ে বিতৰ্কিত পোষ্ট দিয়া কিশনক গ্ৰেপ্তাৰ কৰে যদিও পাছত জামিনত মুকলি কৰি দিয়ে ৷ ইফালে কিশনৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা ৰচনা কৰে মুছলমান কট্টৰবাদী সংগঠনে ৷ এই পৰিকল্পনা অনুসৰি ধন্ধুকাৰ পৰা ছব্বিৰ আৰু ইমতিয়াজ নামৰ দুজন যুৱক উপস্থিত হ’ল আহমদাবাদত ৷ তেওলোকে জাৱৰাবালা নামৰ এজন মৌলবীক সাক্ষাৎ কৰে ৷ মৌলবীজনে ছব্বিৰ আৰু ইমতিয়াজক এটা পিষ্টল আৰু পাঁচটা কাৰ্টিজৰ ব্যৱস্থা কৰি দিয়ে ৷ পিষ্টল লৈ যুৱকদুজন উভতিল ধন্ধুকালৈ ৷ ২৫ জানুৱাৰীৰ সন্ধিয়া ইমতিয়াজ আৰু ছব্বিৰ এখন বাইকত ওলাই আহিল ৷ তেওলোকে কিশনক ৰাস্তাতে পাই তেনেই ওচৰৰ পৰা দুই জাই গুলী নিক্ষেপ কৰে ৷ গুলীবিদ্ধ কিশনৰ থিতাতে মৃত্যু হয় ৷

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ছব্বিৰ ওৰফে চাবা দাদা চোপড়া আৰু ইমতিয়াজ ওৰফে ইমতু মেহবুব পাঠানসহ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ তেওলোকক অস্ত্ৰৰ যোগান ধৰা মহম্মদ আয়ুব ইউছুফভাই জাৱৰাৱালা নামৰ মৌলবীজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ মতে কিশনক গুলীয়াইছিল চব্বিৰ নামৰ যুৱকজনে ৷ তেও ধন্ধুকাতে এটা অট্টালিকাত কাম কৰে ৷ এবছৰ আগতে ছব্বিৰ ছোচিয়েল মেডিয়াৰ জড়িয়তে দিল্লীৰ কোনোবা মৌলবীৰ সম্পৰ্কলৈ আহিছিল ৷ তাৰ পাছত মুম্বাইত মৌলবী সংগঠনৰ নেতাকো সাক্ষাৎ কৰিছিল ৷ তাৰ পাছৰে পৰা ছব্বিৰ ধৰ্মক লৈ গোড়া হৈ পৰে ৷ এই গোড়ামিৰ পৰিণতিতে তেও হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰা হ’ল ৷

এই ঘটনাৰ পাছৰে পৰা উত্তপ্ত হৈ পৰিছে গুজৰাটৰ পৰিস্থিতি ৷ চৰকাৰ – প্ৰশাসনে সঠিক সময়ত পৰিস্থিতি নিয়ন্ত্ৰণ নকৰিলে আকৌ গুজৰাটত বিভীষিকাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ৷ সকলোৱে আশা কৰিছে যে হত্যাকাৰীয়ে কঠোৰ শাস্তি পাওক ৷ একেসময়তে আকৌ এবাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত নহওক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.