সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পৱন বৰঠাকুৰৰ প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় নেকি আনন্দ মিশ্ৰ?

অৱশেষত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ সন্দৰ্ভত তদন্তকাৰী বিষয়াৰ প্ৰতিবেদন ওলাল।তদন্তত কীৰ্তিকমল বৰাক নিৰ্দোষী বুলি ঘোষণা কৰা হল।ভুৱা এনকাউণ্টাৰ চলোৱা আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক চাকৰিৰ পৰা নিলম্বন কৰা হল।কিন্তু অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনত সন্তুষ্ট নহয় নেকি নগাঁও আৰক্ষী?ভুৱা এনকাউণ্টাৰেৰে হিৰ’ হ’বলৈ যোৱা নগাঁও আৰক্ষীৰ আচল স্বৰূপ ওলাই পৰাত লাজে নাকত ধৰিছে নেকি নগাঁও আৰক্ষীৰ?
যোৱা ২২ জানুৱাৰীত নগাঁওত আৰক্ষীৰ এনকাউণ্টাৰৰ সন্মুখীন হৈছিল কীৰ্তিকমল বৰা নামৰ এজন যুৱক।তাৰ পাছত চাৰিওফালে সৃষ্টি হ’ল তীব্ৰ প্ৰতিক্ৰিয়াৰ।এয়া এক ভুৱা এনকাউণ্টাৰ বুলি সকলোৱে দাবী কৰিলে।প্ৰতিবাদত উত্তাল হল নগাঁও চহৰ।কিন্তু আৰক্ষীৰ দাবী আছিল যে কীৰ্তিকমল বৰা নামৰ যুৱক জন ড্ৰাগছ সৰ্বৰাহৰ সৈতে জড়িত।সিদিনা আৰক্ষীয়ে অভিযান চলাওঁতে কীৰ্তিকমল বৰাই আৰক্ষীক প্ৰহাৰ কৰিছিল।যাৰ বাবে আৰক্ষীয়ে কীৰ্তিকমলক গুলীয়াব লগা হল।চাই লওঁ আহক সিদিনা কি কৈছিল নগাঁও আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰই।
ইয়াৰ বিপৰীতে সিদিনা কীৰ্তিকমলৰ লগত কি ঘটিছিল সেয়া শুনি লওক কীৰ্তি কমলৰ নিজ মুখেৰেই।
এই ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই ৰাইজে কাঠগৰালৈ আনিলে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী যিয়ে আৰক্ষীক এনকাউণ্টাৰৰ সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাক।হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অতিৰিক্ত মুখ্য সচিবৰ দ্বাৰা তদন্ত।আৰু তদন্তৰ প্ৰতিবেদন এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হল।কিন্তু এসপ্তাহ ওকলি যোৱাৰ কেইবাদিনৰ পিছত ৮ ফেব্ৰুৱাৰীত দাখিল কৰা হল প্ৰতিবেদন।প্ৰতিবেদনে নগাঁও আৰক্ষীৰ দাবী ভুৱা বুলি উল্লেখ কৰিলে।তাৰপাছতে পুনৰ সমালোচনাৰ সন্মুখীন হৈছে নগাঁও আৰক্ষী।ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে ৰাইজ পুনৰ সোচ্চাৰ হৈ উঠিছে।নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক নিলম্বনৰ দাবীও উত্থাপন হৈছে।তাৰপাছতে যেন লাজে নাকত ধৰিছে SP আনন্দ মিশ্রৰ।বৰঠাকুৰ প্ৰতিবেদনত নিৰ্দোষী বুলি প্ৰমাণ হোৱা কীৰ্তিকমল বৰাৰ বিৰুদ্ধেই এতিয়া আকৌ সৰৱ হৈ উঠিছে আনন্দ মিশ্ৰ।যেন কীৰ্তিকমলক দোষী সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিছে আনন্দ মিশ্ৰ।চাওঁ আহক আজি সংবাদমেলত কি কলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ তদন্ত প্ৰতিবেদন দাখিলৰ পিছত SP আনন্দ মিশ্ৰই এই ঘটনাৰ আন কেইটামান বিষয় তদন্তৰ আওতালৈ অনাৰ কথা উল্লেখ কৰিছে।তেওঁ সকলো বিষয় আবেগিক ভাবে নলবলৈও অসমৰ মানুহলৈ আহ্বান জনাইছে।এতিয়া প্ৰশ্ন হয় যে অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ প্ৰতিবেদন আধৰুৱা আছিল নেকি?এই প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় নেকি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ?অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰেও আবেগৰ বশৱৰ্তী হৈহে এই প্ৰতিবেদন দাখিল কৰিছে নেকি?নে এনকাউণ্টাৰ কৰি ভাল পোৱা নগাঁও আৰক্ষীৰ স্বৰূপ ওলাই পৰাত কীৰ্তিকমল বৰাৰ বিৰুদ্ধে অধিক প্ৰতিশোধ পৰায়ন হৈ উঠিছে SP আনন্দ মিশ্ৰ?

- Donation -

Leave A Reply

Your email address will not be published.