সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰব্ৰজন আৰু অসম

“এবাৰ কথা প্ৰসংগত এগৰাকী মুছলিম বন্ধুৱে কৈ উঠিছিল-অসমত মুছলিম হৈ জন্ম হোৱাতকৈ পাপ নাই। বুকুখন মোচৰ খাই উঠিছিল।” অসমৰ প্ৰব্ৰজনৰ সমস্যাৰ ওপৰত এই বিশেষ লেখা শাশ্বতী সভাপণ্ডিতৰ

লেখিকা শাশ্বতী সভাপণ্ডিত

প্ৰকৃততে কেইটামান পৃষ্ঠাৰ আৱেষ্টনিত প্ৰব্ৰজনৰ দৰে নিৰবচ্ছিন্ন প্ৰক্ৰিয়া এটা সামৰি ৰখা সম্ভৱ নহয়।অতীজৰে পৰা মানুহে বিভিন্ন কাৰণত এঠাইৰ পৰা আন এঠাইলৈ প্ৰব্ৰজিত হৈছিল।২০১৯ চনত সমগ্ৰ পৃথিৱীত প্ৰব্ৰজনৰ সংখ্যা আছিল ২৭২ মিলিয়ন,২০‍১০ চনতকৈ ৫১ মিলিয়ন বেছি।অৰ্থাৎ প্ৰব্ৰজনৰ সোঁত দিনে দিনে বেছিকৈ ব’বলৈ ধৰিছে।

অসম আৰু প্ৰব্ৰজনৰ ইতিহাস:

যিখন ৰাজ্যৰ প্ৰায় প্ৰতি পাঁচ কি:মি:ৰ মূৰে মূৰে জাতি-বৰ্ণ-ধৰ্মৰ সলনি হয়,সেইখন ৰাজ্যৰ প্ৰব্ৰজনৰ ইতিহাস কিমান সূদুৰপ্ৰসাৰী হ’ব,তাত কোনো সন্দেহৰ থল নাই।আনকি,আমি যি অসম বা অসমীয়াৰ সংজ্ঞাৰ কাৰণে আমি চিঞৰ বাখৰ কৰি আছোঁ,সেই অসম নামটোও আহিছে ত্ৰয়োদশ শতিকাৰ পাছৰপৰাহে।ইতিহাসবিদসকলে দাবী কৰে যে অসমত প্ৰস্তৰ-নৱপ্ৰস্তৰ যুগৰ পৰাই মানৱ সভ্যতা গঢ় লৈ উঠিছিল।অসমলৈ মূলত: তিনিটা কাৰণত মানুহ প্ৰব্ৰজিত হৈছিল-
১)ইয়াৰ সাৰুৱা ভূমিৰ প্ৰতি আকৰ্ষণ
২)ইয়াৰ ভৌগোলিক অৱস্থিতি
৩)প্ৰাকৃতিক সম্পদৰ সহজলভ্যতা

অসমত প্ৰায় ২০০০ খ্ৰী:পূ:ৰ পৰাই প্ৰব্ৰজন আৰম্ভ হয়।তেতিয়াৰ অসম আৰু এতিয়াৰ অসমৰ মাজত বৃহৎ তফাৎ আছে।সেই সময়ৰ অসমত অষ্ট্ৰেলীয়,মঙ্গোলীয় তথা ককেছীয় প্ৰজাতিৰ লোকে বসবাস কৰিছিল।
কনকলাল বৰুৱাৰ মতে,অষ্ট্ৰেলীয় প্ৰজাতিৰ লোকসকল অসম ভূমিত প্ৰস্তৰ যুগতেই বসবাস কৰিছিল।তেওঁলোকৰ নাক বহল,মুখ ঠেক,গাৰ বৰণ ক’লা,চুলি কেকোৰা,নোম বেছি আৰু ওখ হয়।বৰ্তমান মেঘালয়ৰ খাচীসকল,জয়ন্তীয়াসকল আৰু ছিনটেংসকল অষ্ট্ৰেলীয় জনগোষ্ঠীৰ অন্তৰ্ভুক্ত।অসমত তেওঁলোকৰ ৰূপ পৰিশুদ্ধ ৰূপত নাই।
অসমৰ জনসংখ্যাৰ এক বৃহৎ অংশ অধিকাৰ কৰি আছে মঙ্গোলীয় প্ৰজাতিৰ লোকে।তেওঁলোক চীনৰ অধিবাসী আছিল বুলি কোৱা হয়।তেওঁলোকৰ হনু ডাঙৰ,চকু সৰু আৰু টনা,নাক চেপেটা হয়।বৰ্তমান অসমত বাস কৰি থকা গাৰো,বড়ো,তিৱা,নগা,কাৰ্বি,দেউৰী,চুতীয়া,বৰাহী,কোচ আদি লোকসকল মঙ্গোলীয় প্ৰজাতিৰ অন্তৰ্ভুক্ত।
ককেছীয়সকল অসমলৈ তুলনামুলকভাৱে দেৰিকৈ আহিছিল।বৰ্তমান অসমৰ ব্ৰাহ্মণ,যোগী,মহন্ত,শূদিৰ,গণকলিতা আদি লোক এই প্ৰজাতিৰ অন্তৰ্গত।
ত্ৰয়োদশ শতিকাত কামৰূপলৈ অহা আহোমসকল মঙ্গোলীয় শ্ৰেণীৰ অন্তৰ্গত।মুছলমানসকল ইৰাণীয় আৰ্য আৰু মঙ্গোলীয় শ্ৰেণীৰ অন্তৰ্গত।মধ্য আৰু দক্ষিণ ভাৰতৰ পৰা অহা মাৰোৱাৰী তেলী আদিৰ মাজত আৰ্য আৰু দ্ৰাবিড় দুয়োটা প্ৰজাতিৰেই লক্ষণ বিদ্যমান।
কথাখিনি যুকিয়াই চালে দেখা যায় যে বৰ্তমান অসমৰ অধিবাসী প্ৰায় সকলোবোৰেই প্ৰব্ৰজনকাৰী।

অনুপ্ৰৱেশ আৰু অসম:

অসমৰ দৰে ভৌগোলিকভাৱে অকলশৰীয়া আৰু তুলনামুলকভাৱে কম সচেতন লোকেৰে গঠিত অসম নামৰ প্ৰদেশখনক কেন্দ্ৰীয় চৰকাৰে মাহীআইৰ দৃষ্টিৰে চাই আহিছে।অনুপ্ৰৱেশৰ সমস্যা সমাধানৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ হাততহে আছে।এই সমস্যাৰ দীৰ্ঘস্থায়িতাৰ সম্ভেদ পায় প্ৰাক্তন মুখ্যমন্ত্রী গোপীনাথ বৰদলৈয়ে তদানীন্তন প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুক অনুৰোধ জনাইছিল।কিন্তু তেওঁ বৰদলৈক ঠেক মনোবৃত্তিৰ বুলি তিৰষ্কাৰ কৰি পঠাই দিছিল।বৰ্তমানলৈকে অসমৰ সীমান্ত চীল কৰা নহ’ল।১৭৮৯ চনত ঔপেনিৱেশিকতা স্থাপন,১৮২৫ চনৰ ইয়াণ্ডাবু সন্ধি,১৯০৫ চনৰ বংগ ভংগ তথা ভাসানীৰ আন্দোলনৰ সময়ত ইনাৰ লাইন পাৰমিট উঠাই দিয়া-এই সকলোবোৰ পৰোক্ষভাৱে অসমৰ অনুপ্ৰৱশ সমস্যাৰ বাবে দায়ী।সেয়ে,বৰ্তমান উন্মুক্ত সীমান্তৰ কাইটিয়া তাঁৰ পাৰ হৈ নিতৌ বিদেশীৰ অহা-যোৱা চলে ৰাজ্যখনলৈ।অসমলৈ হোৱা বৃহৎ অনুপ্ৰৱেশকেইটা হৈছে-দেশ বিভাজনৰ পাছত হোৱা ধৰ্মীয়-সাম্প্ৰদায়িক হিন্দু বঙালী,বৌদ্ধৰ অনুপ্ৰৱেশ,১৯৫০ চনত ইন্দো নেপাল সন্ধিৰ ফলত হোৱা নেপালীৰ প্ৰব্ৰজন,১৯৫০ চনত নেহৰু-লিয়াকৰ প্ৰব্ৰজনৰ পাছত হোৱা প্ৰব্ৰজন,১৯৭১-৭৩ চনলৈকে হোৱা হিন্দু-মুছলমান অনুপ্ৰৱেশ ইত্যাদি।অনুপ্ৰৱেশৰ ফলত অসমত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে।তাৰে ভিতৰত জনগাঁথনিৰ সমস্যা,আৰ্থ-সামাজিক সন্ত্রাসবাদ,দৰিদ্ৰতা,সংস্থাপনহীনতা আদি প্ৰধান।অসমত বৰ্তমানেও প্ৰসূতিৰ মৃত্যুত প্ৰথম আৰু নৱজাতকৰ মৃত্যুত দ্বিতীয়।তেনেস্থলত আমি অনুপ্ৰৱেশকাৰীৰ বোজা ল’বলৈ সক্ষমনে?
এন.আৰ.চি.ৰ শেহতীয়া তথ্য মতে অসমৰ ৩৩ মিলিয়ন মানুহৰ ভিতৰত ১.৯ মিলিয়ন মানুহৰ অৱস্থিতি অবৈধ।কিন্তু বিষয়ৰ গভীৰতালৈ চিন্তা কৰিলে দেখা পাম,প্ৰকৃততে এই ‍১.৯ মিলিয়ন লোকক স্বগৃহলৈ ঘূৰাই পঠিওৱাওটো সম্ভৱ হ’বনে?বা চৰকাৰে ভোট বেংকৰ স্বাৰ্থত তেওঁলোকক ঘূৰাই পঠিয়াবনে?সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন!

প্ৰব্ৰজন বনাম সাম্প্ৰদায়িকতা:
ঐতিহাসিক দৃষ্টিভংগীৰে চালে দেখা পাম যে প্ৰত্যেক মানুহেই প্ৰব্ৰজনকাৰী।প্ৰব্ৰজন নোহোৱা হ’লে আজি বিশ্বত অত বাৰেবহনীয়া সংস্কৃতি নাথাকিলেহেঁতেন।প্ৰব্ৰজনকাৰীসকলক বহুক্ষেত্ৰত অপৰাধী সজাই আমি প্ৰকৃততে মানৱতাক বিসৰ্জন দিছোঁ।বৰ্তমান একবিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ শেষ স্তৰত সকলো প্ৰব্ৰজনকাৰী কেৱল মৌলিক প্ৰয়োজনৰ বাবে আমাৰ দেশলৈ নাহে।তেওঁলোকৰ প্ৰতি বিদ্বেষমূলক আচৰণ আমি প্ৰায়েই পুহি ৰাখোঁ।যিটো অশোভনীয়।কিছুমান মানুহে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে মানৱতাক গৰ্হিত কৰি মুছলমান প্ৰব্ৰজনকাৰীক বা তথাকথিত বাংলাদেশীসকলক ৰাইজৰ আওতালৈ আনি হিন্দু অনুপ্ৰৱেশকাৰীসকলক উপেক্ষা কৰিছে।নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰটো দেখা গ’ল এই বৈষম্য।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ২০২০ চনৰ এটি সমীক্ষা অনুসৰি,ভাৰতবৰ্ষত ২০১৯ চনত ১৭.৫ মিলিয়ন লোক প্ৰব্ৰজিত হৈছে।যিটো ভাৰতীয় জনসংখ্যাৰ এটি ক্ষুদ্ৰ অংশ।কিন্তু সংযুক্ত আৰব প্ৰদেশৰ মুঠ জনসংখ্যাৰ ৩০ শতাংশই ভাৰতীয় প্ৰব্ৰজনকাৰী।কিন্তু তেওঁলোকৰ ৰাষ্ট্ৰত আমাৰ দৰে বৈষম্য দেখিছেনে?নাই।আমাৰ মনত কৌশলপূৰ্ণভাৱে এই ঘৃণা ভাব জাপি দিয়া হৈছে।যিয়ে ৰাজনীতি এক বৃহৎ মুনাফা আদায়ৰ বাট মুকলি কৰিছে।এই কৌশলটোৱে ভাৰতীয় সংবিধানৰ ধৰ্ম-নিৰপেক্ষ বৈশিষ্ট্যত তীব্ৰ আঘাত হানিছে।আমাৰ অত্যধিক আবেগপ্ৰৱণতাইও কেতিয়াবা বাংলাদেশক শত্ৰু হিচাপে গণ্য কৰোৱাইছে।কিন্তু বাংলাদেশৰ লোকসকলৰ এই ঘৃণা ভাৱ আমাতকৈ কিছু কম।এৰশ্বাদ-বিৰোধি জন-আন্দোলনেই ইয়াৰ প্ৰমাণ।এবাৰ কথা প্ৰসংগত এগৰাকী মুছলিম বন্ধুৱে কৈ উঠিছিল-“অসমত মুছলিম হৈ জন্ম হোৱাতকৈ পাপ নাই।”বুকুখন মোচৰ খাই উঠিছিল।

অনুপ্ৰৱেশ এক বৃহৎ সমস্যা।এই সমস্যা সম্পূৰ্ণ বন্ধ কৰা কেতিয়াও সম্ভৱ নহয়।কিন্ত্ত কিছু কিছু ক্ষেত্ৰত ইয়াৰ নিয়ন্ত্রণৰ প্ৰয়োজনীয়তা আছে।বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহত।অতীতত অসমলৈ অহা লোকসকল অসমীয়া জাতিগঠন প্ৰক্ৰিয়াত জাহ গ’ল।সমন্বয় সাধন হ’ল।কিন্ত্ত শেহতীয়াকৈ অহা অনুপ্ৰৱেশকাৰীসকলে যি সমস্যাৰ সৃষ্টি কৰিছে তাৰ বাবে তেওঁলোকৰ মাজত শিক্ষা,সচেতনতা আৰু কৰ্মসংস্কৃতিৰ বীঁজ ৰোপন কৰিব লাগিব।
লেখিকা শাশ্বতী সভাপণ্ডিত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ছাত্ৰী

প্ৰকাশিত মন্তব্য লেখিকাৰ নিজা।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.