সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰধানমন্ত্ৰীক কটাক্ষ প্ৰশান্ত কিশোৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি দিয়া বক্তব্যক লৈ সপক্ষে -বিপক্ষে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ২০ লাখ কৌটিৰ পেকেজক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীক কটাক্ষ কৰিছে খ্যাতনামা নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ শেহতীয়া টুইটত তেওঁ কয় –‘হয় সমগ্ৰ পৃথিৱী মূৰ্খ ,নহ’লে আমি আনতকৈ বেছি স্মাৰ্ট যে আমি মানি ল’ম – ক’ভিডৰ দৰে মহামাৰী যিয়ে সমগ্ৰ বিশ্বৰ মানুহৰ প্ৰাননাশ কৰিছে,অৰ্থব্যৱস্থা আাৰু প্ৰগতিৰ বাবে বৃহৎ ভাবুকি হৈ পৰিছে ,সেয়া আমাৰ সুবিধালৈ সলনি হ’ব পাৰে আৰু ভাৰতক বিশ্বৰ শীৰ্ষলৈ লৈ যাব পাৰে৷’

- Donation -


উল্লেখ্য যে কালি প্ৰধানমন্ত্ৰী মোদীয়ে ক’ৰোনাক লৈ সৃষ্টি হোৱা পৰিস্থিতিক ভাৰতৰ সুবিধালৈ সলনি কৰাৰ প্ৰসংগ উল্লেখ কৰিছিল৷
]

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.