সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সংশোধিত শ্ৰম আইনে কঢ়িয়াই অনা ভয়াৱহ ভৱিষ্যত

“এই শ্ৰম আইন সংশোধনৰ ফল যে দীৰ্ঘম্যাদী আৰু ভয়াবহ হ’ব সেয়া স্পষ্ট । এবাৰ কামৰ সময় ১২ ঘণ্টা বুলি প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ ৮ ঘণ্টা যে সহজেই নহ’ব সেয়াও স্পষ্ট । লাহে লাহে এই নিয়ম বেংক আদি আন খণ্ডলৈও বিস্তাৰিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে । উল্লেখ্য যে মানুহৰ কামৰ সময় ৮ ঘণ্টা হ’ব , এয়া আছিল বিশ্বৰ শ্ৰমজীৱি জনগণে বহু ত্যাগ সংগ্ৰাম আনকি সতীৰ্থৰ জীৱনৰ বিনিময়ত আহৰণ কৰা অধিকাৰ । এতিয়া ,এয়া যেন উনৈশ শতিকালৈ উভতনি যাত্ৰা । যেতিয়া  নেকি শ্ৰমিকৰ কামৰ সময় ৮ ঘণ্টা কৰিবৰ বাবে ঐতিহাসিক আন্দোলন হৈছিল যাৰ স্মৃতিত আজিও মে ‘দিৱস পালন কৰা হয় ।”-   অংশুমান শৰ্মাৰ প্ৰতিবেদন

 

অংশুমান শৰ্মা

অসম চৰকাৰে ৮ মে’ তাৰিখে শ্ৰম আইন সম্পর্কে কেইটামান সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত সমূহে বিভিন্ন কল-কাৰখানা তথা চাহ বাগানত কাম কৰা শ্ৰমিকসকলক বিভিন্ন অসুবিধাত পেলাব । ৮ মে’ তাৰিখে লোৱা এটা অন্যতম সিদ্ধান্ত হ’ল যে যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠানত শ্ৰমিকক ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা কাম কৰাব পাৰিব । পূৰ্বৰ নিয়ম মতে ৮ ঘণ্টাতকৈ অধিক কাম কৰাব লাগিলে শ্ৰমিক জনৰ অনুমতি লাগিছিল । কিন্তু নতুন নিয়ম মতে মালিক পক্ষই ১২ ঘণ্টালৈ কাম কৰিবলৈ বাধ্য কৰিব পাৰে । যদিও অতিৰিক্ত চাৰি ঘণ্টাৰ বাবে অতিৰিক্ত মজুৰি (Over time allowance) দিয়াৰ কথা কোৱা হৈছে । কিন্তু এই অতিৰিক্ত মজুৰিও আগৰ হাৰত নহ’ব । পুৰণি নিয়ম মতে ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা কাম কৰালে অতিৰিক্ত ৪ ঘণ্টাৰ বাবে মূল ৮ ঘণ্টা কামৰ বাবে যিমান মজুৰি দিছিল সিমানেই দিব লাগিছিল । অৰ্থাৎ এদিনত ৮ ঘণ্টা কাম কৰাৰ বাবে যদি শ্ৰমিক এজনক চাৰিশ টকা মজুৰি দিয়া হৈছিল ১২ ঘণ্টা কাম কৰালে অতিৰিক্ত ৪ ঘণ্টাৰ বাবেও অতিৰিক্ত চাৰিশ টকা দিব লাগিছিল । অৰ্থাৎ দিনটোৰ কামৰ বাবদ আঠশ টকা । নতুন নিয়ম মতে অতিৰিক্ত ৪ ঘণ্টা কামৰ বাবে দুশ টকা (আঠ ঘণ্টাৰ কামৰ আধা) দিলেই হব । কিন্তু মূল কথা হ’ল এই শিথিল নিয়মৰ সুবাদতে সকলো কল কাৰখানাৰ মালিকে শ্ৰমিকক ১২ ঘণ্টা কাম কৰাব ।  এইদৰে দৈনিক শ্ৰমৰ সময় ৮ ঘণ্টাৰ পৰিৱৰ্তে ১২ ঘণ্টা এক স্বাভাবিক ঘটনাত পৰিণত হব ।

একেদিনাই লোৱা আন এটা সিদ্ধান্ত হল, ঠিকা শ্ৰমিক আইন (Contract Labour Act 1971) ৰ সংশোধন ঘটাই কোনো উদ্যোগত স্থায়ী শ্ৰমিকৰ পৰিৱৰ্তে অধিক সংখ্যক ঠিকা শ্ৰমিক নিয়োগৰ সুবিধা কৰি দিব । পুৰণি নিয়ম মতে কোনো পঞ্জীকৃত উদ্যোগত ১০ জনত কৈ অধিক ঠিকা শ্ৰমিক নিয়োগৰ বাবে শ্ৰম বিভাগৰ অনুমোদনৰ প্ৰয়োজন আছিল, আৰু ঠিকা শ্ৰমিক কেৱল অস্থায়ী বা ঋতু ভিত্তিক কামৰ বাবে হে নিয়োগ কৰিব পাৰিছিল । কিন্তু নতুন নিয়ম মতে কোনো অনুমোদন অবিহনে ৪০ জনলৈ ঠিকা শ্ৰমিক যিকোনো কামৰ বাবে নিয়োগ কৰিব পাৰিব । উল্লেখ নিষ্প্ৰয়োজন যে ঠিকা শ্ৰমিকৰ চাকৰিৰ কোনো স্থায়িত্ব নাথাকে তথা শ্ৰমিকে পাব লগা আন সুবিধা যেনে মৰগীয়া বানচ, ছুটি আদি সামাজিক সুৰক্ষাও ঠিকা শ্ৰমিকে নাপায় ।

আকৌ একেদিনাই, কাৰখানা আইনৰ (Factory Act 1948) সংশোধন কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) সমূহক এই আইনখনৰ আওতাৰ পৰা মুক্ত কৰা হৈছে । অৰ্থাৎ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত কৰ্মৰত শ্ৰমিক সকলে পূৰ্বতে কাৰখানা আইনৰ অধীনত যিবোৰ সুৰক্ষা পাইছিল সেইবোৰ এতিয়া আৰু নাপাব । আমি জানো যে বিভিন্ন কল কাৰখানাৰ শ্ৰমিকে কৰ্মস্থলীত নানান শাৰীৰিক ভাবে ক্ষতিকাৰক পৰিস্থিতিত কাম কৰিব লগীয়া হয় । এনে ধৰণৰ কৰ্মস্থলীৰ ভয়াবহতাৰ পৰা সুৰক্ষাৰ বাবে কাৰখানা আইনৰ অধীনত শ্ৰমিকক নানা সুৰক্ষা সামগ্ৰী দিয়া আদি নানা নিয়ম-কানুন বান্ধি দিয়া হৈছিল । যেনে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ হোৱা উদ্যোগত শ্ৰমিকক নিৰ্দ্দিষ্ট পোচাক, বিশেষ হাত মোজা দিয়া, Wealding আদি কৰা কাৰখানাত বিশেষ চছমা যোগান ধৰা আদি । এতিয়া ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) সমূহক অৰ্থনৈতিক সকাহ দিয়াৰ নামত এইবোৰক কাৰখানা আইনৰ আওতাৰ পৰা বাদ দিয়া হৈছে । অথচ একেখন চৰকাৰে কিছুদিন আগেয়ে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) ৰ বাবে থকা বিশেষ কৰ ৰেহাইৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে । এই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (MSME) সমূহে যিবোৰ ঋণ পৰিশোধ কৰিব লগীয়া আছে সেয়া মকুব কৰা বা পৰিস্থিতি উন্নত নোহোৱালৈ স্থগিত ৰখাৰ ব্যৱস্থাও কৰিব পৰা গ’লহেতেন । অসমৰ দৰে অতি নিম্ন উদ্যোগীকৰণ হোৱা পাৰ্শ্বীয় অঞ্চলত, যত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংখ্যাই অধিক, এনে কামে যথেষ্ট সকাহ দিলে হেতেন । কিন্তু দেশৰ ডাঙৰ বনিয়া সকলৰ ৬৮ হাজাৰ কৌটি টকা ঋণ মাফ কৰা চৰকাৰ খনে এই ক্ষুদ্ৰ উদ্যোগ সমূহক তেনে ৰেহাই দিয়াৰ কথা চিন্তা নকৰিলে । বৰঞ্চ শ্ৰমিক সকলৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে থকা নিম্নতম নিয়ম কানুনখিনিও ধোঁৱাচাঙত তুলিলে ।

আনহাতে যিকোনো উদ্যোগত শ্ৰম আইনৰ ভিত্তিত শ্ৰমিক আৰু মালিক উভয় পক্ষই মিলি এখন Standing Order বনোৱাৰ এক নিয়ম আছিল । এই Standing Order খন হ’ল উদ্যোগটোৰ ভিতৰত সংবিধানৰ লেখীয়া । তাত শ্ৰমিক আৰু মালিক উভয় পক্ষই মানিব লগীয়া নিয়ম আদি উল্লেখ থাকে । কিন্তু যিহেতু মূল শ্ৰম আইন সমূহেই এতিয়া ৪০ জনতকৈ কম শ্ৰমিক থকা উদ্যোগত কাৰ্যকৰী নহ’ব এই Standing Order খনৰো কোনো মূল্য নাথাকিব। ইয়াৰ ফলত শ্ৰমিক সকল কিদৰে ক্ষতিগ্ৰস্ত হব ? এই Standing Order তে ঠিক হ’ল যে সপ্তাহত এদিন মজুৰি সহিত ছুটি (Paid leave), আৰু এদিন অৰ্ধ কৰ্মদিন থাকিব আৰু কৰ্মক্ষেত্ৰত কোনো শ্ৰমিক আহত হলে ইমান টকা ক্ষতিপূৰণ পাব । কিন্তু নতুন নিয়মত যিহেতু এই Standing Order মূল্যহীন হৈ পৰিব তেতিয়া মালিকে দেওবাৰৰ ছুটিটোও নিদিলে বা কোনো আহত শ্ৰমিকক কোনো ক্ষতিপূৰণ নিদিওঁ বুলি কলে শ্ৰমিক জন / জনীয়ে বা তেওঁলোকৰ সংঘই আইনগত ভাবে কিবা কৰাৰ কোনো সুযোগ নাথাকিব ।

উল্লেখ্য যে অসমত ৭ খন উদ্যোগিক পাম (Industrial Park) আছে । অসমৰ ৰাজহুৱা খণ্ডৰ বৃহৎ উদ্যোগ যেনে সাৰ কাৰখানা, কাগজ কল, চেনী কল আদি বন্ধ হৈ যোৱাৰ পিছত এই উদ্যোগিক পাম সমূহেই হৈছে শ্ৰমিক নিয়োজিত হৈ থকা অন্যতম স্থলী । এই পামসমূহ বহু সৰু সৰু উদ্যোগৰ সমষ্টি । বেছিভাগেই ১০০ জনতকৈ কম শ্ৰমিক নিয়োজিত হৈ থকা উদ্যোগ । নতুন শ্ৰম আইন সংশোধনীৰ ফলত এইবোৰত কৰ্মৰত শ্ৰমিক সকল অত্যন্ত ক্ষতিগ্ৰস্ত হব । উক্ত ধৰণে শ্ৰম আইন সমূহ শিথিল কৰি নিৰ্দ্দিষ্ট সময়ৰ বাবে অস্থায়ী শ্ৰমিক (Fixed Term Employment) নিয়োগৰ পথ মুকলি কৰা হৈছে । এওঁলোকে মজুৰি বাবে আন একো সুবিধা, আনকি সাপ্তাহিক ছুটিও নাপাব ।

কিন্তু কেৱল অসম নহয় । কেইবাখনো বিজেপি শাসিত ৰাজ্যত বিগত কিছুদিনত উক্ত ধৰণৰ শ্ৰম আইনৰ সংশোধন কৰা হৈছে । কিন্তু এইবোৰ হঠাতে বা কেৱল অতিমাৰীৰ ফলতেই হোৱা বুলি ভাবিলে ভুল হ’ব । দৰাচলতে ২০১৬ চনৰে পৰা  শ্ৰম আইনত ব্যাপক সালসলনি কৰাৰ প্ৰচেষ্টা চলি আছে । এই আটাইবোৰ সালসলনি বৃহৎ ব্যৱসায়িক গোষ্ঠী বোৰৰ সুবিধা হোৱাকৈ কৰা হৈছে । এইবোৰ দ্বাৰা ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা শ্ৰমিক সকলে লাভ কৰা বহু ন্যার্য আৰু আইনগত অধিকাৰ আৰু সুৰক্ষা নোহোৱা হ’ব । ২০১৬ চনতেই Industrial Dispute Act সলনি কৰা হৈছিল । পৰৱৰ্তী সময়ত ৪৪ খন শ্ৰম আইন বিলুপ্ত কৰি চাৰিটা শ্ৰম ক’ড কৰা হৈছে । এইবোৰৰ বিশদ বিৱৰণ দীঘলীয়া হ’ব । কিন্তু মূল কথা হ’ল শ্ৰম আইন সংশোধন কৰি শ্ৰমিকৰ আৰ্জিত বহু অধিকাৰ কাঢ়ি নিয়াৰ প্ৰক্ৰিয়া এটা অতিমাৰীৰ বহু আগতেই আৰম্ভ হৈছে । অতিমাৰীৰ সুযোগ লৈ সেইবোৰ খৰতকীয়াকৈ প্ৰয়োগহে কৰা হৈছে । আৰু কিছু উদ্ভট যুক্তি দিয়া হৈছে যে অৰ্থনীতি উন্নত কৰিবলৈ কিছু অতিৰিক্ত কষ্ট কৰিবই লাগিব । এই কথাটোৰ আচলতে কোনো অৰ্থনৈতিক ভিত্তি নাই । সেয়া বুজিবলৈ আমি এটা সৰু উদাহৰণ লব পাৰোঁ । ধৰা হ’ল কাৰখানা এটা আগৰ ১৬ ঘণ্টাৰ পৰিৱৰ্তে এতিয়া ২৪ ঘণ্টাই চলোৱাৰ সিদ্ধান্ত লোৱা হ’ল । এই কামটো দুই ধৰণে কৰিব পাৰি : (ক) ইতিমধ্যেই ৮ ঘণ্টা কৈ কাম কৰি থকা দুজন শ্রমিকক এতিয়া ১২ ঘণ্টাকৈ কাম কৰিব দিয়া হ’ল । (খ) নতুন কৈ এজন শ্ৰমিক চাকৰিত ৰখা হল আৰু তিনিজন শ্ৰমিকক ৮ ঘণ্টাকৈ কামত নিয়োগ কৰা হ’ল । এতিয়া (ক) ৰ পৰিৱৰ্তে যদি (খ) নীতি গ্ৰহণ কৰিলে বহু মানুহে নিয়োগ পাব তথা আৰু নতুনকৈ নিয়োগ পোৱা সকলেও যেতিয়া আয়ৰ ধন বজাৰত খৰচ কৰিব বজাৰত অতিৰিক্ত চাহিদাৰ সৃষ্টি হ’ব আৰু আন আন উদ্যোগত নিৰ্মিত বস্তুও বজাৰত বিক্ৰী হব । অৰ্থনীতিৰ ভাষাত মুঠ চাহিদা (Aggregate Demand) বৃদ্ধি হব । এইদৰে সামগ্ৰিক অৰ্থনীতি শক্তিশালী হ’ব । (ক) নীতিত কেৱল সামগ্ৰী উৎপাদন হে হ’ব । সেয়া বজাৰত সমূদায় বিক্ৰী হোৱাৰ নিশ্চয়তা নাই । বিক্ৰী নোহোৱা সামগ্ৰী যদি জমা হৈ থাকে, তেতিয়া নতুন শিথিল শ্ৰম আইনৰ সুবিধা লৈ কৰ্মৰত শ্ৰমিকক বিদায় দিব পাৰিব । এইদৰে বহু শ্ৰমিকৰ জীৱিকা বা পৰিয়ালেই নহয় সামগ্ৰিক অৰ্থনীতিও বিপদত পৰিব । কিন্তু (খ) ধৰণৰ নীতিত যিহেতু তিনিজন শ্ৰমিকক দৰমহা দিব লাগিব কাৰখানাৰ মালিকৰ হ্ৰস্বকালত লাভ কিছু কম হ’লহেঁতেন । কিন্তু হয়তো অসমলৈ উভতি অহা বহু থলুৱা শ্ৰমিকে নিয়োগ পালেহেঁতেন আৰু অৰ্থনীতিও শক্তিশালী হ’লহেঁতেন । কিন্তু শ্ৰমিক বা নিবনুৱাৰ পক্ষ নলৈ, চৰকাৰে পক্ষ ল’লে বনিয়াৰ লাভৰ অংকৰ ।
এইখিনিতে প্ৰশ্ন উঠিব পাৰে যে, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ সমূহে অতিৰিক্ত মানুহক দৰমহা দিব পাৰিলেহেঁতেন নে ? তাৰ বাবে এনে উদ্যোগ সমূহৰ সুৰক্ষাৰ বাবে সদ্যহতে সেইবিলাক কৰৰ পৰা ৰেহাই দিয়া, ঋণ মকুব কৰা বা তেনে উদ্যোগত যি ধৰণৰ সামগ্ৰী উৎপাদিত হয়, তেনে সামগ্ৰী অসমৰ বাহিৰৰ কোম্পানীৰ পৰা আমদানি সদ্যহতে  বন্ধ ৰখা ধৰণৰ উপায় ল’ব পৰা গ’লহেঁতেন । যেনে অসমৰ অসমৰ কোনোবা দুগ্ধ সমবায় বা উদ্যোগে যদি ‘বাটাৰ’ উৎপাদন কৰি আছে, সদ্যহতে অসমলৈ বাহিৰৰ কোম্পানীৰ ‘বাটাৰ’ আমদানি বন্ধ ৰখা ।

কিন্তু চৰকাৰে কৰিছে তাৰ সম্পূৰ্ণ বিপৰীত । ইতিমধ্যে কৰ্মৰত শ্ৰমিক সকলক নিশ্চিত বিপদত পেলোৱাই নহয়, নতুন নিয়োগৰ সম্ভাব্য বাটো  বন্ধ কৰিলে আৰু ক্ষুদ্ৰ উদ্যোগ বা সমবায় সমূহকো সকাহ দিয়া দূৰৰ কথা দি থকা সকাহো উঠাই ল’লে । ইয়াৰ পৰাই চৰকাৰখন যে অত্যন্ত জনবিৰোধী সেই কথা স্পষ্ট হৈ পৰে ।
আনহাতে এই সকলো তথাকথিত সংশোধনৰ ফলত আটাইতকৈ ক্ষতিগ্ৰস্ত হব মহিলা শ্ৰমিক সকল । আমাৰ দৰে পুৰুষতান্ত্ৰিক সমাজত য’ত মহিলা সকলে ঘৰৰ ভিতৰতো সকলো কামৰ দ্বায়িত্ব লব লগীয়া হয়, তেনে স্থলত মহিলা শ্ৰমিক এজনে ১২ ঘণ্টাকৈ কৰ্মস্থলীত নিতৌ নিয়োজিত হৈ থাকিব পাৰিবনে ? আনহাতে যিহেতু নিয়োগৰ কোনো স্থায়িত্ব নাথাকিব গতিকে বা কোনো সামাজিক সুৰক্ষা নাথাকিব গতিকে প্ৰসূতি চুটি আদিও নাথাকিব । গতিকে অন্তঃসত্বা হোৱাৰ লগে লগে মহিলাগৰাকী তথা পৰিয়াল আৰ্থিক বিপদত পৰিব ।

এই শ্ৰম আইন সংশোধনৰ ফল যে দীৰ্ঘম্যাদী আৰু ভয়াবহ হ’ব সেয়া স্পষ্ট । এবাৰ কামৰ সময় ১২ ঘণ্টা বুলি প্ৰতিষ্ঠিত হোৱাৰ পিছত আকৌ ৮ ঘণ্টা যে সহজেই নহ’ব সেয়াও স্পষ্ট । লাহে লাহে এই নিয়ম বেংক আদি আন খণ্ডলৈও বিস্তাৰিত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে । উল্লেখ্য যে মানুহৰ কামৰ সময় ৮ ঘণ্টা হ’ব এয়া আছিল বিশ্বৰ শ্ৰমজীৱি জনগণে বহু ত্যাগ সংগ্ৰাম আনকি সতীৰ্থৰ জীৱনৰ বিনিময়ত আহৰণ কৰা অধিকাৰ । এতিয়া এয়া যেন উনৈশ শতিকালৈ উভটনি যাত্ৰা । যেতিয়া নেকি শ্ৰমিকৰ কামৰ সময় ৮ ঘণ্টা কৰিবৰ বাবে ঐতিহাসিক আন্দোলন হৈছিল যাৰ স্মৃতিত আজিও মে’ দিৱস পালন কৰা হয় ।

লেখক অংশুমান শৰ্মা জেএনইউৰ গৱেষক ছাত্ৰ।

প্ৰকাশিত মন্তব্য লেখকৰ নিজা।

angshumansarma13@gmail.com

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.