[quote title=”উল্লেখযোগ্য যে এনেদৰে নাৰীৰ safety আৰু security ৰ প্ৰসংগক এক ধৰণৰ silence লৈ পৰিণত কৰা হয়। যাৰ ফলত নাৰীৰ গতিশীলতা আৰু স্বাধীনতা দুয়োটাই খৰ্ব হয়। ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে এই ‘নিৰৱতা’ৰ প্ৰশ্নটোকে সমুজুৱাকৈ উত্থাপন কৰিছিল। এই আন্দোলনে এটা কথা স্পষ্ট কৰি দিছিল যে নাৰীৰ স্বাধীনতাৰ সমুখত নিদিষ্ট কৰি দিয়া সময় একধৰণৰ কাৰ্ফিউ-জুৰি বৰুৱাৰ কলমত।” title_color=”” title_url=”” title_icon=”” title_icon_color=”” title_margin=”0px 0px 15px 0px” block_color=”” block_description=”” text_align=”left” author=”” link=”” desc=”” image=””][/quote]
লেখকঃ জুৰি বৰুৱা
শাস্ত্ৰত থকা বহুতো কথা আৰক্ষী হাথিৰাম চৌধুৰীয়ে হোৱাটছ আপত পঢ়িছিল। আমাজন প্ৰাইমৰ ৱেব চিৰিজ ‘পাতাললোক’ ৰ এটা চিনত হাথিৰামে নিজৰ পত্নীৰ ওপৰত হাতো উঠাইছিল। কিন্তু পৰিচালকে সেই চিনটোক বেলেঞ্চ কৰিছিল পৰৱৰ্তী আন এটা চিনত। য’ত হাথিৰামে ই-ৰিক্সাৰ পৰা নমাৰ লগে লগে তেওঁৰ মধ্যবিত্তীয় হাউচ ৱাইফে হাথিৰামকো এটা থাপৰ মাৰিছিল। প্ৰত্যক্ষদৰ্শী আছিল হাথিৰামৰ জুনিয়ৰ চাব ইন্সপেক্টৰ, নিজৰ কিশোৰ সন্তান, ই-ৰিক্সাচালক, আৰু আপোনালোক নিজেই। সেই এটা থাপৰ কেৱল হাথিৰামৰ গালত পৰা নাছিল। পৰিছিল আমাৰ আটাইৰে ওপৰত।
- Donation -
‘পিঞ্জৰা তৌড়’ আন্দোলনটোৰ আৰম্ভণি হৈছিল দেশৰ ৰাজধানী চহৰত। এই আন্দোলনৰ জৰিয়তে ছোৱালী হোষ্টেল/পিজিত সোমোৱা-ওলোৱা নিয়মৰ প্ৰতি প্ৰশ্ন কৰা হৈছিল। নাৰীৰ সুৰক্ষাক আমাৰ সমাজ ব্যৱস্থাত সদায় সময়ৰ সৈতে তুলনা কৰি চোৱা হয়। আনকি নাৰীৰ চৰিত্ৰও সময়ৰ সৈতে মিলাই চলা গতিশীলতাৰ (movement) মাধ্যমত প্ৰকাশ কৰা হয়। ছোৱালী হোষ্টেল/পিজিত সেয়ে এটা নিৰ্দিষ্ট ‘সময় সীমা’ (outing time) থাকে য’ত নিৰ্দিষ্ট সময়ত এখন গেটেৰে সোমাৱা আবাসী এগৰাকীক সুৰক্ষিত বুলি ষ্টাম্প লগোৱা হয়।
উল্লেখযোগ্য যে এনেদৰে নাৰীৰ safety আৰু security ৰ প্ৰসংগক এক ধৰণৰ silence লৈ পৰিণত কৰা হয়। যাৰ ফলত নাৰীৰ গতিশীলতা আৰু স্বাধীনতা দুয়োটাই খৰ্ব হয়। ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে এই ‘নিৰৱতা’ৰ প্ৰশ্নটোকে সমুজুৱাকৈ উত্থাপন কৰিছিল। এই আন্দোলনে এটা কথা স্পষ্ট কৰি দিছিল যে নাৰীৰ স্বাধীনতাৰ সমুখত নিদিষ্ট কৰি দিয়া সময় একধৰণৰ কাৰ্ফিউ।
মন কৰিবলগীয়া কথাটো হৈছে, ‘পিঞ্জৰা তৌড়’ আন্দোলনটোৱে কেৱল নাৰী স্বাধীনতাৰ প্ৰসংগটোৱে অনা নাছিল। ইয়াৰ জৰিয়তে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোকো প্ৰশ্ন কৰা হৈছিল। এই আন্দোলনৰ আগতেও ২০০৯ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ ৰামজাচ কলেজত আৰু ২০১৩ চনত ষ্টিফেন্স কলেজত এইধৰণৰ এক প্ৰতিবাদী চেতনাই গা কৰি উঠিছিল। আপুনি নিজেই ভাবক, কলেজ/বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰী গোটেই ৰাতি খোলা। কিন্তু ছাত্ৰী নিবাসৰ গেট ৬ বজাত বন্ধ। তেনেস্থলত নিবাসৰ ছাত্ৰীয়ে ইচ্ছা কৰিলেও লাইব্ৰেৰী ব্যৱহাৰ কৰিব নোৱাৰে। তাৰোপৰি ছাত্ৰী নিবাসৰ আবাসীৰ বাবে থাকে মাহটোৰ মাত্ৰ কেইটামান ‘নাইট আউত’ । তাৰ বাবেও অজশ্ৰ নীতি নিয়ম। দৰ্খাস্ত । লোকেল গাৰ্জেনৰ চহী। ইত্যাদি ইত্যাদি। ২০১৫ চনত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিবাসৰ আবাসীৰ নাইট আউতৰ ব্যৱস্থা বন্ধ কৰি দিয়া হয়। জামিয়াৰ এগৰাকী ছাত্ৰীয়ে Delhi Commission for Women লৈ লিখা এখন চিঠিৰ প্ৰত্যুত্তৰত কমিছনে হোষ্টেল কৰ্তৃপক্ষৰ প্ৰতি এখন suo moto জাৰি কৰে। ইয়াৰ পৰাই আৰম্ভ হয় ‘পিঞ্জৰা তৌড়’ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়।
নাৰীবাদী আন্দোলন হিচাপে আৰম্ভ হ’লেও ‘পিঞ্জৰা তৌড়’ক কেৱল নাৰীবাদতে সীমাবদ্ধ বুলি ক’লে ভুল হ’ব। এই আন্দোলনে ছাত্ৰ ৰাজনীতিৰ সমান্তৰালকৈ এক বিকল্প সামগ্ৰিক ৰাজনীতিৰ পোষকতা কৰিবলৈ আৰম্ভ কৰে। Occupy UGC, ৰহিত ভেমুলাৰ হত্যাৰ প্ৰতিবাদকো এই আন্দোলনে সামৰি লয়। আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই আন্দোলনে ‘বিশ্ববিদ্যালয় ব্যৱস্থা’টোৰ ওপৰতো প্ৰশ্ন কৰে। ইয়াৰ আগতে দেশৰ বিভিন্ন নাৰী আন্দোলনবোৰে প্ৰশ্ন কৰিছিল কেৱল পুৰুষতন্ত্ৰৰ ওপৰত। কিন্তু কোনেও বিশ্ববিদ্যালয় ব্যৱস্থাটোত সোমাই থকা পুৰষতন্ত্ৰৰ ওপৰত প্ৰশ্ন কৰা নাছিল। ইয়াৰ অজশ্ৰ উদাহৰণ আছে। যিকোনো এখন একাডেমিক চেমিনিৰলৈ গ’লে দেখিব মঞ্চ শুৱনি কৰা বেছিভাগেই পুৰুষ। তেওঁলোকক চাহ দিয়াসকল মূলতঃ ছাত্ৰী। কলেজ বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিৰ সাধাৰণ সম্পাদক পদত ছাত্ৰী বা LGBTQ ৰ প্ৰতিনিধি নাম মাত্ৰ (ছোৱালী কলেজবোৰক বাদ দি) । ছাত্ৰীয়ে কেম্পাছৰ ভিতৰত হোৱা শাৰীৰিক মানসিক অত্যাচাৰৰ প্ৰসংগ প্ৰকাশ কৰাতো এক ধৰণৰ নিৰৱতা।