“এক দেশ এক ৰেশ্যন কাৰ্ড”-১জনুৰ পৰা ৰেশ্যন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ

১ জুনৰ পৰা সলনি হ’ব ৰেশ্যন কাৰ্ডৰ নিয়ম । ২০খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিয়মৰ সালসলনি হ’ব। ২৩খন ৰাজ্যৰ ৬৭ কোটি লোকে পাব এই সুবিধা। এই নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে ৰেশ্যন কাৰ্ড পৰ্টেবিলিবিটীৰ যোগেদি দেশৰ সকলো স্থানতে ৰেশ্যন কাৰ্ডৰ সুবিধাসমূহ লাভ কৰিব জনতাই। এক সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, সাৰ্বজনীন বিতৰণ প্ৰণালী অৰ্থাত্ PDS চিনাক্তকৰণ হ’ব আধাৰ কাৰ্ডত থকা ছেল ডিভাইচৰ ইলেক্ট্ৰনিক পইণ্টৰ যোগেদি। উল্লেখ্য যে পিডিএছৰ দোকানবোৰত চাউল, আটা, ঘেঁহু, ইত্যাদি সামগ্ৰীৰ নিম্ন দামত গ্ৰাহকে ক্ৰয় কৰিবলৈ সুবিধা পায়। আৰু বৰ্তমানলৈকে ৰেশ্যন কাৰ্ড হিতাধিকাৰীয়ে কেৱল নিজা অঞ্চলতহে এই সুবিধা লাভ কৰিছিল। কিন্তু এক দেশ এক ৰেশ্যন কাৰ্ড প্ৰযোজ্য হোৱাৰ লগে লগে গ্ৰাহকসকলে যিকোনো ঠাইতে এই সুবিধা লাভ কৰিব। আনহাতে পুৰণি হিতাধিকাৰীৰ লগতে নতুন হিতাধিকাৰীয়েও পাব এই সুবিধা। নতুন হিতাধিকাৰীসকলৰ কাৰ্ডসমূহ মাতৃভাষাৰ লগতে আঞ্চলিক ভাষাত উপলব্ধ হ’ব। লক্ ডাউনৰ সময়ত অন্য ৰাজ্যত বৰ্তমানেও থকা লোকসকলে নিজৰ ৰেশ্যন কাৰ্ডৰ জৰিয়তে এই সুবিধা লাভ কৰি ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা আছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296