দ্বিতীয় শাসনৰ প্ৰথমটো বৰ্ষপূৰ্তিত দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী মোডীয়ে লিখিলে ‘স্বৰ্ণযুগৰ এবছৰ’

Share This Article

দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই বৰ্ষপূতিৰ সৈতে সংগতি ৰাখিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি লিখিছে এখন পত্ৰ। ‘স্বৰ্ণযুগৰ এবছৰ’ শিৰোনামেৰে পত্ৰত তেওঁ দেশবাসীক উদ্দেশ্যি প্ৰকাশ কৰিলে কিছু কথা।
প্ৰধানমন্ত্ৰীগৰাকীয় লিখিছে এইবুলি- ‘যোৱাবছৰৰ এই দিনটোতে এটা সোণালী অধ্যায়ৰ পাতনি মেলিছিল। দীৰ্ঘ বিৰতিৰ পিছত দেশত পূৰ্ণকালীন সংখ্যাগৰিষ্ঠতাৰ এখন চৰকাৰ উপহাৰ দিছে দেশবাসীয়ে। আৰু সেইবাবে তেওঁ ১৩০ কোটি জনতাৰ প্ৰতি কৃতজ্ঞ। দেশ বৰ্তমান সংকটকালীন অৱস্থাৰ মাজেদি যুঁজি গৈছে। স্বাভাৱিক পৰিস্থিতি থাকিলে বৰ্ষপূৰ্তি উদযাপন কৰা হলহেতেঁন। মানুহৰ মাজেৰে তেওঁ যাব বিচাৰে। সেয়ে জনতাৰ মাজত থাকিব নোৱাৰাৰ বাবেই এই চিঠি প্ৰেৰণ কৰা হ’ল।’
তাৰোপৰি প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে কিদৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিছে, কিদৰে দেশৰ ভাবমূৰ্তি সবল কৰি তোলাত সফল হৈছে -সেই বিষয়েও লিখিছে চিঠিত- “২০১৪-১৯চনলৈকে দেশৰ ভাবমূৰ্তি উজ্জ্বল হৈছে। দৰিদ্ৰ জনতাৰ মৰ্যাদা বৃদ্ধি পাইছে। বিনামূল্যত গেছ, বিদ্যুত্, স্বচ্ছ অভিযানৰ উপৰি গৃহ লাভ কৰিছে দেশে। চৰকাৰে উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্প আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী সন্মান নিধি, জল জীৱন মিশ্যনৰ উপৰি কৃষক, কৃষি শ্ৰমিক, ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে মাহেকীয়া পেন্সনৰ ব্যৱস্থা কৰিছে বুলি চিঠিত উল্লেখ কৰিছে।”
লগতে মোডীয়ে কয় -“ দ্বিতীয়খন মোডীৰ চৰকাৰে দেশবাসীৰ বাবে ঐতিহাসিক সিদ্ধান্তও গ্ৰহণ কৰিছে। কিন্তু সেইবোৰ উল্লেখ কৰিলে দীঘলীয়া হ’ব । কিন্তু এটা কথা নিশ্চিত যে আমাৰ চৰকাৰে দিন-ৰাতি একাকাৰ কৰি সিদ্ধান্ত গ্ৰহণ আৰু তাক কাৰ্যতঃ ৰূপায়ণ কৰিবলৈ চেষ্টা চলাই আহিছে।”
ক’ৰোনা ভাইৰাছৰ যুঁজখনত সফল হৈছে বুলি একপ্ৰকাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চিঠিত উল্লেখ কৰি কৈছে – “দেশ এতিয়া উভয় সংকটত। বহুতেই ভাবিছিল ক’ৰোনাত ভাৰত ধ্বংস হৈ যাব। কিন্তু দেশবাসীৰ আত্মবিশ্বাস আৰু কঠোৰ মনোভাবে এই কথা ভুল পতিয়ন কৰিলে।”
আনহাতে প্ৰবাসী শ্ৰমিকে দুখ-কষ্ট সহিব লগীয়া হোৱাৰ সন্দৰ্ভত তেওঁ কয়-“নিয়ম-নিৰ্দেশনা মানি চলাটো অতি প্ৰয়োজনীয় ভাৰতবাসীৰ বাবে। এই সংকটৰ সময়ত সকলোৱে ধৈৰ্যৰ পৰিচয় দিছে। আৰু এটাই ভাল কথা যে এইসময়তো অন্য দেশতকৈ ভাৰতৰ অৱস্থা ভাল।জয়ৰ পথ আমি চিনাক্ত কৰিব লাগিব। সকলোৱে একত্ৰিত উদ্যোগেই আমাৰ জয় কাৰণ হ’ব।”
ইয়াৰোপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৭০ অনুচ্ছেদ, তিনি তালাক, ৰামমন্দিৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো কেতবোৰ মত প্ৰকাশ কৰিছে বৰ্ষপূৰ্তিত লিখা ‘স্বৰ্ণযুগৰ এবছৰ’ শীৰ্ষক চিঠিখনত।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.