সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ন্যুহত অশান্তি সৃষ্টিয়েই মূল উদ্দেশ্য নেকি VHP ৰ ?

সোমবাৰে ন্যুহত পুনৰ বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা।বিগত ৩১জুলাইত ন্যুহত অনুষ্ঠিত হৈছিল এক শোভাযাত্ৰা।এই শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হয়।বিগত এটা মাহত ন্যুহৰ অৱস্থা এক মৰিশালিলৈ পৰ্বসিত হৈছে।অঞ্চলটোত বিগত ৩১জুলাইত সংঘটিত ভয়ানক গোষ্ঠীগত সংঘৰ্ষত প্ৰাণ হেৰুৱালে ৬ গৰাকী লোকে।ন্যুহৰ চহৰাঞ্চলত এতিয়া দোকান পোহাৰ নাই।বেদখলৰ দোহাই দি সমগ্ৰ অঞ্চলটোত চলোৱা হৈছে বুলডজাৰ লগাই উচ্ছেদ।অঞ্চলটোৰ পৰিস্থিতি বৰ্তমান সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন যদিও যিকোনো মুৰ্হুততে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ ভয়ত প্ৰশাসনে সোমবাৰে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে।প্ৰায় ১৯০০ নিৰাপত্তাৰক্ষী নিয়োজিত কৰিছে প্ৰশাসনে।যদিও প্ৰশাসনৰ তৰফৰ পৰা এই শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হোৱা নাই,বিশ্ব হিন্দু পৰিষদে শোভাযাত্ৰা অনুষ্ঠিত কৰাটো নিশ্চিত কৰিছে।বিগত ১৩ আগষ্টত সৰ্বজাতীয় হিন্দু মহাপঞ্চায়তে ২৮ আগষ্টত ব্ৰীজ মণ্ডল শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল।বিশ্ব হিন্দু পৰিষদে এনেকুৱা ধৰ্মীয় শোভাযাত্ৰাৰ বাবে কোনো অনুমতি লোৱাৰ প্ৰয়োজন নাই বুলিও নিশ্চিত কৰিছিল।ইতিমধ্যে অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ ৩০ টা কোম্পানীয়ে তহল দি আছে।তদুপৰি হাৰিয়ানাৰ সীমান্তবৰ্তী এলেকাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।সকলো স্থানতে CCTV সংযোজন কৰা হৈছে।কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷দ্ৰোণেৰে সমগ্ৰ অঞ্চলৰ নিৰাপত্তা ব্যৱস্থা পৰ্যবেক্ষণ কৰি থকা হৈছে।আৰক্ষীয়ে সকলো লোকৰে পৰিচয় পত্ৰ পৰীক্ষা কৰিছে।বাহিৰা লোকৰ প্ৰবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
নিৰাপত্তাৰ দিশত যাতে কোনো বিসংগতিৰ সৃষ্টি নহয়,তাৰবাবে ন্যুহত সোমবাৰে সকলো বিদ্যালয়,বেংক আদি বন্ধ ৰখা হৈছে।
উল্লেখ্য যে অনাগত ৩ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈ ন্যুহত G 20 বৈঠক অনুষ্ঠিত কৰাৰ কথা।G 20 ৰ দোহাই দি প্ৰশাসনে অঞ্চলটোত শোভাযাত্ৰা উলিওৱাত বাধা দিছিল যদিও কোনো কাৰণতে প্ৰশাসনৰ নিষেধাজ্ঞাক মানিব খোজা নাই বিশ্ব হিন্দু পৰিষদে।
বিশ্ব হিন্দু পৰিষদৰ নেতা আলোক কুমাৰে কয় ‘ আমি জানো যে G 20 অনুষ্ঠিত হ’ব।সেয়ে আমি যাত্ৰা পথ চমু কৰিছোঁ।মই নিজেও অংশ ল’ম।চৰকাৰে আইন শৃংখলা পৰিস্থিতিটো নাচায় কিয়?সাধাৰণ জনতাই ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত কৰিবই৷ইয়াত বাধা দিয়াৰ অধিকাৰ নাই।’ ন্যুহৰ স্থানীয় জনতাই শোভাযাত্ৰা উলিওৱাত বাধা নাই বুলি উল্লেখ কৰিছে।কিন্তু শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে যাতে কোনো কাৰণতে উচতনিমূলক শ্লোগান নিদিয়ে সেই বিষয়টোত গুৰুত্ব দিবলৈ আহ্বান জনাই স্থানীয় লোকসকলে।নাচিম আহমেদ নামৰ আন এগৰাকী স্থানীয় লোকে কয় যে প্ৰশাসনে অনুমতি দিলে তেওঁলোকৰ কোনো আপত্তি থাকিব নোৱাৰে।হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰে ভক্তসকলক মন্দিৰৰ ভিতৰতে সকলো ধৰ্মীয় কাৰ্যসূচী অনষ্ঠিত কৰাৰ আহ্বান জনাইছে।এই যাত্ৰাৰ বাবে কোনোধৰণৰ অনুমতি প্ৰদান কৰা নাই বুলিও তেওঁ জনায়।উল্লেখ্য যে শেহতীয়াকৈ মণিপুৰ আৰু হাৰিয়ানা দুয়োখন ৰাজ্যতেই ডাবল ইঞ্জিনৰ চৰকাৰ সাম্প্ৰদায়িক সংঘৰ্ষ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ পিছত বিৰোধী দলবোৰে প্ৰধানমন্ত্ৰী মোডীকে ধৰি বিজেপি নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

Leave A Reply

Your email address will not be published.