সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাৰ্যকৰ্তাৰ লানি নহয়,এইবাৰ অঘটনৰ লানি অসম বিজেপিত !

অঘটন আৰু দুৰ্ভাগ্যই লগ নেৰা হৈছে বিজেপিক ! বিশেষকৈ অসম বিজেপিত অথন্তৰৰ অন্ত নোহোৱা অৱস্থা।কোনোবা নেতাৰ ঘৰত যদি উদ্ধাৰ হৈছে শিশুৰ মৃতদেহ,কোনোবা নেত্ৰীয়ে আকৌ নেতাৰ লগত ফটো ভাইৰেল হোৱা বাবে বাচি লৈছে চৰম পন্থা।কোনোবা নেত্ৰীৰ আকৌ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছে ক্ষতবিক্ষত মৃতদেহ ,আন কৰ’বাত আকৌ বিজেপি অফিচতেই উদ্ধাৰ হৈছে মৃতদেহ ।মুঠতে বিশ্বৰ সৰ্ববৃহৎ দলটোৰ অৱস্থা শেহতীয়াকৈ তথৈবচ। মিছকল দি অসমতেই ৪২ লাখ কাৰ্যকৰ্তা গোটোৱা বিজেপি এতিয়া হৈ পৰিছে সবাতোকৈ Undisciplined দল। কংগ্ৰেছত দলীয় কৰ্মীয়ে দলীয় আইন শৃংখলা নামানে বুলি ইমান দিনে সমালোচনা কৰি অহা বিজেপিতেই এতিয়া চলিছে চৰম অৰা।Cash for job গোচৰত সাঙোৰ খাইছে ইজনৰ পিছত সিজন নেতা।SI কেলেংকাৰীত অভিযুক্ত দ্বিবন ডেকা,অনুৰাগ চলিহাৰ পৰা আৰম্ভ কৰি মৃগাংক ডেকা,শান্তনু পূজাৰীলৈকে নাম সাঙোৰ খাইছে ধনৰ বিনিময়ত চাকৰি দিয়াৰ গোচৰত।

একেটা সময়তে আকৌ তিতাবৰ পৌৰসভা নিশাটোৰ ভিতৰতে বিজেপিৰ হাতৰ পৰা কংগ্ৰেছৰ হাতলৈ গ’ল৷তিতাবৰ পৌৰসভাৰ
পৌৰপতিয়ে সোমবাৰে পৌৰসভাৰ বৰ্ড সভা আহ্বান কৰিছিল। পঞ্চদশ বিত্তীয় আয়োগৰ ৫ কোটি টকাৰ ব্যয়ৰ ক্ষেত্ৰত বৰ্ডৰ অনুমোদন ল’বৰ বাবে সভা আহ্বান কৰিছিল পৌৰপতিয়ে। কিন্তু বিজেপিৰ দুগৰাকী সদস্যৰ কংগ্ৰেছত যোগদানৰ ফলত পৌৰপতি গৰাকীয়ে আহ্বান কৰা সভা অনুষ্ঠিত নহ’ল।অহা ১৪ দিনৰ ভিতৰত নতুন পৌৰপতি নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।১০ জনীয়া তিতাবৰ পৌৰসভাত ৬ গৰাকী বিজেপি আৰু ৪ গৰাকী কংগ্ৰেছৰ সদস্য আছিল যদিও দুগৰাকী বিজেপিৰ সদস্যই দেওবাৰে বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে।

- Donation -

বিগত ১৩ জুনত গোৱালপাৰাত এগৰাকী বিজেপি নেত্ৰীৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত।নিহত জোনালী নাথ গোৱালপাৰা বিজেপিৰ সাধাৰণ সম্পাদক আছিল।ঠিক সেইদৰে চলিত মাহৰ আগষ্টত কৰিমগঞ্জৰ বিজেপিৰ কাৰ্যালয়ত উদ্ধাৰ হৈছিল এগৰাকী ব্যক্তিৰ মৃতদেহ৷আনকি বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ৰ বাসগৃহত উদ্ধাৰ হৈছে এটি দহ বছৰীয়া শিশুৰ মৃতদেহ।
ইফালে নবিজেপি -পুৰণি বিজেপিৰ সংঘাতেও একেটা সময়তে বিধ্বস্ত কৰিছে ।পুৰণি বিজেপি ক্ৰমে অশোক শৰ্মা,ৰাজেন গোঁহাই,ৰমেন ডেকা আদিয়ে দলৰ নতুন নেতাসকলক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷অসন্তুষ্টিৰ পৰিমাণ ইমানেই বৃদ্ধি হৈছেগৈ যে দিল্লীত গৈ গৃহমন্ত্ৰী অমিত শ্বাহক অভিযোগ দিবলগীয়াৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে শীৰ্ষনেতৃত্বৰ মাজত৷তদুপৰি আগন্তুক নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈয়ো সংঘাতৰ উকমুকনি ঘটিছে বিজেপিত।পুৰণি বিজেপি ৰমেন ডেকা আৰু দিলীপ শইকীয়া দুয়োজনেই ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ।মুঠতে বিজেপিত ন-পুৰণিৰ সংঘাতৰ ওপৰিও নগদ ধনৰ বিনিময়ত চাকৰি,মহিলাৰ নিৰাপত্তাহীনতা আদি সমস্যাই জুৰুলা কৰিছে।দজ
এই গতিত বিজেপিয়ে জোৰাটাপলি মাৰি চলিবলগীয়া হ’লে ২০২৪ চনত দলটো ভয়ংকৰ সংকটত পৰাটো নিশ্চিত!

Leave A Reply

Your email address will not be published.