সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিয়া আৰু কেতবোৰ প্ৰশ্ন

নিয়াৰ সম্পৰ্কত এনেকৈ চালিজাৰি চাই থাকোতে আৰু কেইটামান বিশেষ তথ্য চকুত পৰিল৷ নিয়াৰ মষ্ট ৱান্টেড এখন তালিকা আছে৷ ‘ৱিকিপেডিয়া’ত প্ৰাপ্ত ৮৩ জনীয়া সেই তালিকাখন ভালদৰে মন কৰোতে দেখিলো তেওঁলোকৰ তালিকাত ইন্টাৰপলে  ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱা নাম নাই৷ আচৰিত কথা৷ পৰেশ বৰুৱাক তেওঁলোকে সম্ভৱতঃ সন্ত্ৰাসবাদী হিচাপে গণ্য নকৰে৷
বুলন কুমাৰ শইকীয়া
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ নিয়াৰ উদ্দেশ্য সম্পৰ্কত সংস্থাটোৰ নিজা ৱেবছাইটত উল্লেখ আছে – It aim to develop as a storehouse of all terrorist related information. ৷ নিয়াৰ কাম- কাজ আৰম্ভ হৈছিল ২০০৮ চনৰ অন্তিম দিনটোৰ পৰা৷ সেই হিচাপত সংস্থাটো এতিয়া বাৰ বছৰ বয়সত ভৰি দিব৷ বাৰ বছৰ নিচেই কম সময় নহয়৷ ইফালে সংস্থাটোৰ স্বঘোষিত উদ্দেশ্যনুসৰি নিয়া হৈছে আন্তঃৰাষ্ট্ৰীয় মানৰ পেছাদীৰ অনুসন্ধানকাৰী সংস্থা৷ ইয়াৰ নিজস্ব এটা উচ্চ প্ৰশিক্ষিত  বাহিনী থকাৰ লগতে বিদেশৰো একাধিক অনুসন্ধানকাৰী সংস্থাৰ সৈতে তেওঁলোকৰ আছে সহযোগিতামূলক অংশীদাৰীত্ব৷ মূলতঃ ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰা আৰু সন্ত্ৰাসবাদৰ সৈতে মোকাবিলা কৰাই নিয়াৰ প্ৰধান উদ্দেশ্য৷ আমাৰ দেশে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন সময়ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে আৰু দেশখনৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদেও জুৰুলা কৰাৰ ইতিহাস আছে৷ এনে প্ৰেক্ষাপটত এই দুই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ নিয়াৰ দৰে উচ্চ প্ৰশিক্ষিত বাহিনী- কাৰিকৰী সুবিধা থকা এটা অনুসন্ধানকাৰী সংস্থাৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে৷ কিন্তু প্ৰাসংগিক প্ৰশ্নটো এয়াই যে নিয়া নামৰ সংস্থাটোৱে নিজৰ ঘোষিত লক্ষ্য- উদ্দেশ্যক সাৰোগত কৰি আগবাঢ়ি যাব পাৰিছে নে? এটকা দুটকাৰ কথা নহয়, নিয়াৰ বাৰ্ষিক বাজেট ১৬ মিলিয়ন আমেৰিকান ডলাৰ৷ ভাৰতীয় টকাৰ হিচাপত ১২০ কোটিতকৈ অধিক টকা হ’ব৷ এই ধন আহে ৰাইজৰ কৰ কাটলৰে৷ উচ্চ প্ৰশিক্ষিত বাহিনী থকা বুলি, শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা বুলি স্বঘোষণা কৰা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বাবে নিজৰ ৱেবছাইটত ঘোষণা কৰানুসৰি সন্ত্ৰাসবাদ সম্পৰ্কীয় তথ্যভাণ্ডাৰ হোৱাকৈ এই বাৰ বছৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে নে?
এই প্ৰশ্নটো বাৰে বাৰে মনলৈ আহিছে কৃষক নেতা অখিল গগৈক দেশদ্ৰোহৰ অভিযোগত নিজৰ জিম্মাত লৈয়ো মূৰকত তেওঁৰ বিৰুদ্ধে অকাট্য সাক্ষ্য প্ৰমাণ জমা দিব নোৱাৰি নিয়াই পুনৰ আদালতৰ শৰণাপন্ন হৈ কৃষক নেতাজনক জিম্মাত ল’বলগীয়া কাৰ্যত৷ আমি অখিল গগৈ ভুল নে শুদ্ধ ক’বলৈ যোৱাৰ কোনো প্ৰয়োজনবোধ কৰা নাই৷ অখিল গগৈৰ বিৰুদ্ধে নিয়াৰ কেছ নম্বৰ হৈছে RC-13/2019/NIA/ GUW ৷ আচলতে গোচৰটো ৰুজু হৈছিল টীয়ক থানাৰ FIR 1688/2019 মৰ্মে৷ সেইদিনা আছিল ১৩ ডিচেম্বৰ ২০১৯৷ উক্ত গোচৰটোৰ আলমতে তাৰ পৰৱৰ্তী দিনা Govt.of India, Ministry of HA ,CTCR Dvn, Order no 11011/62/2019/NIA ৰ আধাৰত নিয়াৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে অখিল গগৈ সম্পৰ্কীয় গোচৰটোৰ ৰুজু কৰি অনুসন্ধান এই পৰ্যন্ত কৰি আছে৷ এইটোৱো নিয়াৰ ৱেবছাইটটোত পোৱা তথ্য৷ কিন্তু আমাৰ বোধগম্য নোহোৱা প্ৰসংগটো হৈছে ১৪ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত যথেষ্ট সময় পায়ো কেনেকৈ অখিল গগৈৰ বিৰুদ্ধে অকাট্য প্ৰমাণ দাখিলত ব্যৰ্থ হৈছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটো? প্ৰশ্ন কেৱল সেইটোৱেই নহয়৷ আৰু আছে৷ যদিহে নিয়াই নিজকে বিগত বাৰ বছৰত দেশত চলি অহা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ তথ্য ভাণ্ডাৰ হিচাপে নিজকে গঢ় দিছিল তেন্তে তেওঁলোকৰ মতে দেশদ্ৰোহী অখিল গগৈৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ২০১৯ চনৰ ১৪ ডিচেম্বৰৰ নিদেৰ্শনাৰ বাবে কিয় বাট চাবলগীয়া হ’ল ? কিয় উচ্চ প্ৰশিক্ষিত, কাৰিকৰীভাৱে সমৃদ্ধ অনুসন্ধান সংস্থাটোৱে অখিল গগৈৰ তথাকথিত দেশদ্ৰোহী কাৰ্যকলাপৰ বিৰুদ্ধে ১৪ ডিচেম্বৰ পূৰ্বে সামান্যতমো সম্ভেদ পাবলৈ সক্ষম হোৱা নাছিল৷ নিয়াক এই প্ৰশ্নৰে সমালোচনা কৰা নাই৷ তেওঁলোকৰ ঘোষিত লক্ষ্য উদ্দেশ্যৰ আধাৰত কেতবোৰ প্ৰসংগহে উনুকিয়াই দিছো৷ কাৰণ একেটা সংস্থাই নিজৰ সম্পৰ্কে তেওঁলোকৰ ৱেবছাইটত উল্লেখ কৰিছে NIA aims at creating deterrence for existing and potential terrorist group/ indviduals.  স্বাভাৱিকতে মনলৈ আহে যদি অখিল গগৈ বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্যান্য বন্দীসকল দেশদ্ৰোহিতাত লিপ্ত তেন্তে বছৰত ১২০ কোটিৰো অধিক টকা খৰচ কৰা নিয়াই একেবাৰেই গম পোৱা নাছিল নে? আকৌ প্ৰশ্ন হয়, ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত অসমৰ কেতবোৰ লোকসভা সমষ্টিত অখিল গগৈয়ে বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ ৰাজহুৱা আহ্বান জনাইছিল৷ নিয়াৰ বয়স তেতিয়া আছিল ৬বছৰ৷ এতিয়া অনুসন্ধানকাৰী সংস্থাটোৱে দেশদ্ৰোহী ব্যক্তিয়ে নিৰ্বাচনত সমৰ্থন জনোৱা সেইসকল বিজেপি প্ৰাৰ্থীৰ সৈতে কি সম্পৰ্ক আছিল তাক অনুসন্ধান প্ৰক্ৰিয়ালৈ আনিব নে? আমি ভাবো- অনাটো উচিত হ’ব৷ কাৰণ নিয়াই গ্ৰেপ্তাৰ কৰা আন এজন কৃষক মুক্তিৰ সদস্য বিতু সোনোৱালে ২০০৯ চনত কৃষক সংগঠনটোত কি ভূমিকা পালন কৰিছিল তাৰো সংস্থাটোৱে খোজ খবৰ কৰিছিল৷ অৱশ্যে অখিল গগৈ সংক্ৰান্ততে নিয়া সম্পৰ্কত এটা কথা ধাৰণা কৰি ল’ব পাৰি যে সংস্থাটো কোনোপধ্যেই স্বায়ত্বশাসিত অনুসন্ধানকাৰী সংস্থা নহয়৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে যেতিয়াই ইচ্ছছা নিয়াক ব্যৱহাৰ কৰিব পাৰে বা নিয়াৰ নিজস্ব সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই৷ কাৰণ অসমৰ এখন থানাত ৰুজু হোৱা এটা গোচৰৰ এদিন পাছতেই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে এটা নিৰ্দেশ দিলে আৰু সেইদিনাই অনুসন্ধানকাৰী সংস্থাটোৱেও সাৰ পালে৷
নিয়াৰ সম্পৰ্কত এনেকৈ চালিজাৰি চাই থাকোতে আৰু কেইটামান বিশেষ তথ্য চকুত পৰিল৷ নিয়াৰ মষ্ট ৱান্টেড এখন তালিকা আছে৷ ‘ৱিকিপেডিয়া’ত প্ৰাপ্ত ৮৩ জনীয়া সেই তালিকাখন ভালদৰে মন কৰোতে দেখিলো তেওঁলোকৰ তালিকাত ইন্টাৰপলে  ৰেড কৰ্ণাৰ নটিছ জাৰি কৰা আলফা স্বাধীনৰ মূৰব্বী পৰেশ বৰুৱা নাম নাই৷ আচৰিত কথা৷ পৰেশ বৰুৱাক তেওঁলোকে সম্ভৱতঃ সন্ত্ৰাসবাদী হিচাপে গণ্য নকৰে৷ [ কোনোবাই ক’ব ৱিকিপেডিয়া এখন অপেন প্লেটফৰ্ম, সম্পাদন কৰি যোগ বিয়োগ কৰি থকা হয়৷ কিন্তু নিয়াৰ দৰে সংস্থা এটাৰ তথ্য পাতি ইন্টাৰনেটত ভুল ভাৱে প্ৰচাৰ হৈ আছে আৰু সেয়া আমাৰ কাৰিকৰীভাৱে সমৃদ্ধ- উচ্চ প্ৰশিক্ষিত বাহিনী থকা সংস্থাটোৰ কাৰোৱেই চকুত পৰা নাই সিও অতি তাৎপৰ্যপূৰ্ণ৷] আমোদজনকভাৱে উত্তৰ পূৱৰ আন এগৰাকী উগ্ৰবাদী নেতা এছ.এছ খাপলাঙ, যি ২০১৭   চনতেই মৃত্যুবৰণ কৰিলে তেওঁৰ নামটো কিন্তু এতিয়াও সংস্থাটোৰ মষ্ট ৱান্টেড লিষ্টত সোমাই আছে৷ হয়তো সেই সম্পৰ্কে নিয়াই গম নাপায় বা কোনোবাই ৱিকিপেডিয়াত শুদ্ধ কৰি দিয়ালৈকে সংস্থাটোৱে বাট চাইছে৷
এইখিনিৰ পাছতো এজন ভাৰতীয় নাগৰিক হিচাপে নিয়া নামৰ সংস্থাটোৰ পৰা আমি কি আশা কৰো? দুটা কথা – প্ৰথমটো হৈছে নিয়াই তেওঁলোকৰ জিম্মাত থকা, গ্ৰেপ্তাৰ কৰা প্ৰতিজন লোকৰে মানৱাধিকাৰ সম্পৰ্কে দেশৰ প্ৰচলিত সংবিধানৰ আধাৰত গুৰুত্ব দিয়াৰ কথা নিজৰ লক্ষ্য উদ্দেশ্যত ব্যক্ত কৰিছে৷ কৃষক মুক্তিৰ নেতাসকলৰ ক্ষেত্ৰত নিয়াই সেইটো কৰিছে বুলি মানি ল’বলৈ অসুবিধা হয়৷ সেইটোত সংস্থাটোৱে সংশোধন হোৱা উচিত৷ দ্বিতীয় কথাটো হৈছে – নিয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ প্ৰভাৱত ভীতি সঞ্চাৰিত কৰা সংস্থালৈ পৰিণত হোৱাৰ পূৰ্বে তেওঁলোকে নিজে ঘোষণা কৰা এই বাক্যটো এবাৰ আওৰোৱা উচিত ঃ To win the confidence of the citizens of India through selfless and fearless endeavours.

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.