সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটীত আৰু ৭ গৰাকী ক’ৰোনা ৰোগী, এজনৰ মৃত্যু

গুৱাহাটীত আজি নতুনকৈ ক’ৰোনাত সংক্ৰমিত হ’ল ৭ জনকৈ লোক৷ ইয়াৰে ৩ জন সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত আছে আৰু ৩ গৰাকী ফাচীবজাৰৰ আলু গুডামৰ সংক্ৰমণৰ লগত জড়িত৷ সৰুসজাইত থকা লোককেইজন বহি:ৰাজ্যৰ পৰা অহা ৷ আন এগৰাকী ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ GMCH ত ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছতহে তেওঁৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰে৷ ইয়াকে লৈ অসমত মুঠ ক’ৰোনা আক্ৰান্ত ব্যক্তিৰ সংখ্যা হ’লগৈ ১১৫ ৷ মৃত্যু হ’ল ৪ গৰাকী ৰোগীৰ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.