সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তৈলক্ষেত্ৰ,দিহিং-পাটকাইকলৈ গৰজি উঠিল এজেৱাইচিপি

শেহতীয়া ভাৱে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে অসমৰ বহু কেইখন তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া আৰু অসম শক্তি বিতৰণ কৰ্পোৰেচন চমুকৈ APDCL ক ব্যক্তিগত কৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক তীব্ৰ গৰিহণা দি বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে সমগ্ৰ দেশ মহামাৰী ক’ৰনাৰ শংকা আৰু লকডাউনৰ সংকটত থকাৰ সময়ত ইয়াৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰ খনে দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহ ব্যক্তিগত কোম্পানীক বিক্ৰী কৰি দেশৰ ৰাজহুৱা সম্পদ নিঃশেষ কৰিব বিছাৰিছে | কেন্দ্ৰীয় চৰকাৰে অসমৰ বহু কেইখন তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীক ইতিমধ্যে গতাই দিয়াৰ লগতে APDCL ৰ দৰে অসমৰ ৰাহুৱা প্ৰতিষ্ঠানকো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক গতাই দিয়াৰ যো-জা কৰিছে | পৰিষদৰ নেতাদ্বয়ে কয় যে প্ৰকৃততে নৰেন্দ্ৰ মোডী চৰকাৰে নিজৰ ভুল আৰ্থিক নিতীৰ বাবে সৃষ্টি হোৱা দেশৰ আৰ্থিক মন্দা অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আৰু নৰেন্দ্ৰ মোডীৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ সতে থকা মিতিৰালিৰ বাবে এটাৰ পিছত এটাকৈ দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহ বিক্ৰী কৰি বৃহৎ ভুল সিদ্ধান্ত হে গ্ৰহণ কৰিছে | পূৰ্বতেও মোডী চৰকাৰে এনেদৰে দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান সমূহ ব্যক্তিগত কোম্পানীক বিক্ৰী কৰাৰ প্ৰয়াস কৰোতে ইয়াৰ তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হব লগা হৈছিল | কিন্ত দেশবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক বিষয় এয়ে যে ক’ৰনা ৰ পৰিপ্ৰেক্ষিতত চলি থকা চৰম সংকটৰ মূহুৰ্তত নৰেন্দ্ৰ মোডী চৰকাৰে গণ প্ৰতিবাদৰ পৰা পৰিত্ৰাণ পাবলৈ সংকটৰ সুযোগ গ্ৰহণ কৰি এনে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে | অন্যহাতে শেহতীয়া ভাৱে চৰকাৰে অসমৰ আমাজন খ্যাত দিহিং পাটকাই অভৰাণ্যত কয়লাৰ মুক্ত খননৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানত অনুমোদন দিয়াৰ সিদ্ধান্তৰো তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে | কয়লাৰ মুক্ত খননে অভয়াৰণ্য খনৰ জৈৱ-বৈচিত্ৰ ধংস কৰাৰ লগতে অভয়াৰণ্য খনৰ সমীপৰ জনজীৱনৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি মন্তব্য কৰে পৰিষদৰ নেতাদ্বয়ে | মোদী চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তই সামগ্ৰিক ভাৱে দেশৰ ৰাজহুৱা সম্পদ সমূহ নিঃশেষ কৰাৰ লগতে বহু হাজাৰ হাজাৰ সংস্থাপনৰ বাট ৰুদ্ধ কৰিব | ইয়াৰ ফলত দেশৰ অৰ্থনৈতিতীত ব্যাপক নেতিবাচক প্ৰভাৱ পৰিব | অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নৰেন্দ্ৰ মোদী চৰকাৰৰ এনে দেশবিৰোধী, জনস্বাৰ্থ বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে | ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক অসমৰ তৈল ক্ষেত্ৰ গতাই দিয়া, APDCL ৰ ব্যক্তিগত কৰণ, আৰু দিহিং পাটকাই অভৰাণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত অনতিবিলম্বে প্ৰত্যাহাৰ কৰিবলৈ পৰিষদে দাবী জনায় | ইফালে অহা ইং 20 মে 2020 তাৰিখে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমৰ প্ৰতিখন জিলা সমিতিয়ে সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ যোগেদি অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়া , APDCL ৰ ব্যক্তিগত কৰণ আৰু দিহিং পাটকাই অভৰাণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব | ইয়াৰ অন্যথা নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰা এনে দেশবিৰোধী আৰু অসমীয়া ৰাইজৰ স্বাৰ্থ বিৰোধী প্ৰতিটো সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰিব বুলি বিবৃতি যোগে সকিয়াই দিয়ে |

Leave A Reply

Your email address will not be published.