সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক।

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বিশেষ বৈঠক। ক’ভিড-১৯ সৃষ্ট পৰিস্থিতি আৰু প্ৰতিষেধকক লৈ আলোচনা ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ত। এই আলোচনাত বহিছে বিশ্বৰ বিভিন্ন দেশ, সংগঠন আৰু ৰাষ্ট্ৰসংঘৰ নেতৃত্ব। ভাৰতত প্ৰতিষেধক বিতৰণৰ অন্যতম প্ৰতিষ্ঠান ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া অদৰ পুনাৱালায়ো বৈঠকত আগবঢ়াব ভাষণ। লগতে বৈঠকত ৫৩ খন দেশৰ মুৰব্বী, ৩৯ খন দেশৰ চৰকাৰৰ মুৰব্বী, ৪ খন দেশৰ উপ-প্ৰধানমন্ত্ৰী আৰু ৩৮ খন দেশৰ মন্ত্ৰীয়ে নিজৰ বক্তব্য আগবঢ়াব।

Leave A Reply

Your email address will not be published.