সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিল্লীৰ প্ৰদূষণ,চৰকাৰৰ নাই নিয়ন্ত্ৰণ !

দেশৰ ৰাজধানী মহানগৰ দিল্লীত ভয়ানকভাৱে বৃদ্ধি পাইছে প্ৰদূষণ। বায়ু প্ৰদূষণৰ ফলত দিল্লীৰ জনতাই ভয়ংকৰ দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে। দেশৰ উচ্চতম ন্যায়াালয়েও প্ৰদূষণক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বৃদ্ধি পোৱা সংঘাত নিয়ন্ত্ৰণ কৰাৰ বাবে ৰায় প্ৰদান কৰিবলৈ বাধ্য হৈছে । উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে জনতাৰ স্বাস্থ্য প্ৰদূষিত বায়ুৰে দুৰ্বিষহ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰেই দায়ী। উচ্চতম ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত কয় যে প্ৰতিবেশী ৰাজ্য পাঞ্জাৱ,হাৰিয়ানা,উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত প্ৰতি বছৰে শীত কালত শস্য পথাৰৰ আৱৰ্জনাবোৰ জ্বলাই দিয়াৰ ফলত দিল্লীৰ বায়ু প্ৰদূষিত হৈ পৰে । ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দি কয় ‘ আমি এইবোৰ বন্ধ হোৱাটো বিচাৰোঁ । আমি নাজানো আপোনালোকে কেনেকৈ কি উপায়েৰে এইবোৰ বন্ধ কৰে ৷এইটো আপোনালোকৰ দায়িত্ব। কিন্তু এইটো যিকোনো উপায়েৰে বন্ধ হ’বই লাগিব৷ইয়াৰ বাবে তৎকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰক !’ন্যায়ালয়ে দিল্লী চৰকাৰক ইয়াৰ বাবে জগৰীয়া কৰে।’ দিল্লী চৰকাৰ ইয়াৰ বাবে দায়ী৷এতিয়াও দিল্লীত বহুতবোৰ প্ৰদূষণ সৃষ্টি কৰা বাছ চলি আছে।’ন্যায়াধীশ এছ কে কৌল আৰু ন্যায়াধীশ শুধাংশু ধুলীয়াৰ বিচাৰপীঠে ৰাজ্য চৰকাৰক এই কঠোৰ সকীয়নি প্ৰদান কৰে।তদুপৰি কেন্দ্ৰীয় চৰকাৰক উত্তৰ প্ৰদেশ,হাৰিয়ানা,পাঞ্জাৱ আৰু দিল্লী চৰকাৰৰ লগত এই সম্পৰ্কত বৈঠকত বহাৰ আহ্বান জনায় ন্যায়ালয়ে।
উল্লেখ্য যে দিল্লীৰ জলবায়ু প্ৰদূষণ সম্পৰ্কত অধিবক্তা অপৰাজিতা সিঙে এক জনস্বাৰ্থ জড়িত আৱেদন দাখিল কৰিছিল। তেওঁ ন্যায়ালয়ৰ আৱেদনত জনাইছিল যে পঞ্জাৱত নষ্ট হোৱা শস্যবোৰ পথাৰতে জ্বলাই দিয়াৰ বাবে দিল্লীৰ প্ৰদূষণ ক্ৰমান্বয়ে নিয়ন্ত্ৰণহীন হৈ পৰিছে।আনহাতে, জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়নেও দিল্লীৰ প্ৰদূষণ সম্পৰ্কত আৱেদন জনাইছিল আৰু ২০১৭ চনৰ পৰা এই বিষয়ত কেইবাটাও নিৰ্দেশ দি আহিছে যদিও কাৰ্যতঃ ই কামত অহা নাই বুলি উল্লেখ কৰে অধিবক্তাগৰাকীয়ে৷। ন্যায়ালয়ে পঞ্জাব চৰকাৰক সেই ধানৰ বিকল্প আন শস্য পথাৰত ৰোপন কৰাৰো পৰামৰ্শ দিছে।উল্লেখ্য যে দিল্লীত ব্যাপক হাৰত প্ৰদূষণ বৃদ্ধি পাইছে।দিল্লীৰ আম আদমি পাৰ্টীৰ চৰকাৰে ইয়াৰ আগতে দিল্লীৰ প্ৰদূষণৰ বাবে পঞ্জাব আৰু হাৰিয়ানাৰ বিৰোধী দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। বৰ্তমান দিল্লী আৰু পঞ্জাব দুয়োখন ৰাজ্যতেই একেটা দলৰে চৰকাৰ থকাৰ বাবে সমস্যাত পৰিছে আপ।দিল্লীৰ পৰিবেশ দপ্তৰৰ মন্ত্ৰী গোপাল ৰায়ে কয় যে বিজেপিয়ে পঞ্জাব চৰকাৰক মিছাকৈয়ে দোষাৰোপ কৰিছে কিয়নো হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ চৰকাৰে ডিজেল চালিত পুৰণি বাছবোৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিব পৰা নাই।আনহাতে,দিল্লীৰ বিজেপি সভাপতি বীৰেন্দ্ৰ চচদেৱাই কয় যে কেবল নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰি চমক সৃষ্টিৰ বাবেহে আপ চৰকাৰে মৌলিক আৰু যৌগিক সংখ্যাৰ গাড়ী চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল।আনহাতে,কৃষকসকলৰ হাততো আন কোনো বিকল্প নাই ।নিজৰ কৃষিপথাৰবোৰ পৰিস্কাৰ কৰি নতুন শস্য ৰোপণৰ বাবে এই সময়তেই তেওঁলোকে পথাৰবোৰ পৰিস্কাৰ কৰিবলগীয়া হয়৷জ্বলোৱাৰ পৰিবৰ্তে কোনো অত্যাধুনিক যন্ত্ৰপাতিৰে এই শুকান আবৰ্জনাসমূহ পৰিস্কাৰ কৰিব পাৰি যদিও ইয়াৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন হয়।গতিকে দিল্লীৰ সীমামূৰীয়া ৰাজ্য কেইখনৰ কৃষকৰ নিজৰ পথাৰৰ আৱৰ্জনাবোৰ জ্বলাই দিয়াৰ বাহিৰে আন কোনো উপায় নাই।

Leave A Reply

Your email address will not be published.